Logo
image

২৫০ কোটি টকা ব্যয়েৰে টিংখাঙত নিৰ্মাণ হ'ব চিৰিয়াখানা

ডিজিটেল সংবাদ, টিংখাং : গুৱাহাটীৰ পিছত ডিব্ৰুগড়ৰ টিংখাঙত নিৰ্মাণ হ'ব চিৰিয়াখানা ৷ ২৫০ কোটি টকা ব্যয়েৰে টিংখাঙত নিৰ্মাণ হ’ব চিৰিয়াখানা৷ টিংখাঙত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ 

জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা লৈ শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত বিকাশৰ বাবে এটা পষেক শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি  মুখ্যমন্ত্ৰী ড° শৰ্মাই কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত ৯৭৩.৩৮ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 

টিংখাং, নাহৰকটীয়া, লাহোৱাল আৰু দুলীয়াজানত মিনি ষ্টেডিয়াম, মৰাণত গ্ৰাম্য ক্ৰীড়া প্ৰকল্প, ডিব্ৰুগড় আৰু লাহোৱালত চৰকাৰী আই টি আইৰ লগতে লাহোৱালৰ চৰকাৰী পলিটেকনিকৰ উন্নীতকৰণ, ডিব্ৰুগড়ৰ এইচ এছ কানৈ মহাবিদ্যালয়ত অত্যাধুনিক বাতানুকূল প্ৰেক্ষাগৃহ, দুলীয়াজানত আই টি আই স্থাপন, টিপাম হৈ ভাদৈ পাচআলি-জয়পুৰ খুনছা পথৰ উন্নীতকৰণ, মৰাণ-নাহৰকটীয়া পথ বহলকৈ নিৰ্মাণ, মোহনাঘাটৰ পৰা মহমাৰী পথাৰলৈ পথ নিৰ্মাণ, মহমাৰী পথাৰৰ পৰা মধুপুৰলৈ আৰু অকলেণ্ডৰ পৰা মাইজান চাহ বাগিচালৈ পথৰে সৈতে মথাউৰি নিৰ্মাণ, মাধৱপুৰ-টিপলিং ৰেলৱে ক্ৰ’ছিঙত উৰণ সেতু, দুলীয়াজানৰ খেমেৰিয়া আৰু লাহোৱালৰ বেলবাৰী তিনিআলিৰ লগতে জাপিসঁজীয়াত বিদ্যুৎ উপকেন্দ্ৰ নিৰ্মাণ আৰু দিনজান সেনা শিবিৰত বান সুৰক্ষাৰ কামৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

তদুপৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দন্ত চিকিৎসা মহাবিদ্যালয়, টিংখাঙত লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলো, ডিব্ৰুগড়ত জল জীৱন মিছনৰ অধীনত ২৪টা পাইপেৰে পানী যোগান আঁচনি আৰু ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ প্ৰকল্প সুবিধা কেন্দ্ৰ আৰু অতিথিশালাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজিৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত, বিমল বড়া,  বিধায়কসকল ক্ৰমে প্ৰশান্ত ফুকন, তৰংগ গগৈ, টেৰছ গোৱালা আৰু চক্ৰধৰ গগৈকে ধৰি অন্যান্যসকল উপস্থিত থাকে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীলৈ আগতীয়াকৈ বৰদিন , ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ নৱবৰ্ষ আৰু ভোগালী বিহুৰ আনন্দ-উল্লাসত মদ্যপান কৰি গাড়ী নচলাবলৈ অসমৰ ৰাইজলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷