Logo
image

দিল্লীত নহয়, এইবাৰ অসমত এচিড আক্ৰমণ : দিব্যা সিঙক খেদি খেদি এচিডেৰে আক্ৰমণ বাৎসু ক'ৰৰ

ডিজিটেল সংবাদ, ঢেকীয়াজুলি : এচিড আক্ৰমণৰ দৰে ভয়ংকৰ ঘটনা সাধাৰণতে দিল্লী নাইবা আন ৰাজ্যত শুনিবলৈ পোৱা গৈছিল যদিও শেহতীয়াকৈ অসমতো এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ এই এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ঢেকীয়াজুলিত৷ ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ ৰাক্ষসমাৰীত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা৷

বাৎসু ক'ৰ নামৰ‌ এজন যুৱকৰ এচিড আক্ৰমণৰ বলি হ'ল দিব্যা সিং নামৰ এগৰাকী যুৱতী৷ কামৰ পৰা আহি থকা অৱস্থাত দিব্যা সিঙক এচিডেৰে আক্ৰমণ কৰে যুৱকজনে৷ এচিড আক্ৰমণৰ ফলত যুৱতীগৰাকীৰ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ বৰ্তমান যুৱতীগৰাকী তেজপুৰৰ এখন ব্যক্তিগত নাৰ্চিং হোমৰ আই.চি.ইউত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷

আক্ৰমণকাৰী বাৎসু ক'ৰ আৰু ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ ঢেকীয়াজুলিৰ নিকটৱৰ্তী অঞ্চল ৰাক্ষসমাৰীত। এই ঘটনাৰ পিছতে ঢেকীয়াজুলি আৰক্ষী থানাত এচিড আক্ৰমণকাৰী যুৱকগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ এই ঘটনাৰ পিছতে উত্তাল হৈ পৰে ঢেকীয়াজুলিৰ ৰাক্ষসমাৰী৷ শ শ মহিলা আৰু একাংশ দল-সংগঠনে আক্ৰমণকাৰীৰ ঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ দোষীক কঠোৰ শাস্তিৰ দাবী তুলিলে প্ৰতিবাদী ৰাইজে ৷ আনহাতে বাৎসু ক'ৰক ফাঁচীৰ দাবী জনালে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। কি কাৰণত দিব্যা সিঙক বাৎসু ক'ৰে এচিডেৰে আক্ৰমণ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত  আৰম্ভ কৰিছে ঢেকীয়াজুলি আৰক্ষীয়ে ৷