Logo
image

প্ৰতি ইউনিটত এটকাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ যো-জা

আমাৰ অসম, ৩ জানুৱাৰী: এপিডিচিএলৰ প্ৰস্তাৱমৰ্মে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে পুনৰ প্ৰতি ইউনিট বিদ্যুৎ মাচুল ১ টকাকৈ বৃদ্ধিত চূড়ান্ত মোহৰ লগোৱাৰ যো-জা চলাইছে৷ বিদ্যুৎ নিয়ামক এক সূত্ৰই জনোৱা মতে এপিডিচিএলে সৰ্বমুঠ ১৩৬৮.৪১ কোটি টকাৰ ৰাজহ লোকচান দেখুৱাই প্ৰতি ইউনিটত ১.৮০ টকাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ওপৰত আবেদন কৰিছিল৷ আয়োগে সকলো দিশ চালিজাৰি চাই প্ৰতি ইউনিট বিদ্যুৎ মাচুল ১ টকা বৃদ্ধিৰ বাবে সন্মত হৈছে৷ সমান্তৰালভাৱে আয়োগে ২১ জানুৱাৰী পৰ্যন্ত এপিডিচিএলৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ সন্দৰ্ভত ৰাজহুৱা অভিযোগ গ্ৰহণ কৰাৰো ঘোষণা কৰিছে৷ অৱশ্যে এয়া মাত্ৰ আনুষ্ঠানিকতাহে হ’ব৷ যদিহে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে পুনৰ ১ টকা বিদ্যুৎ মাচুল বৃদ্ধিত সন্মতি জনায় তেন্তে ৫ কিলোৱাটৰ তলৰ গ্ৰাহকৰ ক্ষেত্ৰত বৰ্তমানৰ ৫.৩১ পইচা প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৬.৩১ পইচালৈ বৃদ্ধি পাব৷ ১২১ ইউনিটৰ পৰা ২৪০ ইউনিটলৈ বিদ্যুৎ মাচুল ৬.৬০ টকাৰ পৰা ৭.৬০ টকালৈ বৃদ্ধি পাব৷ আনহাতে, ২৪১ ইউনিটৰ ওপৰৰ প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৭.৬০ টকাৰ পৰা ৮.৬০ পইচালৈ বৃদ্ধি হ’ব৷ একেদৰে কৃষি শ্ৰেণীৰ ২৫ কিলোৱাটলৈ বিদ্যুৎ বিল ৭.২০ টকাৰ পৰা ৮.২০ টকালৈ বৃদ্ধি পাব৷ লক্ষণীয় যে ৰাজহ ঘাটি দেখুৱাই ২০২২ বৰ্ষৰ ২২ মাৰ্চত প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৩০ পইচা বৃদ্ধি কৰিছিল এপিডিচিএলে৷ পুনৰ ডিচেম্বৰৰ পৰা ৭৯ পইচা বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছিল যদিও ব্যাপক হুলস্থূল হোৱাত এপিডিচিএলে সেই নিৰ্দেশ সাময়িকভাৱে বাতিল কৰি পুনৰ প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৩০ পইচাকৈ গোপনে বঢ়োৱা বুলি অভিযোগ উঠিছিল৷ এইবাৰ যদিহে পুনৰ এপিডিচিএলৰ প্ৰস্তাৱমৰ্মে বিদ্যুৎ নিয়ামক আয়োগে ১ টকা বিদ্যুৎ মাচুল বৃদ্ধিৰ অনুমোদন জনায় তেন্তে পুনৰ বিদ্যুৎ গ্ৰাহকে সৰিয়হ ফুল দেখাটো নিশ্চিত হৈ পৰিছে৷ এক কথাত ক’বলৈ গ’লে বিদ্যুৎ গ্ৰাহকৰ বাবে দুপৰতে নামি আহিব অন্ধকাৰ৷