Logo
image

দেশত নিবনুৱাৰ হাৰ ৮.৩ শতাংশলৈ বৃদ্ধি

আমাৰ অসম, ৩ জানুৱাৰী: দেশত নিবনুৱাৰ হাৰ সম্প্ৰতি বিগত ১৬ মাহৰ ভিতৰত সৰ্বাধিক হৈছে৷ উপদেষ্টা সংস্থা ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি’য়ে প্ৰকাশ কৰা তথ্য অনুসৰি ডিচেম্বৰত দেশৰ নিবনুৱাৰ হাৰ ৮.৩ শতাংশলৈ বৃদ্ধি হৈছে৷ এয়া বিগত ১৬ মাহৰ ভিতৰত সৰ্বাধিক৷ কেৱল চহৰ অঞ্চলত ডিচেম্বৰত নিবনুৱাৰ হাৰ ১০ শতাংশ আৰু গ্ৰামাঞ্চলত ৭.৪৪ শতাংশলৈ বৃদ্ধি পাইছে৷ ৰাজ্য হিচাপে সৰ্বাধিক নিবনুৱাৰ হাৰ হাৰিয়ানাত৷ হাৰিয়ানাৰ নিবনুৱাৰ হাৰ হৈছে ৩৭.৪ শতাংশ৷ যোৱা ছেপ্টেম্বৰত দেশৰ নিবনুৱাৰ হাৰ আছিল ৬.৪৩ শতাংশ৷ নৱেম্বৰত সেই হাৰ ৮ শতাংশলৈ বৃদ্ধি পায়৷ নিবনুৱাৰ হাৰ বৃদ্ধিৰ দিশত হাৰিয়ানাৰ পিছত স্থান পাইছে ক্ৰমে দিল্লী (২০.৮ শতাংশ), বিহাৰ (১৯.১ শতাংশ) আৰু ঝাৰখণ্ড (১৮ শতাংশ)৷