Logo
image

ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়লৈ 'নাক'ৰ A গ্ৰেড

ডিজিটেল সংবাদ, পুৰণিগুদাম : নগাওঁ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ে নাকৰ তৃতীয় পৰ্যায়ৰ সদ্যঘোষিত মূল্যায়নত 'এ' গ্ৰেড পাবলৈ সক্ষম হৈছে৷ ২০২২ বৰ্ষৰ ২৭ আৰু ২৮ তাৰিখে হোৱা মূল্যায়নৰ ফলাফল আজি নাকৰ ৱেবছাইটত উপলব্ধ হৈছে৷ 

১৯৬৭ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনে ক্ৰমাগতভাৱে ২০০৪ আৰু ২০১১ চনত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মূল্যায়ন সফলতাৰে সম্পূৰ্ণ কৰে৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মহাবিদ্যালয়ত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন, আন্ত:গাঁথনি উনয়ন, গৱেষণা, সম্প্ৰসাৰণ কাৰ্যসূচীৰ চকুত লগা বিৱৰ্তন ঘটাই তৃতীয় পৰ্যায়ৰ মূল্যায়নত 'এ' গ্ৰেড পাবলৈ সক্ষম হোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷