Logo
image

৩৭ দিনৰ পাছত সুস্থ হৈ হাস্পতাল এৰিলে আনন্দই

আমাৰ অসম, ৪ জানুৱাৰী:  অৱশেষত ৩৭ দিনৰ চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা ডিছাৰ্জ পালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাই৷ দুটাকৈ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত চিকিৎসালয় কতৃৰ্পক্ষই সোমবাৰে মেধাৱী ছাত্ৰ আনন্দ শৰ্মাক ছুটী প্ৰদান কৰে৷ ২৬ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত একাংশ ছুপাৰ ছিনিয়ৰে সংঘটিত কৰা  ৰেগিঙৰ বলি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনন্দ শৰ্মাক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা সুদীৰ্ঘ এমাহৰ পাছত চিকিৎসালয়ৰ পৰিৱেশৰ পৰা আৰোগ্য ভৱনৰ বিশেষ কক্ষলৈ স্থানান্তৰ কৰা হয়৷ আৰোগ্য ভৱন হাস্পতালৰ এক বিশেষ আছুতীয়া কক্ষত ঘৰুৱা পৰিৱেশত চিকিৎসা গ্ৰহণ কৰিব পৰাকৈ বিশেষ সুবিধা প্ৰদান কৰা হৈছে ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাক৷ সম্প্ৰতি সামান্য সুস্থ হৈ উঠা আনন্দ শৰ্মাক আৰোগ্য ভৱনৰ বিশেষ কোঠাটোৰ পৰাই আদিত্য নাৰ্ছিং হোমত নিয়মীয়া ফিজিঅ’থেৰাপিৰ লগতে আনুষংগিক চিকিৎসা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে৷ আনহাতে, ৯ জানুৱাৰীত আনন্দ শৰ্মাৰ হাতৰ ৰ’ড খোলা হ’ব৷ পৰিয়ালৰ লোকে লগতে জানিবলৈ দিয়া মতে, আনন্দ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও মানসিকভাৱে এতিয়াও অসুস্থ৷ সম্পূৰ্ণৰূপে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই আনন্দ শৰ্মা৷ সম্পৰ্ণৰূপে আৰোগ্য লাভ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব৷ আনকি ভয়াৱহ ৰেগিঙৰ ঘটনা মনলৈ আহিলে এতিয়াও আতংকিত হৈ পৰে আনন্দ শৰ্মা৷ যাৰ বাবে পৰিয়ালৰ লোকে ঘৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ উল্লেখ্য যে,২৬ নৱেম্বৰতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়াৱহ ৰেগিঙৰ ঘটনাৰ পাছত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মা৷ আনহাতে, এই ঘটনাৰে জড়িত অপৰাধত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰ কাৰগাৰত থকাৰ লগতে কেইবাজনকো হোষ্টেলৰ পৰা বহিষ্কাৰ আৰু আন কেইবাজনকো বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷

ৰেগিঙত কেনেদৰে জড়িত আছিল সাধাৰণ সম্পাদক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত যোৱা ২৬ নৱেম্বৰত সংঘটিত ভয়ংকৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা৷ ইতিমধ্যে বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটীয়ে উজ্জ্বল অংকুৰ বৰাক বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ কিন্তু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব গ্ৰহণ কৰা এজন ছাত্ৰ প্ৰতিনিধিয়ে ৰেগিঙৰ ঘটনাত জড়িত থকাৰ অভিযোগ পোৱাৰ পাছতো বিশ্ববিদ্যালয় কতৃৰ্পক্ষই লঘু শাস্তি প্ৰদান কৰাৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনন্দ শৰ্মাৰ পৰিয়ালে ‘আমাৰ অসম’ক জানিবলৈ দিয়া মতে, ২৬ নৱেম্বৰত সংঘটিত ৰেগিঙৰ সময়ত ‘চি’ ব্লকৰ কোঠাটোত উপস্থিত আছে উজ্জ্বল অংকুৰ বৰাসহ আন এজন স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি৷ ছুপাৰ ছিনিয়ৰে ৰেগিং চলোৱাৰ সময়ত চকীত বহি আনন্দ শৰ্মাৰ মোবাইল ফোনটো চাই আছিল উজ্জ্বলে৷ প্ৰায় দুঘণ্টা ধৰি ছুপাৰ ছিনিয়ৰে আনন্দ শৰ্মাক ৰেগিঙৰ নামত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ সময়ত দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছিল৷ এজন নিৰ্বাচিত ছাত্ৰ প্ৰতিনিধি হোৱাৰ পাছতো ৰেগিঙৰ প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে সহযোগিতাহে আগবঢ়াইছিল উজ্জ্বল অংকুৰ বৰাই৷ এই অভিযোগ খোদ আনন্দ শৰ্মাৰ ভাষ্যৰ ভিত্তিত ‘আমাৰ অসম’ৰ আগত প্ৰকাশ কৰিছে আনন্দৰ ভগ্নীয়ে৷ কিন্তু ইয়াৰ পাছতো উজ্জ্বলৰ প্ৰতি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে লোৱা নৰম স্থিতিক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ এইপৰ্যন্ত উজ্জ্বলক বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ পৰাহে বহিস্কৃত কৰা হৈছে৷ ৰেগিঙৰ দৰে ভয়ংকৰ ঘটনাত পৰোক্ষভাৱে হ’লেও জড়িত ছাত্ৰ প্ৰতিনিধিজনক যিধৰণে তেওঁৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিব লাগিছিল কিন্তু সেয়া আজিকোপতি কৰা নাই বিশ্ববিদ্যালয় প্ৰশাসনে৷ যাৰ বাবে এতিয়া এই সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত আছে৷