Logo
image

নৱবৰ্ষত ন্যায় পাবনে কৃষকে

২০২০ চনে মেলানি মাগিলে৷ ৰোগগ্ৰস্ততাৰে আৰম্ভ হোৱা বছৰটো কৃষক আন্দোলনেৰে শেষ হ’ল৷ এই মুহূৰ্তত সেইসকল অন্নদাতাই ন্যায়ৰ বাবে হাহাকাৰ কৰিবলগা হৈছে; সেয়ে মানুহৰ মাজত প্ৰশ্ন উঠিছে– কি কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰে নতুন কৃষি আইন প্ৰণয়ন কৰিবলগা হ’ল? চৰকাৰলৈ আহিবলৈ বিজেপিয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেইবোৰ প্ৰতিশ্ৰুতিততো এইবোৰ আইনৰ কথা নাছিল৷ আছিল কৃষকৰ আয় দুগুণ কৰা, কৃষি ঋণ মাফ কৰা, কৃষি সঁজুলি সুলভ কৰা, ৰেহাই মূল্যত কৃষকক বিদ্যুৎ-পানী যোগান ধৰা, ক’লা বেপাৰী, মধ্যভোগীৰ পৰা কৃষকক পৰিত্ৰাণ দি চৰকাৰীভাৱে কৃষকৰ উৎপাদন ক্ৰয় কৰা, নূ্যনতম সমৰ্থন মূল্য বৃদ্ধি কৰি কৃষকৰ জীৱন ধাৰণৰ মান উন্নত কৰা আদি প্ৰতিশ্ৰুতিহে আছিল৷ কিন্তু কি কাৰণে চৰকাৰে কৃষিক্ষেত্ৰখন বহুজাতিক কোম্পানী, পুঁজিপতি মধ্যভোগীৰ হাতত অপৰ্ণ কৰাৰ ব্যৱস্থা কৰিলে? পুঁজিপতি কপৰ্’ৰেটৰ এজেণ্ট হিচাপে কৃষকৰ নাম লৈ আইন কৰিলে৷ দেশৰ কোটি কোটি কৃষকে ইয়াৰ বিৰোধিতা কৰিছে, দিনৰ পাছত দিন চৰকাৰৰ মুখলৈ চাই ৰ’দ-বৰষুণ নেওচি, হাড. কঁপোৱা শীতকো হেলাৰঙে সহ্য কৰি দাবী উত্থাপন কৰিছে, আন্দোলনত দৈনিক কৃষক শ্বহীদ হৈছে৷ ইমানৰ পাছতো চৰকাৰে কিয় কৃষকৰ কথা শুনিবলৈ ইচ্চা কৰা নাই? আচলতে লাহে লাহে কথাবোৰ স্পষ্ট হ’বলৈ ধৰিছে৷ এইকেইখন আইন কৃষকৰ স্বাৰ্থত যে অনা নাই সেই কথা চৰকাৰৰ ব্যৱহাৰেই তেওঁলোকৰ গোপন এজেণ্ডাৰ কথা প্ৰকাশ কৰিছে৷ যদি কৃষকৰ ভালৰ কাৰণেই আইন আনিছিল, তেন্তে কৃষকে নিবিচৰা আইন চৰকাৰেও প্ৰত্যাহাৰ কৰিব লাগিছিল৷ কিন্তু কথাটো ইমান সহজ নহয়৷ আচলতে আমাৰ দেশখন যদিও এখন সাবৰ্ভৌম ৰাষ্ট্ৰ বুলি কোৱা যায়, প্ৰকৃতাৰ্থত কিন্তু এই সাবৰ্ভৌমত্ব কেতিয়াবাই বিশ্ব বেংক বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ [আই এম এফ] ওচৰত বন্ধকত থ’লে৷ সেয়ে হয়তো ভাৰত চৰকাৰে ধন ধাৰ লোৱা আই এম এফে ক’লে যে ভাৰত চৰকাৰে তিনিটা ক্ষেত্ৰত সংস্কাৰ সাধন কৰিলেহে পৰৱৰ্তী সময়ত ঋণ দিয়া হ’ব৷ এই ক্ষেত্ৰ তিনিটা হ’ল– ক] ভূমি সংস্কাৰ, খ] কৃষি সংস্কাৰ আৰু গ] শ্ৰম আইন সংশোধন৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে শ্ৰম আইন সংশোধন কৰি পুঁজিপতি প্ৰতিষ্ঠানবোৰে শ্ৰমিকক কৰা শোষণক আইনগত কৰিলে আৰু বাৰ ঘণ্টাপৰ্যন্ত শ্ৰম কৰিবলৈ শ্ৰমিকক বাধ্য কৰাব পৰা আইন আনিলে৷ এতিয়া কৃষকৰ পাল, যাতে কৃষিক্ষেত্ৰখন কৃষকৰ হাতৰ পৰা সম্পূৰ্ণৰূপে কপৰ্’ৰেটৰ হাতলৈ যায়, তাৰ বাবে এইকেইখন আইনে সহায় কৰিব৷ সেয়ে চৰকাৰে বাৰে বাৰে বুজাবলৈ যত্ন কৰিছে যে আইন কৃষকৰ হিতৰ বাবেহে, কিন্তু কিৰূপে হিত সাধিব তাক ব্যাখ্যা কৰিব পৰা নাই৷ যদিও চৰকাৰে কৃষি বজাৰৰ পৰা মধ্যভোগী আঁতৰ হ’ব বুলি কৈছে, সেই কথাত কৃষক আশ্বস্ত হ’ব পৰা নাই৷ কৃষকে ভালকৈয়ে বুজিছে যে চৰকাৰে আই এম এফৰ চৰ্ত মানি কৃষিত যাতে পুঁজিপতিৰ প্ৰত্যক্ষ বিনিয়োগ বাঢে., আৰু কৃষকসকলে যাতে লাহে লাহে নিজৰ ভূমি আৰু শ্ৰম কপৰ্’ৰেটৰ ওচৰত সমপৰ্ণ কৰে, তাৰ বাবেই এই ব্যৱস্থা গঢি. তোলা হৈছে৷ সেয়ে কৃষকসকলে কৈছে– এই আইনৰ দ্বাৰা আচলতে কৃষকসকল শ্ৰম শোষণৰ বলি হ’ব আৰু একো একোজন কৃষক পুঁজিপতিৰ দাসত পৰিণত হৈ কাম কৰিব লাগিব৷ ইতিমধ্যে এই কথা বহুচৰ্চিত যে আমাৰ দেশত কৃষকৰ অৱস্থাই আটাইতকৈ দুখজনক৷ আচলতে যিখন দেশৰ অৰ্ধেক জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল, সেইখন দেশত কৃষকক অৱহেলা কৰাৰ বাবেই দেশখন আগবাঢি. যাব পৰা নাই৷ এফালে প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কয় আৰু আনফালে কৃষিক পৰনিৰ্ভৰশীল কৰিবলৈ আইন প্ৰণয়ন কৰে৷ ইয়েই আচলতে মুখাৰ আঁৰৰ মুখবোৰৰ পৰিচয় দাঙি ধৰে৷ এফালে প্ৰায় ৫০ কোটি মানুহৰ উপাৰ্জন পুতৌজনক, আনফালে মাত্ৰ ১.৫ লাখ মানুহ জড়িত কৃষিভিত্তিক উদে্যাগসমূহৰ আৰ্থিক অৱস্থা দেখিলে চকু কপালত উঠে৷

আমাৰ দেশত বৃহৎ স্তৰত কাম কৰা কৃষি কোম্পানী আছে ১২টা, মজলীয়া কোম্পানী আছে ৬৯টা আৰু ক্ষুদ্ৰ কোম্পানী আছে ২৬০টা৷ বীজ আৰু সাৰৰ ক্ষেত্ৰখনত কাম কৰা কোম্পানী আছে– ডাঙৰ ২১টা, মজলীয়া ২১০টা, সৰু ৬৮০টা, ট্ৰেক্টৰ আৰু আন কৃষি সঁজুলিৰ লগত যুক্ত কোম্পানী আছে ১৭৫টা, ফচল বীমা কৰা কোম্পানী আছে ১২টা, ইয়াৰ এটাহে মাত্ৰ ভাৰত চৰকাৰৰ৷ বাকীবোৰ ব্যক্তিগত কোম্পানী৷ যিখন কৃষিক্ষেত্ৰৰ লগত জড়িত কৃষকৰ আৰ্থিক অৱস্থা পুতৌজনক, কিন্তু সেই কৃষককে ট্ৰেক্টৰ বিক্ৰী কৰি, সাৰ বিক্ৰী কৰি বা বীজ বিক্ৰী কৰি কোম্পানীবোৰ কেনেদৰে কোটিপতি বা আৰৱপতি হৈছে? জে কে এগ্ৰিকালচাৰ কোম্পানীৰ বাৰ্ষিক উপাৰ্জন ১৯২ কোটি, এছ পি চি বায়’ছায়েঞ্চ কোম্পানীৰ ৪১৪ কোটি, ৰঘুবংশ এগ্ৰ’ ফাৰ্মাৰ্ছৰ ৪৩৬ কোটি, কাবেৰী ছীড কোম্পানীৰ [বীজৰ] ৮০৮ কোটি টকা৷ নাব বায়’জেমছৰ ২৬৮ কোটি টকা৷ এইকেইটা মাত্ৰ কেইটামান উদাহৰণহে৷ এনেদৰে কোটিপতি বৃহৎ গোষ্ঠীৰ হাতত যাতে কৃষিক্ষেত্ৰখন সম্পূৰ্ণৰূপে নিৰ্ভৰ হৈ পৰে, তাৰ বাবেই মোদী চৰকাৰৰ এই অভিলাসী আইন প্ৰণয়নৰ প্ৰতিযোগিতা৷ সেয়ে নতুন বছৰৰ আৰম্ভণিতে দেশখনৰ স্বাভিমান, কৃষকৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবেই এই তিনিখন আইন প্ৰত্যাহাৰৰ দাবীক সমৰ্থন কৰা বা চৰকাৰক বাধ্য কৰাটো জৰুৰী হৈ পৰিছে৷ এনে সফলতাই নতুন বৰ্ষই কঢ়িয়াই আনক সকলোৰে বাবে৷