Logo
image

কমতাপুৰ-ৰহস্য গাঢ় কৰি তুলিলে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ২১ জানুৱাৰী:  পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে সুদীৰ্ঘ সময় সশস্ত্ৰ সংগ্ৰাম চলাই অৱশেষত শান্তি আলোচনাৰ মেজলৈ অহা কে এল অৰ মুৰব্বী জীবন সিংহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে কেতিয়া আলোচনাৰ মেজত বহিব? পশ্চিম অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ দল সংগঠন সমূহে ২৬ জানুৱাৰীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্য গঠনৰ সিদ্ধান্ত ঘোষণা কৰিব বুলি যথেষ্ট আশা কৰি আছে যদিও প্ৰকৃততে কমতাপুৰলৈ যেন এতিয়াও বহু দূৰ৷ বিশেষকৈ জীবন সিংহ আলোচনাৰ মেজলৈ অহাৰ ক্ষেত্ৰত অন্যতম   ভূমিকা গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এক ভাষ্যই কমতাপুৰ গঠনৰ সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নতুন দিল্লীত জীবন সিংহৰ আগমন সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছিল–‘বৰ্তমান তেখেত আহিছে৷ জিৰণী ল’ব৷ লাহেকৈ চৰকাৰৰ লগত আলোচনা আৰম্ভ কৰিব৷ ২৬ জানুৱাৰী বা ১৫ আগষ্ট সন্মুখত ৰাখি কিবা এটা ঘোষণা কৰি দিয়া ধৰণৰ বস্তু নহয় এইটো৷ তেওঁ মূল সূতিলৈ উভতি অহাটোৱে ডাঙৰ খবৰ৷ কিছুদিনলৈ সেইটোৱে ডাঙৰ খবৰ হৈ থাকিব৷’ মুখ্যমন্ত্ৰীৰ এই ভাষ্যই কমতাপুৰ গঠনৰ সমগ্ৰ বিষয়টো আকৌ এবাৰ ৰহস্যময় কৰি তোলে৷ লক্ষণীয়ভাৱে কমতাপুৰ, কে এল অ আৰু জীবন সিংহক কেন্দ্ৰ কৰি অসমৰ সংবাদ মাধ্যমত যিমান বাতৰি প্ৰকাশ পাই আছে বা সংবাদ মাধ্যমে যিমান গুৰুত্ব দিছে, তাৰ তুলনাত পশ্চিমবংগৰ সংবাদ মাধ্যমত এই সন্দৰ্ভত কোনো ধৰণৰ চৰ্চাই নাই৷ কমতাপুৰক কেন্দ্ৰ কৰি বংগৰ সংবাদ মাধ্যমত নাই কোনো ধৰণৰ উৎসুকতা৷ আনকি বংগৰ দল-সংগঠন সমূহেও এই ক্ষেত্ৰত নিৰুদ্বেগ-নিৰুত্তাপ হৈ আছে৷ অথচ পশ্চিমবংগৰ এক বৃহৎ অঞ্চল প্ৰস্তাবিত কমতাপুৰৰ অংশ হোৱাটো বিচাৰিছে জীবন সিংহ আৰু কে এল অই৷ বিজেপি দল আৰু কেন্দ্ৰৰ মোদী চৰকাৰেও মমতা বেনাৰ্জীৰ বিৰুদ্ধে বংগত খোপতি পোতাৰ ক্ষেত্ৰত অন্যতম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে কমতাপুৰ আৰু জীবন সিংহক৷ আজিৰ তাৰিখত মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগত জীবন সিংহ হ’ল বিজেপিৰ বাবে অন্যতম ট্ৰাম্প কাৰ্ড৷ এই ট্ৰাম্প কাৰ্ডৰ আলমতে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ বংগত খোপনি পোতাৰ ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰিছে৷ শুকুৰবাৰে সমগ্ৰ দিনটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু ৰ’ৰ শীৰ্ষ আমোলাই নতুন দিল্লীত থকা কে এল অৰ একাংশ বিষয়ববীয়াৰে কেবালানি বৈঠকত মিলিত হয়৷ অৱশ্যে এই বৈঠক সমূহত জীবন সিং উপস্থিত নাছিল৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰৰ মতে নিয়ম অনুসৰি পোন প্ৰথমে কেন্দ্ৰীয় চৰকাৰ আৰু কে এল অৰ মাজত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰিত হ’ব৷ ইয়াৰ পিছৰ পৰ্যায়ত কে এল আই অস্ত্ৰ সম্বৰণ কৰিব লাগিব৷ অস্ত্ৰসম্বৰণৰ সময়ত কে এল অই আনুষ্ঠানিকভাৱে নিজৰ কেডাৰৰ হিচাপ আৰু অস্ত্ৰ-শস্ত্ৰ চৰকাৰৰ ওচৰত জমা দিব লাগিব৷ ইয়াৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে আলোচনাৰ খচৰা প্ৰস্তুত হ’ব৷ এই খচৰা চূড়ান্ত হোৱাৰ পিছতহে কেন্দ্ৰীয় ৰাজ্য আৰু কে এল অৰ মাজত এখোজ দুখোজকৈ শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ সূত্ৰটোৰ মতে নাগালিমৰ চুক্তিৰ আৰ্হিতে আগবাঢ়িব কমতাপুৰ চুক্তিৰ প্ৰক্ৰিয়া৷ সেয়ে সমগ্ৰ প্ৰক্ৰিয়াত প্ৰয়োজন হ’ব দীঘলীয়া সময়ৰ৷ আনহাতে কে এল অৰ প্ৰস্তাবিত কমতাপুৰৰ সৈতে তিনিখন ৰাজ্যৰ ভৱিষ্যত জড়িত হৈ আছে৷ এই তিনিখন ৰাজ্যখণ্ডিত কৰিব লাগিব কে এল অৰ প্ৰস্তাবিত কমতাপুৰ গঠন কৰিবলৈ হ’লে৷ ই এক জটিল সাংবিধানিক প্ৰক্ৰিয়া৷ এই ক্ষেত্ৰত অসম, পশ্চিমবংগ আৰু বিহাৰ চৰকাৰৰো অনুমতিৰ প্ৰয়োজন হ’ব৷ ইয়াৰ বাবেও প্ৰয়োজন হ’ব যথেষ্ট সময়ৰ৷ লক্ষণীয়ভাৱে পশ্চিম অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা একাংশ দল সংগঠন অসমৰ পৰা ফালৰি কাটি কমতাপুৰ গঠনৰ ক্ষেত্ৰত যিদৰে মুকলি সমৰ্থন জনাই আছে সেই দাবীয়ে শেহতীয়াভাবে যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ কোচ ৰাজবংশীসকলক অসমীয়া নহয় বুলি কোৱা কথাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷