Logo
image

২ আৰক্ষী বিষয়াক ৭ লাখ টকা জৰিমনা

ডিজিটেল ডেস্ক:  এনকাউণ্টাৰ কৰি বিপদত এইবাৰ অসম আৰক্ষী৷ জিম্মাত থকা এজন অভিযুক্তক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাৰ অপৰাধত দৰং জিলাৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তক মৃতকৰ পৰিয়ালক ৭ লাখ টকা ক্ষতি পূৰণ দিয়াৰ নিৰ্দেশ দিছে ৰাজ্যিক মানৱ আধিকাৰ আয়োগে৷ অসম মানৱ অধিকাৰ আয়োগে ভুৱা  এনকাউণ্টাৰৰ গোচৰটোত আৰক্ষী বিষয়াদ্বয়ৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰু মৃতকৰ পত্নীক ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে৷  দৰং জিলাৰ আৰক্ষী অধীক্ষকে প্ৰদান কৰা তথ্যৰ ভিত্তিত এএইচআৰচিয়ে এটা নিজাববীয়া গোচৰ পঞ্জীয়ণ কৰি ভুৱা এনকাউণ্টাৰ ঘটনাটোৰ তদন্ত কৰিছিল৷ অভিযোগ অনুসৰি খাৰুপেটীয়া আৰক্ষীয়ে এটা গোচৰত আশা বাবু নামৰ লোকজনক ২০২১ চনৰ ১০ আগষ্টত গ্ৰেপ্তাৰ কৰে৷ নিশা অভিযুক্তজনক লগত লৈ খাৰুপেটীয়া আৰক্ষীয়ে দলগাঁৱৰ ধনশিৰি ঘাটলৈ লৈ যায়৷ কিন্তু নদীৰ পাৰতে লুকুৱাই থোৱা অস্ত্ৰৰ সন্ধান দিয়া চলেৰে অভিযুক্তজনে আৰক্ষীলৈ গুলী কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী কৰাৰ ফলত আশা বাবুৰ মৃত্যু হোৱা বুলি তদন্তকাৰী আৰক্ষীয়ে সেই সময়ত দাবী কৰিছিল৷ গুলীবিদ্ধ অভিযুক্তজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে৷  এই ঘটনাত হোম গাৰ্ডৰ এজন জোৱানো আহত হোৱা বুলি প্ৰকাশ কৰিছিল৷ অৱশ্যে উক্ত ভুৱা এনকাউণ্টাৰক লৈ মৃত আশা বাবুৰ পত্নী মনোৱাৰা বেগমে ৰাজ্যিক মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰি আৰক্ষীয়ে পৰিকল্পিতভাৱে স্বামী আশা বাবুক হত্যা কৰা বুলি দাবী কৰে৷ গোচৰটোৰ সন্দৰ্ভত সকলো পক্ষৰ তথ্য-প্ৰমাণ পৰীক্ষা কৰি অৱশেষত মানৱ অধিকাৰ আয়োগে আশা বাবুক তদন্তকাৰী আৰক্ষী বিষয়াদ্বয়ে ভুৱা এনকাউণ্টাৰত হত্যা কৰা বুলি ৰায় প্ৰদান কৰিছে৷ এই সন্দৰ্ভত খাৰুপেটীয়া থানাৰ অ’চি অভিজিৎ কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগীজনৰ পত্নীক সাত লাভ টকাৰ ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে৷