Logo
image

বিক্ষোভ-প্ৰতিবাদৰ মাজতে এইপৰ্যন্ত ২,৪৪২জন আটক : জে’লত ঠাইৰ অভাৱ, খোলা হৈছে ডিটেন্‌শ্বন কেম্পৰ দুৱাৰ

আমাৰ অসম, ৭ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে বাল্য বিবাহৰ অপৰাধত জড়িতসকলৰ বিৰুদ্ধে অভিযান চলাই এতিয়া বিমোৰত পৰিবলগীয়া হৈছে৷ কিয়নো বাল্য বিবাহৰ ২-৩ বছৰীয়া পুৰণি গোচৰতো বিভিন্নজন বে-আইনী স্বামী তথা অভিভাৱক, পূজাৰী আৰু কাজীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও ধৃত লোকসকলক কাৰাগাৰত ৰাখিবলৈ এতিয়া ঠাইৰ অভাৱে দেখা দিছে৷ স্বাভাৱিকতেই অভিযুক্ত বে-আইনী স্বামীসকলক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত জে’ললৈ প্ৰেৰণ কৰিছে যদিও কাৰাগাৰত ৰাখিবলৈ পৰ্যাপ্ত ঠাই নথকাত ভয়ংকৰ সমস্যাত পৰিছে জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা কাৰাধ্যক্ষসকলো৷ কিয়নো বিগত ৪ দিন ধৰি অসম আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত এই পৰ্যন্ত  ২,৪৪২জন লোকক গ্ৰেপ্তাৰ কৰিছে৷ ইয়াৰ ভিতৰত ২,৩৬৪ জন পুৰুষ আৰু ৭৮গৰাকী মহিলাও আছে৷ প্ৰতিখন জিলাতেই গড়ে প্ৰায় ১০০জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হৈছে আৰক্ষীয়ে৷ 

স্বাভাৱিকতেই এতিয়া একে দিনাই অভিলেখ সংখ্যক হাৰত কাৰাবন্দীৰ সংখ্যা বৃদ্ধি পোৱাত এইসকল বে-আইনী স্বামীক ৰাখিবলৈ গৈ সমস্যাত পৰিছে জিলা কাৰাগাৰসমূহ৷ কিয়নো বৰ্তমান ৰাজ্যৰ প্ৰায় সমূহ কাৰাগাৰেই নিৰ্দিষ্ট সংখ্যাতকৈ অধিক বন্দী ৰাখিবলগীয়া হৈছে৷ তাৰ মাজতে ২৪ ঘণ্টাৰ ভিতৰতে শ শ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰাত স্বাভাৱিকভাৱেই কাৰাগাৰসমূহে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে৷ যাৰ বাবে বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাসকলক ৰখাৰ বাবে গোৱালপাৰাৰ মটিয়াত স্থাপন কৰা ট্ৰেনজিট কেম্পৰ দুৱাৰ খুলি দিয়া হৈছে৷ ৩ হাজাৰ সন্দেহজনক বিদেশী তথা ঘোষিত বিদেশীক ৰখাৰ বাবে ট্ৰেনজিত কেম্পটোৰ নিৰ্মাণ কৰা হৈছিল যদিও বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ শ অবৈধ স্বামীক এতিয়া আদালতৰ নিৰ্দেশত ট্ৰেনজিত কেম্পত ৰখাৰ ব্যৱস্থা কৰিছে৷ কেৱল গোৱালপাৰা জিলাৰ গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলেই নহয়, সমীপৱৰ্তী নলবাৰী, কামৰূপ, ধুবুৰীৰ লগতে নামনি অসমৰ কেইবাখনো জিলাৰ প্ৰায় ৪ শতাধিক বে-আইনী স্বামীৰ এতিয়া ঠিকনা হৈ পৰিছে গোৱালপাৰাৰ ট্ৰেনজিত কেম্প৷ ইফালে নলবাৰী জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৮৫জন অভিযুক্তক গোৱালপাৰা ট্ৰেনজিত কেম্পলৈ স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে৷ আনহাতে একে দিনাই ৬৬ জন বে-আইনী স্বামীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাত নৱনিৰ্মিত চৰাইদেউ জিলা কাৰাগাৰতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু নিৰ্মাণ সম্পূৰ্ণ নোহোৱা কাৰাগাৰটোত বন্দীৰ বাবে শীতৰ কাপোৰকে ধৰি বাথৰূমৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিবলৈ সমস্যাত পৰিছে কাৰাগাৰ কতৃৰ্পক্ষ৷

অস্থায়ী কাৰাগাৰলৈ ৰূপান্তৰ গোৱালপাৰাৰ ট্ৰেনজিট কেম্প
বাল্যবিবাহৰ লগত জড়িত অভিযুক্তসকলৰ নতুন ঠিকনা গোৱালপাৰা জিলাৰ মাটিয়াস্থ ট্ৰেনজিট কেম্প৷ এছিয়াৰ সৰ্ববৃহৎ ট্ৰেনজিট কেম্পটো বাল্যবিবাহৰ লগত জড়িত অভিযুক্তৰে ভৰি পৰিছে৷  ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বাল্যবিবাহৰ অভিযুক্তক গোৱালপাৰাৰ ট্ৰেনজিট কেম্পলৈ স্থানান্তৰ কৰা হৈছে৷ উল্লেখ্য যে, জিলাই জিলাই থকা জে’লসমূহত ঠাইৰ অভাৱ হোৱাত গোৱালপাৰাৰ মাটিয়াৰ ট্ৰেনজিট কেম্পটোক ৰাজ্যৰ গৃহ বিভাগে অস্থায়ী কাৰাগাৰ হিচাপে ঘোষণা কৰি বাল্যবিবাহৰ লগত জড়িতসকলক তালৈ স্থানান্তৰ কৰি আছে৷ ইতিমধ্যে ধুবুৰী, কামৰূপ, নলবাৰী তথা নামনি অসমৰ প্ৰায়সংখ্যক জিলাৰ বাল্যবিবাহৰ লগত জড়িত অভিযুক্তসকলক নিশাৰ ভাগত বাছেৰে আনি অস্থায়ী কাৰাগাৰখনত ৰাখিছে৷ ইতিমধ্যে চাৰি শতাধিক অভিযুক্তক অস্থায়ী কাৰাগাৰখনলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এইক্ষেত্ৰত সঠিক তথ্য দিয়াৰ পৰা বিৰত আছে অস্থায়ী কাৰাগাৰ কতৃৰ্পক্ষ৷ অভিযুক্তসকলক নিজ নিজ জিলাৰ আদালতত হাজিৰ কৰাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অতি গোপনীয়ভাৱে নিশাৰ ভাগত স্থানান্তৰ কৰি থকা হৈছে৷ ইতিমধ্যে অভিযুক্তকাৰীসকলৰ পত্নী, সন্তান তথা আত্মীয়ই অস্থায়ী কাৰাগাৰখনৰ সন্মুখত ভিৰ কৰা দেখা গৈছে৷ অৱশ্যে অভিযুক্তৰ আত্মীয়ই ভিৰ কৰিলেও অভিযুক্তক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই৷ ইয়াৰ বিপৰীতে আত্মীয়ই লৈ যোৱা ঠাণ্ডাৰ কাপোৰ কানি তন্ন তন্ন কৰি পৰীক্ষা কৰি আৰক্ষীৰ জৰিয়তে অভিযুক্তক অৰ্পণ কৰা হৈছে৷ উল্লেখ্য যে, তিনি হাজাৰ কয়েদীক ৰখাৰ বাবে গোৱালপাৰা জিলাৰ পশ্চিম মাটিয়াৰ ২২ বিঘা মাটিত ৪৬ কোটি টকা ব্যয়েৰে এছিয়াৰ বৃহত্তম ডিটেনচন কেম্প নিৰ্মাণ কৰা হৈছিল৷ অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ অধীনত ২০১৮চনৰ ৫ ডিচেম্বৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে৷ অত্যাধুনিক সা-সুবিধা উপলব্ধ হোৱাকৈ ডিটেনচন কেম্পটো নিৰ্মাণৰ কৰাৰ পাছত ইয়াক ট্ৰেনজিট কেম্প হিচাপে ঘোষণা কৰা হৈছিল৷ মুঠ তিনি হাজাৰ লোকক ৰাখিবলৈ নিৰ্মাণ কৰা ট্ৰেনজিট কেম্পটোত মুঠ ১৫টা অট্টালিকা নিৰ্মাণ কৰা হৈছে৷ ইয়াৰে প্ৰতিটো শিবিৰত দুশকৈ লোকক ৰখাৰ ব্যৱস্থা কৰিছে৷ ১৫টা অত্যাধুনিক সা-সুবিধা উপলব্ধ অট্টালিকাৰ ভিতৰত দুটা মহিলাৰ বাবে আছুতীয়াকৈ নিৰ্মাণ কৰা হৈছে৷ ইপিনে ট্ৰেনজিট কেম্পত থকা লোকসকলৰ বাবে চিকিৎসালয়, বিদ্যালয়, বিনোদন কেন্দ্ৰ, অত্যাধুনিক ভোজনালয়কে আদি কৰি সকলো সা-সুবিধা আছে৷