Logo
image

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান; ড্ৰাগছসহ তিনিজনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ গোসাঁইগাঁও মহকুমা আৰক্ষীয়ে অভিযান চলাই  ড্ৰাগছসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অসম বংগ সীমান্তত আৰক্ষীৰ  অভিযানত গ্ৰেপ্তাৰ হয় যুৱক তিনিজন।গোসাঁইগাঁও থানাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা  অভিযান চলাই জাৰাগুৰিৰ পৰা  তিনিজন যুৱকক আটক কৰে। যুৱক কেইজনক আটক কৰাৰ পিছত সোধা পোছা কৰাত সন্দেহৰ সৃষ্টি হয়। পিছত সিহঁতৰ লগত থকা চাৰি চকীয়া বিলাসী বাহনৰ ভিতৰত তালাচী চলাই আৰক্ষীয়ে।তালাচী চলোৱাৰ পিছত গাড়ীৰ পৰা ৪ গ্ৰাম ড্ৰাগছ ভৰ্তি তিনিটা কনটেইনাৰ উদ্ধাৰ কৰে।ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰি গোসাঁইগাঁও থানালৈ নিয়া হয়। ধৃত  যুৱক তিনিজন হৈছে গোসাঁইগাঁও মহকুমাৰ  ২ নম্বৰ শিমূলটাপুৰ আশাচান হাবিদ (২১),বালি মাৰি গাঁৱৰ কংকন নাৰ্জাৰী(২১) আৰু ফুলকুমাৰী গাঁৱৰ ৰেওৰূপ ব্ৰহ্ম (১৮)। সিহঁতৰ পৰা এএচ১৬যে - ৬৫২৮ নম্বৰৰ বেলেন' গাড়ী জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য় যে, এটা চক্ৰই দীৰ্ঘদিন ধৰি গোসাঁইগাঁও, গকুলকাটা, শ্ৰীৰামপুৰ, শিমূলটাপু, ভমৰাবিল আদি কৰি বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছে।