Logo
image

ভেলেণ্টাইন দে'ৰ দিনাই দিনাই উদযাপন হ'ব 'গৰু আলিংগন দিৱস'

ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীত৷ প্ৰেমিক যুগলৰ বাবে এটি বিশেষ দিন৷ এই দিনটো ভেলেণ্টাইন দে হিচাপে উদযাপন কৰি অহা হৈছে৷ কিন্তু এতিয়াৰে পৰা ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন দে'ৰ দিনাই উদযাপন হ'ব 'গৰু আলিংগন দিৱস'৷

ভেলেণ্টাইন দে'ৰ দিনাই গৰু আলিংগন দিৱস হিচাপে উদযাপন কৰিবলৈ ঘোষণা কৰিছে ভাৰতীয় পশু কল্যাণ পৰিষদে৷ ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিত গোধন যে মেৰুদণ্ড স্বৰূপ সেই কথা ভৱিষ্যৎ প্ৰজন্মক বুজাবৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷ গৰু প্ৰেমীয়ে গো-মাতাৰ গুৰুত্বৰ কথা মনত ৰাখি আৰু জীৱনক সুখী আৰু ইতিবাচক শক্তিৰে পৰিপূৰ্ণ কৰি ১৪ ফেব্ৰুৱাৰী দিনটো 'গৰু আলিংগন দিৱস' হিচাপে উদযাপন কৰিবলৈ আহ্বান জনাইছে পশু কল্যাণ পৰিষদে৷