Logo
image

মাৰ্ঘেৰিটাত আৰক্ষী-আলফা(স্বা)ৰ সংঘৰ্ষঃ আৰক্ষীৰ গুলীত নিহত উদয় অসম

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱতি নিশা মাৰ্ঘেৰিটাত আৰক্ষী আৰু আলফা(স্বাঃ)ৰ মাজত সংঘৰ্ষ সৃষ্টি হয়। এই সংঘৰ্ষত আলফাৰ এজন দুৰ্ধৰ্ষ সদস্য় নিহত হয় | প্রাপ্ত তথ্য অনুসৰি অসম -অৰুণাচল প্রদেশৰ সীমান্তৰ টিককৰ  মালো পাহাৰ এলেকাত আলফা স্বাধীনৰ এটা দলে বাহৰ পাতি থকাৰ তথ্য  আৰক্ষীয়ে লাভ কৰে |  গোপন সূত্রৰ ভিত্তিত আৰক্ষীয়ে  কালি মাজ নিশাৰ পৰা অভিযান চলায় | আৰক্ষী আৰু আলফা দলৰ মাজত প্রচণ্ড গুলীয়াগুলী চলে |  আৰক্ষীৰ অভিযানত এজন আলফা সদস্য়  নিহত হয় |  আৰক্ষীয়ে পোৱা তথ্য অনুসৰি যোৱা ৮-১০ দিনৰ পৰা মাৰ্ঘেৰিটা আৰু লেখাপানী  আৰক্ষী থানা  এলেকাত আশ্ৰয় লৈ আছিল আলফাৰ  ৭/৯  জনীয়া এটা দল । তিনিচুকীয়া জিলাৰ এজন প্ৰভাৱশালী ব্যৱসায়ীক অপহৰণ কৰাৰ পৰিকল্পনা কৰাৰ  লগতে আৰক্ষী বিষাক  আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰাৰ তথ্য লাভ কৰাৰ পাছতে  আৰক্ষীয়ে এই অভিযান চলায় |

নিহত আলফা সদস্য় জন উদয় অসম (উত্তম লাহন) |উদয়ৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি জবকা গাঁৱত বুলি জানিব পৰা গৈছে | উল্লেখ্য যে বৰ্তমানেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।অভিযানত আৰক্ষীয়ে কিছু সা-সামগ্ৰীৰ লগতে জব্দ কৰিছে এটা ৰাইফল  আৰু ২ টা গ্ৰেনেড।