Logo
image

দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক পঢ়ুওৱাৰ দায়িত্ব ল’লে আছুৱে

আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীৰ কাষত থিয় দিলে সদৌ অসম ছাত্ৰ সন্থা৷ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীৰ শিক্ষাৰ দায়িত্বৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰিলে ছাত্ৰ সন্থাই৷ বৃহস্পতিবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত ২০২৩ চনৰ ‘স্বভাৱ শিল্পী’ অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত এই কথা ঘোষণা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ প্ৰতিষ্ঠাপক সদস্য ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ 

তেওঁ কয়– অৰ্থৰ অভাৱত যাতে কোনো দুখীয়া মেধাৱী শিক্ষাৰ্থীয়ে উচ্ছশিক্ষা লাভৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে আমি ন্যাসৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছো৷ আমি মেধাৱী শিক্ষাৰ্থীক শিক্ষাৰ বাবে অৰ্থনৈতিক সকাহ দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছো৷ আমাৰ সৈতে ইতিমধ্যে বহু দুখীয়া মেধাৱী শিক্ষাৰ্থীয়ে যোগাযোগ কৰিছে৷ আমাৰ সহায়ত বহু দুখীয়া শিক্ষাৰ্থীয়ে উচ্ছশিক্ষা গ্ৰহণ কৰি আছে৷ বহুকেইজনে শিক্ষা সমাপ্ত কৰি প্ৰতিষ্ঠা লাভ কৰাৰ দিশত আগবাঢ়িছে৷  আমাৰ আৰ্থিক সহায়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰি প্ৰতিষ্ঠা হোৱাৰ দিশে আগবাঢ়িছে এগৰাকী দুখীয়া মেধাৱী শিক্ষাৰ্থী৷ তেওঁ প্ৰতিষ্ঠিত হ’লে এইখন মঞ্চতে আমি সম্বৰ্ধনা জনাম৷ লগতে তেওঁ প্ৰতিষ্ঠা লাভ কৰাৰ পাছত আন এজন দুখীয়া মেধাৱী শিক্ষাৰ্থীক পঢ়োৱাৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰিম৷ আমি বিচাৰিছো অৰ্থনৈতিক অভাৱ যাতে কোনো দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে হেঙাৰ স্বৰূপ হৈ নপৰক৷ সকলো দুখীয়া মেধাৱী শিক্ষাৰ্থীয়ে উচ্ছ শিক্ষা গ্ৰহণ কৰি সমাজত প্ৰতিষ্ঠিত নাগৰিক হৈ সমাজলৈ সেৱা আগবঢ়োৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰক৷ উচ্ছ শিক্ষাৰে পোহৰেৰে সকলোৱে উজ্বলি উঠক সেয়াই আমাৰ কাম্য৷’