Logo
image

সাহিত্যিক-সাংবাদিক কনকসেন ডেকালৈ যুৱ সাংবাদিক সন্থাৰ বিশেষ সন্মানঃ পৰাগমণি আদিত্যলৈ সংবাদ শিৰোমণি, সূৰজ দত্তলৈ বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা

ডিজিটেল সংবাদ, গুৱাহাটীঃ আগতে বাতৰি কাকতৰ প্ৰতিটো শব্দই মানুহে সঁচা বুলি ভাবিছিল, কিন্তু আজিকালি নাভাবে৷ বিগত তিনিটা দশক ধৰি মূল্যবোধৰ আমূল পৰিৱৰ্তন হৈছে৷ আজিৰ পৰা ত্ৰিশ বছৰ আগতে ৰাজনীতিয়েই হওঁক অথবা সাহিত্য, সংস্কৃতি, সাংবাদিকতাত যিটো মূল্যবোধ আছিল, আজি সেইটো হেৰাই গ'ল, সস্তীয়া হৈ গৈছে- এই ভাষ্য বিশিষ্ট সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাৰ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত যুৱ সাংবাদিক সন্থা অসমৰ প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সংগঠনটোৰ তৰফৰ পৰা আগবঢ়োৱা বিশেষ সন্মান গ্ৰহণ কৰি ডেকাই লগতে কয় যে এতিয়া সাহিত্যয়েই হওঁক, অন্যান্য ক্ষেত্ৰতে হওঁক মূল্যবোধৰ আমূল পৰিৱৰ্তন ঘটিছে৷ তেওঁ লগতে তিনিদশকৰ আগৰ সাহিত্য, সমাজনীতি, ৰাজনীতি, সাংবাদিকতাৰ মূল্যবোধ ওভতাই আনিবলৈ, মানুহৰ মাজত বিশ্বাসযোগ্যতা কেনেকৈ প্ৰতিপন্ন কৰিব পাৰি তাৰে চেষ্টা কৰিবলৈ সকলোকে আহ্বান জনায়। ভাষণৰ মাজতে তেওঁ সন্মান প্ৰদানৰ বাবে যুৱ সাংবাদিক সন্থা অসমক ধন্যবাদ জনায় আৰু সমাজৰ বাবে সকলোকে সমিলমিলেৰে কাম কৰি যাবলৈ আহ্বান জনায়৷ 

যুৱ সাংবাদিক সন্থা অসমে সংগঠনটোৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট সাংবাদিক কনক সেন ডেকাক সংগঠনটোৰ ‘বিশেষ সন্মান’ প্ৰদান কৰাৰ উপৰিও এন কে টিভিৰ পৰিচালন সম্পাদক, জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক ‘সংবাদ শিৰোমণি সন্মান’ আৰু নিউজ লাইভৰ ডিব্ৰুগড়ৰ ব্যুৰ' সূৰজ দত্তলৈ ‘বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা সন্মান’ প্ৰদান কৰে৷ তিনিওজনকে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, চেলেং চাদৰ, ফুলাম জাপি, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ 

বঁটা গ্ৰহণ কৰি পৰাগমনি আদিত্য আৰু সূৰজ দত্তই সংগঠনটোক ধন্যবাদ জনোৱাৰ লগতে এনেধৰণৰ সন্মানে আগন্তুক দিনত কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে বুলি উল্লেখ কৰে৷ প্ৰাঞ্জল হাজৰিকাই আঁতধৰা সভাখনত আৰম্ভণিতে এটা বৰগীত পৰিবেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী আশ্বাস আয়ুস্মানে৷ সন্থাৰ সাধাৰণ সম্পাদক কাঞ্চন জ্যোতি গোহাঁইয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই কয়- "৩৪ বছৰীয়া সাংবাদিকতাত বহু ঘাট-প্ৰতিঘাত দেখিছো৷ বিগত ৩৪ বছৰৰ আমাৰ যদি সাংবাদিকতা ক্ষেত্ৰখন চাওঁ উগ্ৰ-জাতীয়তাবাদ, সহস্ৰ সংগ্ৰাম, বন্ধ, প্ৰতিবাদ যথেষ্ট হৈছে৷ কিন্তু এনে পৰিস্থিতিয়ে আমাৰ জাতিটোক ভাষাটোক শক্তিশালী ৰূপত গঢ়িব নোৱাৰে৷ শক্তিশালী ৰূপত গঢ়িবলৈ হ'লে জাতি-ভাষাৰ কাৰণে আমাক ভাৱনা লাগিব, কাম কৰি যোৱাৰ ইচ্ছা লাগিব৷ কনক সেন ডেকা ছাৰে নতুন প্ৰজন্মক যি বাট দেখুৱাইছে সেয়া খৰটকীয়া হওঁক তাৰেই কামনা কৰিছোঁ৷"

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট উপন্যাসিক ৰীতা চৌধুৰীয়ে কয়- "সমাজ পৰিৱৰ্তনৰ ভূমিকা সাংবাদিকসকলৰ ওপৰত আছে৷ যিসকল সাংবাদিকে সমাজলৈ অৱদান আগবঢ়াইছে তেওঁলোকলৈ ধন্যবাদ থাকিল৷ বাতৰি কাকত, সামাজিক মাধ্যমৰেৰে বহু বাৰ্তা বিলোৱা হয় কিন্তু সমাজলৈ ইতিবাচক বাৰ্তা বিলোৱাতো খুব কঠিন কাম৷ কিয়নো দেখা যায় বেছিভাগ নেতিবাচক বাৰ্তাই প্ৰচলন বেছিকৈ হয়৷ সমাজত যি ঘটি থাকে সেই বাৰ্তাটো শুদ্ধ ৰূপত বিলোৱাতো সকলোৰে কেৱল দায়িত্বয়েই নহয়, কৰ্তব্যও৷ কেতিয়াবা দেখা যায় সংবাদ মাধ্যম, সামাজিক মাধ্যম আদিত মানুহক নষ্ট কৰি দিবলৈ চলে৷ মই ভাবোঁ যিসকলে ভাল কাম কৰিব খোজে তেওঁলোকক উৎসাহ যোগাব লাগে৷" তেওঁ লগতে কয় যে সহজ পথ ল'বলৈ গৈ বহু কবি, সাহিত্যিক, সাংবাদিকে পথ হেৰুৱাইছে৷ আজিৰ যুৱচামক সৎ পথৰে আগবঢ়াই নিয়াৰ দৰকাৰ৷ যুৱ সাংবাদিক সকলোলৈ অনুৰোধ জনাই তেওঁ লগতে কয় যে তেওঁলোকে অগ্ৰজসকলক সন্মান কৰক৷ 

সভাত মটক স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, জনপ্ৰিয় কন্ঠশিল্পী ড° মৌচুমী চহৰীয়াইয়ো ভাষণ প্ৰদান কৰে৷ সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইকে কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি চন্দন দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সম্পাদক কাঞ্চন জ্যোতি গোহাঁইয়ে৷