Logo
image

বিবিচিক ভাৰতত নিষিদ্ধ কৰাৰ দাবী

ডিজিটেল ডেস্কঃ  এয়া যেন হনুমানে বিশল্যকৰণী বিচাৰি নাপাই গোটেই গন্ধমাদন পৰ্বতটোকে দাঙি অনাৰ দৰে কথা৷ নৰেন্দ্ৰ মোদীৰ শাসনকালত দুই দশৰ পূৰ্বে গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ তথ্যচিত্ৰ তৈয়াৰ কৰাৰ বাবে হিন্দুত্ববাদী সংগঠনে সমগ্ৰ ভাৰতত বিবিচিৰ দৰে বিশ্বখ্যাত সংবাদ প্ৰতিষ্ঠানক নিষিদ্ধ কৰাৰ বাবে উচ্ছতম ন্যায়ালয়ত জনোৱা দাবীক এনেদৰেই তুলনা কৰা হৈছে৷ পিছে উচ্ছতম ন্যায়ালয়ে এই দাবী তেনেই অপ্ৰাসংগিক বুলি আবেদনখনকে খাৰিজ কৰিছে৷ শুকুৰবাৰে এই আবেদন খাৰিজ কৰি উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ খান্না আৰু এন এন সুন্দেৰ্শৰ  বিচাৰপীঠে কয়, এখন তথ্যচিত্ৰই কিদৰে এখন দেশক প্ৰভাৱিত কৰিব পাৰে? এই তথ্যচিত্ৰখনত লৈ আবেদনকাৰীয়ে ভ্ৰান্ত ধাৰণা পোষণ কৰিছে৷ উল্লেখ্য গোড়া হিন্দুত্ববাদী সংগঠন হিন্দু সেনাৰ সভাপতি বিষ্ণু গুপ্তই উচ্ছতম ন্যায়ালয়ত এই আবেদন জনাইছিল৷ তেওঁ কৈছিল যে বিবিচিয়ে গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষক লৈ যিখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে আৰু নৰেন্দ্ৰ মোদীৰ ভূমিকা সম্পৰ্কে যি চিত্ৰায়ন কৰিছে সেই বিষয়টোৱে ভাৰতত কু-প্ৰভাৱ পেলাব৷ সেয়ে এনে তথ্যচিত্ৰ নিৰ্মাণ কৰা সম্পূৰ্ণ সংবাদ প্ৰতিষ্ঠানটো অৰ্থাৎ বিবিচিক ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হওক৷ বিবিচিৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰি উচ্ছতম ন্যায়ালয়ে সেই সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণ কৰক৷ বিষ্ণু গুপ্তৰ হৈ উচ্ছতম ন্যায়ালয়ত এই আবেদনখন দাখিল কৰিছিল অধিবক্তা বৰুণ কুমাৰ সিংহই৷ তেওঁৰ মতে ইচ্ছাকৃতভাৱে ভাৰতৰ ভাৱমূৰ্তি কালিমালিপ্ত কৰাৰ উদ্দেশ্যেই বিবিচিয়ে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে৷ আবেদনত তেওঁ আনকি এনআইএৰ দ্বাৰা তদন্ত কৰোৱাৰো দাবী জনাইছিল৷ কিয়নো বিষ্ণু গুপ্তৰ ধাৰণা, এই তথ্যচিত্ৰ নিৰ্মাণৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে৷ পিছে উচ্ছতম ন্যায়ালয়ে তেওঁলোকৰ আবেদন পোনপটীয়াকৈ নাকচ কৰে৷ 

উল্লেখ্য নৰেন্দ্ৰ মোদী চৰকাৰে বিবিচিয়ে দুটা খণ্ডত নিৰ্মাণ কৰা এই তথ্যচিত্ৰখন ইতিমধ্যে ভাৰতত নিষিদ্ধ কৰিছে৷ তদুপৰি টুইটাৰ, ইউ টিউবকে ধৰি যি যি ছ’চিয়েল মিডিয়াত এই তথ্যচিত্ৰখন পোৱা গৈছিল সেয়া ভাৰতত নিষিদ্ধ কৰা হৈছে৷ ছ’চিয়েল মিডিয়াৰ পৰা ইয়াৰ সকলো লিংক, মন্তব্য মোহাৰি পেলোৱা হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ আমোলাৰ মতে এই তথ্যচিত্ৰখনৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্ৰিটিছৰ ঔপনিৱেশিক মানসিকতা ফুটি উঠিছে৷ ব্ৰিটিছে ভাৰত ত্যাগ কৰাৰ ৭৫ বছৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ ঔপনিৱেশিক মানসিকতা অব্যাহত থকা বুলি কেন্দ্ৰীয় চৰকাৰে মন্তব্য কৰিছে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে কিয় আৰু কি পৰিপ্ৰেক্ষিতত এই তথ্যচিত্ৰখন ভাৰতত নিষিদ্ধ কৰিলে তাৰ উত্তৰ বিচাৰি ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, প্ৰখ্যাত সাংবাদিক এন ৰাম, অধিবক্তা প্ৰশান্ত ভূষণ আৰু অধিবক্তা এম এল শৰ্মাই পৃথকে উচ্ছতম ন্যায়ালয়ত দুখন আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ প্ৰত্যুত্তৰত উচ্ছতম ন্যায়ালয়ে নিষিদ্ধকৰণ সন্দৰ্ভত গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তৰ খচৰা আদালতত দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে৷ কিন্তু এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক তিনি সপ্তাহৰ সময় কিয় দিলে সেয়াহে বোধগম্য নহ’ল বুলি আবেদনকাৰীয়ে মন্তব্য কৰিছে৷