Logo
image

ৰাজ্যত ৩,৮৮১টা পুৰণি পক্‌ছ’ গোচৰ অমীমাংসিত

ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে বাল্য বিবাহৰ গোচৰত বৰ্তমানলৈ প্ৰায় ৩ সহস্ৰাধিক বে-আইনী স্বামীক গ্ৰেপ্তাৰ কৰি পক্‌ছ’ আইনৰ কঠোৰ ধাৰা আৰোপ কৰিছে৷ বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা বে-আইনী স্বামীৰ বিৰুদ্ধে শিশু যৌন নিৰ্যাতন প্ৰতিৰোধ আইন চমুকৈ পক্‌ছ’ৰ ধাৰা আৰোপ কৰিলেও বাস্তৱত ৰাজ্যৰ ৩,৮৮১গৰাকী ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ বলি হোৱা নাবালিকাই   বছৰ বছৰ ধৰি ন্যায়ৰ অপেক্ষাত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে উক্ত ৩,৮৮১টা পক্‌ছ’ গোচৰ ফাষ্টট্ৰেক আদালতে অমীমাংসিত হৈ পৰি ৰৈছে৷ অসমৰ ফাষ্টট্ৰেক আদালত ২০২২ বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত উক্ত গোচৰকেইটা অমীমাংসিত হৈ থকাৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে লোকসভাৰ মজিয়াত৷ কেন্দ্ৰীয় আইন মন্ত্ৰী কীৰেণ ৰিজিজুৱে অসমৰ বিচাৰাধীন পক্‌ছ’ গোচৰৰ উক্ত উদ্বেগজনক তথ্য সংসদত ৰাজহুৱা কৰিছে৷ ফাষ্টট্ৰেক আদালতত প্ৰায় ৪ সহস্ৰাধিক পক্‌ছ’ গোচৰ বিচৰাধীন হৈ থকাৰ পাছত এতিয়া বাল্য বিবাহৰ অতিৰিক্ত পক্‌ছ’ গোচৰ জাপি দিলে ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ বলি হোৱা নাবালিকাসকলে ন্যায় লাভ কৰা প্ৰক্ৰিয়াটো যে দীঘলীয়া হৈ পৰিব সেয়া খাটাং৷ সংসদত দাখিল কৰা তথ্য মতে অসমত ১৭ খন পক্‌ছ’ৰ গোচৰৰ ফাষ্টট্ৰেক আদালত আছে যদিও গোচৰ মীমাংসাৰ হাৰ সন্তোষজনক নহয়৷ ২০২২ বৰ্ষত ফাষ্টট্ৰেক আদালতত ১,৮৬১টা পক্‌ছ’ গোচৰ মীমাংসা হয় যদিও ইয়াৰ পূৰ্বে ২০২১ বৰ্ষত ৮১৮টা আৰু ২০২০ বৰ্ষত মাত্ৰ ৩৬টা গোচৰহে মীমাংসা হৈছিল৷

গুৱাহাটীত কিশোৰী ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত ভাৰাতীয় হিচাপে থকা এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে দিগন্ত দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ২ ফেব্ৰুৱাৰীত মাতৃ আৰু ভাতৃৰ সৈতে ভাৰাতীয় হিচাপে থকা কিশোৰীগৰাকীক কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলাইছিল দিগন্ত দাসে৷ কিশোৰীগৰাকীয়ে মাতৃ-ভাতৃক এই বিষয়ে অৱগত কৰাৰ পিছৰে পৰা অভিযুক্ত দিগন্ত দাস পলাতক হৈ আছিল৷ ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কালি নিশা আৰক্ষীয়ে জালুকবাৰীত আত্মগোপন কৰি থকা দিগন্ত দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি অভিযুক্তক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য, কিশোৰীগৰাকীৰ পৰিয়ালে ঘৰৰ মালিক তথা অভিযুক্ত দিগন্ত দাসৰ বিৰুদ্ধে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই দিগন্ত দাসে আত্মগোপন কৰে৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ-মাতৃক ভাড়াঘৰ খালি কৰিবলৈ ভাবুকি দি আহিছিল৷ আনকি দিগন্ত দাসৰ এজন বন্ধুয়ে কিশোৰগৰাকীৰ মাতৃলৈ ফোন কৰি গোচৰ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰাৰ অডিঅ’ ভাইৰেল হৈ পৰিছিল৷ দিগন্ত দাসক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা অজিত দাস নামৰ লোকজনে কিশোৰীগৰাকীৰ মাতৃক গোচৰ উঠাই লোৱাৰ বাবে যি লাগে তাকে দিম বুলি কৈ বুজাবুজিত আহিবলৈ টোপ দি আছিল৷ কিন্তু শুকুৰবাৰেই গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ নকৰাত ৰহস্যৰ সৃষ্টি হৈছিল৷