Logo
image

গুৱাহাটী স্মাৰ্ট হোৱাৰ পূৰ্বেই হাঁওফাঁও বিকল হোৱাৰ উপক্ৰম

ডিজিটেল ডেস্কঃ গুৱাহাটী স্মাৰ্ট মহানগৰ হোৱাৰ পূৰ্বেই মহানগৰীৰ বাসিন্দাৰ হাওঁফাওঁ বিকল হ’ব৷ অন্ততঃ বিগত কেইদিনত গুৱাহাটী মহানগৰীৰ প্ৰদূষণৰ মাত্ৰা দেখি তেনে আশংকাই উদ্ভৱ হৈছে৷ এপিনে কংক্ৰিটৰ সজ্জাৰে গুৱাহাটী মহানগৰক ঢাকি পেলোৱাৰ প্ৰচেষ্টা আৰু আনফালে তেনে নিৰ্মাণৰ ফলত সৃষ্টি হোৱা প্ৰদূষিত পৰিৱেশত চকুৰে আক্ষৰিক অৰ্থতে ধোঁৱাকোঁৱা দেখা মহানগৰবাসী৷ গুৱাহাটীত একেলগে নিৰ্মাণ চলি থকা সাতখন ফ্লাইঅভাৰ, ব্ৰহ্মপুত্ৰৰ ওপৰৰ এখন দলং, বৈধভাৱে চলি থকা ১০০ ৰো অধিক অট্টালিকাৰ নিৰ্মাণ আৰু অলেখ  অবৈধ নিৰ্মাণৰ ফলত গুৱাহাটীৰ বায়ুমণ্ডল ধুলি, বালি, চিমেণ্টৰ কনাৰে ভৰি পৰিছে৷ মহানগৰীৰ বায়ুমণ্ডলত পিএম ২.৫, পি এম ১০ আৰু ব্লেক কাৰ্বনৰ পয়োভৰ৷ সাম্প্ৰতিক কেইটামান দিনত গুৱাহাটীৰ বায়ুৰ গুণমান সূচাংক দেশৰ প্ৰদূষণতম চহৰ দিল্লীতকৈয়ো শোচনীয় হৈ পৰিছে৷ ইয়াৰ ফলত মহানগৰবাসীৰ উশাহ লোৱাও কষ্টকৰ হৈ পৰিছে৷ উশাহৰ লগত হাওঁফাওঁৰ ভিতৰলৈ কঢ়িয়াই নিছে বিষাক্ত দ্ৰব্য৷ পৰিস্থিতি অতি শোচনীয় যদিও চৰকাৰ আৰু প্ৰশাসনে এই প্ৰদূষণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ প্ৰায় মন্ত্ৰী-পাৰিষদে এতিয়া ত্ৰিপুৰাত বাহৰ পাতি আছে৷ ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনক লৈ তেওঁলোক ব্যস্ত৷ নামত চহৰ উন্নয়ন মন্ত্ৰী এজন আছে অশোক সিংঘাল৷ কিন্তু মুখ্যমন্ত্ৰী নাথাকিলে তেওঁলোকৰ কোনো কাম নাই, এক অৰ্থত শক্তিহীন৷ নিজে সিদ্ধান্ত ল’ব পৰাৰ ক্ষমতাই নাই৷ আনহাতে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে মহানগৰবাসীক ঘৰৰ ভিতৰতে থাকিবলৈ আহ৩ান জনাইছে, পৰামৰ্শ দিছে৷ কিন্তু গুৱাহাটীৰ সকলো স্কুল-কলেজ, শিক্ষা প্ৰতিষ্ঠান খোলা৷ এনে পৰিস্থিতিত দিল্লীত স্কুল-কলেজ বন্ধ ঘোষণা কৰা হৈছিল৷ যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত গাড়ীৰ চলাচলত সীমাবদ্ধতা আৰোপ কৰি প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰা হৈছিল৷ তদুপৰি অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰদূষণ হ্ৰাসৰ বাবে সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো নিৰ্মাণ কাৰ্য ঢাপে ঢাপে দীৰ্ঘ সময়ৰ বাবে বন্ধ কৰি ৰাখিছিল৷ বন্ধ কৰিছিল কল-কাৰখানাও৷ কিন্তু গুৱাহাটীৰ ক্ষেত্ৰত তেনে কোনো সাহসী সিদ্ধান্ত ল’ব পৰা নাই চৰকাৰ-প্ৰশাসনে৷ গুৱাহাটীৰ বাসিন্দাসকল বৰ্তমান আতংকজনকভাৱে উচ্ছমাত্ৰাৰ বায়ু প্ৰদূষণৰ সন্মুখীন হৈছে৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী-গুৱাহাটীৰ এক অধ্যয়ন অনুসৰি শীতকালত গুৱাহাটীত ব্লেক কাৰ্বন প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে প্ৰতিদিনে ২৫টা চিগাৰেট খোৱাৰ সমান স্বাস্থ্য হানি হ’ব পাৰে৷ উশাহ ল’লে ব্লেক কাৰ্বন হাওঁফাওঁত জমা হয় আৰু অকালমৃত্যুকে ধৰি তীব্ৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কেইবাটাও গৱেষণাৰ পৰা জানিব পৰা গৈছে৷ ব্লেক কাৰ্বন হৈছে কমদিনীয়া প্ৰদূষক যাৰ আয়ুস কেইদিনমানৰ পৰা সপ্তাহলৈকে প্ৰভাৱ পেলায়৷ গুৱাহাটীত ব্লেক কাৰ্বন প্ৰদূষণৰ ৭০ শতাংশ জীৱাশ্ম ইন্ধনৰ অৰিহণা থাকিলেও বাকী ৩০ শতাংশ ৰন্ধা-বঢ়া, গৰম কৰা ইত্যাদিৰ ফলত জীৱবস্তু জ্বলোৱাৰ কাৰণ৷ জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত হোৱা ব্লেক কাৰ্বন লেভেল লকডাউনৰ প্ৰথম পৰ্যায়ত ৬৭শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৭৪শতাংশলৈ হ্ৰাস পাইছিল৷ আনহাতে, জীৱবস্তু  জ্বলোৱাৰ ফলত হোৱা ব্লেক কাৰ্বন অংশ ০.৭৮১ পৰা ০.৫১লৈ হ্ৰাস পাইছিল৷ সম্প্ৰতি পিএম ২.৫ আৰু পিএম ১০ ৰ লগতে মূলতঃ ব্লেক কাৰ্বনে গুৱাহাটীত ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰা বুলি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জনাইছে৷ এই তিনিওটা উপাদানেই মানুহৰ স্বাস্থ্যৰ বাবে ভয়ংকৰভাৱে ক্ষতিকাৰক৷ যদিহে এজাক ডাঙৰ বৰষুণ আহে বা মহানগৰীত কেইবাদিনো বৃষ্টিপাত হয় তেন্তে বায়ুমণ্ডলত উৰি থকা পিএম ২.৫ আৰু পিএম ১০ ৰ লগতে মূলতঃ ব্লেক কাৰ্বন নোহোৱা হৈ পৰিব৷ কিন্তু তাৰ বাবে গুৱাহাটীৰ বাসিন্দাই প্ৰকৃতিৰ ওপৰত ভৰসা কৰাৰ গত্যন্তৰ নোহোৱা হৈছে৷ কিয়নো চৰকাৰ আৰু প্ৰশাসনে জানি-শুনিয়েই মহানগৰীত নিৰ্মাণ কাৰ্য চলাবলৈ অনুমতি দিছে৷ সেই নিৰ্মাণ কাৰ্যৰ পৰা প্ৰদূষণ হোৱাটো স্বাভাৱিক৷ যদিহে চৰকাৰ আৰু প্ৰশাসনে নিৰ্মাণ কাৰ্য হ্ৰাস নকৰে তেন্তে প্ৰকৃতিয়ে বৰষুণ দিয়ালৈ অপেক্ষা কৰাৰ বাহিৰে আন বিকল্প নাই৷