Logo
image

মাজবাটত ১৭৩ কেজি গাঞ্জাসহ এখন বাহন জব্দ আৰক্ষীৰ

ডিজিটেল ডেস্কঃ অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লালপানীত ১৭৩ কেজি গাঞ্জা সহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে মাজবাট আৰক্ষীয়ে ।আজি পুৱতি নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাঁইৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে উক্ত পৰিমানৰ গাঞ্জা খিনি জব্দ কৰে যদিও গাঞ্জা সৰবৰাহকাৰী কেইজনে  আৰক্ষীক দেখা পাই পলাই পত্ৰং দিয়ে ।আনহাতে নিষিদ্ধ গাঞ্জা কঢ়িয়াই অনা বাহন খনৰ নম্বৰ হৈছে এ.ছ-১২এএ-৬৯৪৯. পাছত মাজবাট আৰক্ষীয়ে  গাঞ্জাসহ বাহনখন থানালৈ লৈ আহে । এই সন্দৰ্ভত মাজবাট আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।