Logo
image

ৰাম মন্দিৰৰ দ্বিতীয়জন ৰায়দাতা ন্যায়াধীশ আব্দুল নাজিৰো পুৰস্কৃত

ডিজিটেল ডেস্কঃ  দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক পুৰষ্কৃত কৰাৰ পাছত অযোধ্যাৰ ৰাম মন্দিৰ গোচৰত অন্যতম বিচাৰক ছৈয়দ আব্দুল নাজিৰকো মোদী চৰকাৰে পুৰষ্কৃত কৰিলে৷ অযোধ্যাৰ বিতৰ্কিত ভূমিত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে উচ্ছতম ন্যায়ালয়ে প্ৰদান কৰা সৰ্বসন্মত ৰায়দানত অন্যতম বিচাৰকৰ দায়িত্বত থকা এছ এ নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে মোদী চৰকাৰে৷ মোদী চৰকাৰৰ ছুপাৰিশ অনুযায়ী ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে দেওবাৰে এছ এ নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি    দিয়ে৷ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দ্ৰক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে বদলি কৰা হৈছে৷ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে সংস্থাপিত হোৱাৰ পূৰ্বে এছ এ নাজিৰে যোৱা ৪ জানুৱাৰীত উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷ 

ন্যায়াধীশ ছৈয়দ আব্দুল নাজিৰ উচ্ছতম ন্যায়ালয়ৰ বহুকেইটা গুৰুত্বপূৰ্ণ ৰায়দানৰ ক্ষেত্ৰত বিচাৰপীঠৰ অন্যতম সদস্য আছিল৷ অযোধ্যাৰ ৰামমন্দিৰ-বাবৰি মছজিদ গোচৰৰ উপৰি নাজিৰে তিনি তালাক, বিমূদ্ৰাকৰণৰ গোচৰৰো ৰায়দান কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে এই প্ৰত্যেকটো গোচৰৰ ৰায়দান মোদী চৰকাৰৰ পক্ষে গৈছিল অথবা বিভিন্ন দিশেৰে মোদী চৰকাৰ উপকৃত হৈছিল৷ ইয়াৰ ভিতৰত সবাটোকৈ উল্লেখ্যযোগ্য আছিল ঐতিহাসিক অযোধ্যা ভূমি বিবাদৰ গোচৰ৷ সেই গোচৰৰ বিচাৰক আছিল তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, এছ এ ব’বডে, ডি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ আৰু এছ এ নাজিৰ৷ ২০১৯ চনৰ ৯ নৱেম্বৰত অযোধ্যা গোচৰৰ চূড়ান্ত ৰায়দান প্ৰদান কৰা হৈছিল৷ কোৱা বাহুল্য মাথোঁ সেই ৰায়দান হিন্দু পক্ষৰ দিশে গৈছিল আৰু স্বাভাৱিকতে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰ ৰায়ৰ দ্বাৰা লাভান্বিত হৈছিল৷ ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠৰ ৰায়দানৰ ৯ মাহ পাছতে ১৯ মাৰ্চত ৰঞ্জন গগৈক নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজ্যসভালৈ মনোনীত কৰি অৱসৰকালীন সংস্থাপনৰ লগতে পুৰষ্কৃত কৰা বুলি প্ৰবল চৰ্চা হৈছিল৷ উল্লেখ্য যে, ন্যায়াধীশ নাজিৰ থকা বিচাৰপীঠৰ তিনি তালাক গোচৰৰ ৰায়দানো মোদী চৰকাৰৰ পক্ষে গৈছিল৷ একেদৰে অলপতে নাজিৰ অন্তৰ্ভূক্ত থকা বিচাৰপীঠে ৰায়দান কৰা বিমূদ্ৰাকৰণৰ গোচৰতো মোদী চৰকাৰক দায়মুক্ত কৰা হৈছিল৷