Logo
image

দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটীসহ অসমৰ ৫খন

ডিজিটেল ডেস্কঃ  গুৱাহাটীৰ বায়ু প্ৰদূষণক লৈ চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰিলেও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত গুৱাহাটীৰ বায়ু প্ৰদষূণৰ আন এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ দেশৰ ১৩১খন সৰ্বাধিক প্ৰদূষিত চহৰত তালিকাত স্থান লাভ কৰিছে গুৱাহাটীয়ে৷ কেৱল গুৱাহাটী মহানগৰেই নহয়, ৰাজ্যৰ মুঠ ৫খন চহৰক সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে চিনাক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সম্প্ৰতি গুৱাহাটীৰ মহানগৰীৰ বায়ুৰ মান সূচাংক [এয়াৰ কোৱালিটী ইনডেক্স] ৩০০ৰ ঘৰি অতিক্ৰম কৰিছে৷ শেহতীয়াকৈ গুৱাহাটীৰ বায়ুমণ্ডলত ধূলি-ধোৱা তথা ভাসমান কণাই কুঁৱলীৰ সৈতে মিলি ধূসৰ চামনিৰ সৃষ্টি কৰাত নাগৰিকো আতংকিত কৰি তুলিছে৷ ফলত মানৱ সৃষ্টি প্ৰদূষণৰ বাবে মহানগৰবাসীয়ে মাস্ক অবিহনে ৰাজপথলৈ ওলাই আহিব  নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ কিয়নো শেহতীয়াকৈ বৰষুণ হ্ৰাস পোৱাৰ ফলত প্ৰদূষণৰ মাত্ৰ বৃদ্ধি পাই নাগৰিকৰ বাবেও বিপজ্জনক পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল৷ ফলত গুৱাহাটী মহানগৰীত শিশুৰ পৰা বৃদ্ধলৈ বিভিন্নজন লোক হাঁওফাঁও ৰোগৰ লগতে জ্বৰ, কাঁহ, চৰ্ম ৰোগতো আক্ৰান্ত হৈছে৷ গুৱাহাটীৰ প্ৰদূষণে এনে ৰূপ লোৱাৰ সময়তে সোমবাৰে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এখন বিস্ফোৰক তালিকা৷ য’ত ভাৰতৰ সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন চাৰিখন চহৰক চিনাক্ত কৰিছে৷ অতি প্ৰদূষিত চহৰ হিচাপে চিনাক্ত কৰা আন চহৰ কেইখন হৈছে ক্ৰমে নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শিলচৰ৷ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তণ মন্ত্ৰণালয়ে অসমৰ উক্ত প্ৰদূষিত চহৰ কেইখনৰ বায়ুমণ্ডলত ভাসমান কণা [PM২.৫ PM১০] ২০ৰ পৰা ৩০ শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ বাবে লক্ষ্য নিধাৰণ কৰিছে৷ নেশ্বনেল ক্লীন এয়াৰ প্ৰগাম [এন চি এপি]ৰ অধীনত ২০২৫-২৬ চনলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰা এই উদ্বেগজনক তথ্যৰ পাছত এতিয়া গুৱাহাটীৰ লগতে আন চহৰ কেইখনৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষণীয়৷