Logo
image

এয়া আকাশবাণী...

ডিজিটেল ডেস্কঃ  ‘এয়া আকাশবাণী৷ এতিয়া আমাৰ ষ্টুডিঅ’ৰ ঘড়ী পুৱা ৮-৩০ মিনিট গৈছে৷ এতিয়া শুনক সুগম সংগীতৰ অনুষ্ঠান৷’– হয় আজিৰ পৰা  কেইটামান দশক পূৰ্বে ৰাজ্যৰ গাঁৱে ভূঞে-নগৰে চহৰে ৰেডিঅ’ই আছিল জনজীৱনৰ আধাৰ৷ খবৰ, জ্ঞান আৰু বিনোদনৰ মাধ্যম আছিল ৰেডিঅ’৷ ৰেডিঅ’ৰ কাৰ্যসূচীয়ে নিৰ্ধাৰণ কৰিছিল পুৱা-গধূলি, দুপৰীয়া মানুহৰ দৈনন্দিন কৰ্মসূচী৷ ৰেডিঅ’ দীপালিৰ তৰালি পঘাৰে বন্ধা আছিল দিন-ৰাতি, শীত-বসন্ত৷ কবিৰ ভাষাত ৰেডিঅ’ৰ অনুপস্থিতো তেতিয়া চলি থাকে ৰেডিঅ’ৰে কথা৷’ কিন্তু ৰেডিঅ’ এতিয়া বহুতৰে বাবে নষ্টালজিয়া! তাহানি আৰু আজিৰ ৰেডিঅ’ৰ আছে তফাৎ৷ ইউনেস্কই ১৩ ফেব্ৰুৱাৰীৰ দিনটো ৰেডিঅ’ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ২০১১ চনৰ ৩ নৱেম্বৰত৷ তেতিয়াৰে পৰা প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীৰ দিনটো ৰেডিঅ’ দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে৷ দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কালি চানমাৰিস্থিত আকাশবাণী গুৱাহাটী কেন্দ্ৰটো বিশ্ব ৰেডিঅ’ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়৷ পুৱা ১০ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল গোটৰ পৰা ষ্টুডিঅ’লৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ এক মাৰ্চ বাহিৰ কৰা হয়৷ ‘ৰেডিঅ’ আৰু শান্তি’ শীৰ্ষক শ্লোগানেৰে গুৱাহাটীৰ মুঠ ১০ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে মাৰ্চত ভাগ লয়৷ ৰেডিঅ’ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই ১০০ জন ৰিক্সাচালকক আকাশবাণী ষ্টুডিঅ’ দৰ্শনৰ বাবে আমন্ত্ৰণ জনায়৷ তেওঁলোকক একোটাকৈ ৰেডিঅ’ ছেট বিতৰণ কৰা হয়৷ সমৱেত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ হাতেৰে ৰিক্সাচালকসকলক ৰেডিঅ’ ছেট বিতৰণ কৰা হয়৷ ইয়াৰ লগতে ‘আকাশবাণীৰ গল্প’ শীৰ্ষক এখন গল্পপুথি মুকলি কৰা হয়৷ গল্প পুথিখনৰ সম্পাদনা কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাই আৰু প্ৰকাশ কৰিছে পূৰ্বাঞ্চল প্ৰকাশৰ নবীন বৰুৱাই৷ ৰেডিঅ’ দিৱসৰ সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে আকাশবাণীৰ গুৱাহাটীৰ সম্প্ৰচাৰ কাৰ্যবাহী, সুশীল আবৃত্তিকাৰ ইন্দ্ৰজিৎ দাসে৷ উল্লেখ্য যে ৰেডিঅ’ দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য হৈছে জনসাধাৰণক শ্ৰব্য মাধ্যমেৰে বৰ্তমান সময়ৰ বাতৰি, মনোৰঞ্জন, বিতৰ্কৰ সৈতে তাল মিলাবলৈ শিকোৱা৷ দূৰদৰ্শনৰ জনপ্ৰিয়তাৰ পাছতো ৰেডিঅ’ বিশ্বত সংগীত, প্ৰজন্মৰ সহযোগী আৰু সৰ্বোপৰি সামূহিক কণ্ঠস্বৰ হিচাপে পৰিগণিত হৈছে৷ ডিজিটেল প্লেটফৰ্ম তথা সৰ্বত্ৰ ভুৱা বাতৰিৰ পয়োভৰৰ মাজত ৰেডিঅ’ এতিয়াও খবৰৰ এক নিৰ্ভৰযোগ্য উৎস হিচাপে প্ৰমাণিত হৈ আছে৷ পৰিৱৰ্তনৰ ধামখুমিয়াত ৰেডিঅ’ৰ গুৰুত্ব কমিছে নেকি, কি কয় সুধী সমাজে– এই সন্দৰ্ভত ৰেডিঅ’ৰ সৈতেই কাৰ্যতঃ ওৰেতো জীৱন পাৰ কৰা আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া নয়ন প্ৰসাদ আৰু উৎপল দত্তৰ সৈতে যোগাযোগ কৰা হৈছিল৷ আমি এই সন্দৰ্ভত মনৰ ভাৱ জানিব বিচৰাত বিশিষ্ট নাট্যকৰ্মী নয়ন প্ৰসাদে এনেদৰে ক’লে– ‘এটা সময়ত এনে হৈছিল যে ৰেডিঅ’ৰ গুৰুত্ব অলপমান কমি গৈছে৷ কিন্তু যেতিয়াৰ পৰা ৰেডিঅ’ত ফোন ইন অনুষ্ঠানৰ সংযোগ ঘটিল, তেতিয়াৰে পৰা শ্ৰোতাই পোনপটীয়াকৈ ভাগ লোৱাৰ সুযোগ পালে৷ ৰেডিঅ’ লৈ এটা ডাঙৰ পৰিৱৰ্তন আহিল৷ আকৌ গ্ৰহণযোগ্যতা বৃদ্ধি পালে৷’ একেই প্ৰসংগত বিশিষ্ট চলচ্ছিত্ৰ সমালোচক উৎপল দত্তই এনেদৰে ক’লে– ‘ইণ্টাৰনেট অহাৰ পাছত সমগ্ৰ বিশ্বখন যেনেদৰে সলনি হৈ গ’ল, সেই ধৰণে ৰেডিঅ’ আগবাঢ়িব নোৱাৰিলে৷ প্ৰায় তিনিটা দশক মই ৰেডিঅ’ৰ সৈতে জড়িত থাকি নিজৰ সামৰ্থৰে যি পাৰো কৰিলো৷ মই ভাবো সময়ৰ লগত খাপ খুৱাই ৰেডিঅ’ই আৰু বহুত কৰাৰ সুবিধা, প্ৰয়োজন আছে৷’