Logo
image

তুৰস্কক লৈ উদ্বিগ্ন বিশেষজ্ঞ ;মৃতৰ সংখ্যাই পঞ্চাছ হাজাৰ অতিক্ৰম কৰিব

ডিজিটেল ডেস্কঃ  তুৰস্ক আৰু ছিৰিয়াত আজিৰ পৰা আঠদিন পূৰ্বে অৰ্থাৎ যোৱা সোমবাৰে হোৱা ভূমিকম্পত নিহতৰ সংখ্যাই ৩৬ হাজাৰ অতিক্ৰম কৰিছে৷ চৰকাৰীভাৱে দিয়া তথ্য অনুসৰি এই পৰ্যন্ত তুৰস্কত ৩১,৬৪৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ছিৰিয়াত উদ্ধাৰ কৰা হৈছে ৪,৬১৪ জনৰ মৃতদেহ৷ ইয়াৰে  বিদ্ৰোহী নিয়ন্ত্ৰিত অঞ্চলত ৩,২০০ জন আৰু চৰকাৰ শাসিত ছিৰিয়াত ১,৪১৪ জনৰ মৃতদেহ বিগত আঠ দিনত উদ্ধাৰ কৰা হৈছে৷ কিন্তু ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আগশাৰীৰ সংগঠনৰ ধাৰণা,  এই সৰ্বনাশী ভূমিকম্পই ৫০ হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে৷ সেই সংখ্যাই ৭৫ হাজাৰো অতিক্ৰম কৰিব পাৰে৷ কিন্তু দুৰ্ভাগ্যজনক বিষয় এয়াই, সকলোবিলাক নিহতৰ দেহ উদ্ধাৰ কৰাটো কোনোকালেই সম্ভৱ নহ’ব৷ কিয়নো যি বিশাল ধবংসস্তূপৰ মাজত মৃতদেহ সোমাই আছে, সেই ধবংসস্তূপ পৰিষ্কাৰ কৰি মৃতদেহ উদ্ধাৰ কৰাটো অসম্ভৱ৷ কিয়নো ভূমিকম্পৰ আঠ দিনৰ পাছত এতিয়া উদ্ধাৰকাৰ্য নহয়, বৰং ক্ষতিগ্ৰস্তসকলক জীয়াই থকাৰ বাবেই এডোখৰ স্থান দিয়াহে অধিক জৰুৰী৷ উদ্ধাৰকাৰ্যত প্ৰথমৰ পৰাই ব্ৰতী হোৱা ৰাষ্ট্ৰসংঘই সোমবাৰে এই মন্তব্য কৰি কৈছে যে এতিয়া সকলোৰে মূল কৰ্তব্য হৈছে আশ্ৰয়স্থল নিৰ্মাণ কৰি ক্ষতিগ্ৰস্তক থাকিবলৈ দিয়া৷ সেয়ে সকলো পক্ষই খুব কম সময়ৰ ভিতৰতে উদ্ধাৰকাৰ্যৰ সামৰণি মাৰিব৷ উল্লেখ্য, সম্প্ৰতি তুৰস্ক আৰু ছিৰিয়াত দেশ-বিদেশৰ মুঠতে ৪০ হাজাৰৰো অধিক উদ্ধাৰকাৰীয়ে উদ্ধাৰকাৰ্য চলাই আছে৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশত ১ কোটিৰো অধিক লোক গৃহহীন হৈ পৰিছে৷ তেওঁলোকক অস্থায়ীভাৱে নিৰ্মাণ কৰি দিয়া শিৱিৰত ৰখা হৈছে৷ কিন্তু প্ৰৱল শীতৰ বাবে তেনে অস্থায়ী শিৱিৰত দীৰ্ঘসময় থকাটো অসম্ভৱ৷ ৰাষ্ট্ৰসংঘৰ সাহায্য প্ৰদানকাৰী গোটটোৰ মুৰব্বী মাৰ্টিন গ্ৰিফিথে কয় যে অতি সোনকালে  উদ্ধাৰকাৰ্য সামৰি ক্ষতিগ্ৰস্তসকলক আশ্ৰয়স্থল, খাদ্য আৰু ঔষধৰ যোগান নধৰিলে মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব৷ এই বিধবংসী ভূমিকম্পই তুৰস্কৰ ৮৪.১ বিলিয়ন মাৰ্কিন ডলাৰৰ ক্ষতি কৰা বুলি  প্ৰাৰম্ভিক সমীক্ষাত প্ৰকাশ পাইছে৷ উল্লেখ্য, সোমবাৰে পুৱতি নিশা ৪-১৭ বজাত প্ৰথমটো ভূমিকম্পই আঘাত হনাৰ পাছত বিগত আঠদিনত তুৰস্কক ২০০০ ৰো অধিক ভূমিকম্পই জোকাৰি আছে৷ ইয়াৰ ফলত উদ্ধাৰকাৰ্যত বিঘিনি ঘটিছে আৰু ভূমিকম্পৰ পৰা প্ৰাণৰক্ষা পৰা সকলেও আতংকত দিন কটাবলগীয়া হৈছে৷ ইপিনে আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা ধূলি আৰু ধোঁৱাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলত থকা সকলো লোকৰে শ্বাস-প্ৰশ্বাসত কষ্ট হৈছে আৰু তেওঁলোকে উশাহত বিষাক্ত পদাৰ্থ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ সেয়ে এনে পৰিস্থিতিত যিমান পাৰি সিমান সোনকালে ক্ষতিগ্ৰস্তৰ বাবে স্থায়ী বাসস্থান নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাই৷