Logo
image

গোলকীয় উষ্ণায়নৰ অশনি সংকেত

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ বিশ্ব উষ্ণায়নৰ কাৰণে বিগত কেইবাদশক ধৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফৰ স্তৰ গলিবলৈ ধৰি ক্ৰমাৎ পানীত পৰিণত হৈছে৷ একেসময়তে আটলাণ্টিক মহাসাগৰৰ বুকুত ভাঁহি থকা বিশাল বৰফৰ খণ্ড বা হিমশৈল গলি পানীৰ সৈতে মিলি গৈছে৷ আমেৰিকাৰ ‘নেশ্বনেল স্নো এণ্ড আইচ ডাটা চেণ্টাৰ’ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে সম্প্ৰতি এই অঞ্চলসমূহত বৰফ গলাৰ গতি অধিক বৃদ্ধি পাইছে৷ এই প্ৰতিবেদন অনুসৰি চলিত সপ্তাহত বৰফে ঢাকি ৰখা অঞ্চলৰ  পৰিমাণ আছিল ১৯ লাখ বৰ্গ কিলোমিটাৰ৷ ১৯৭৯ চনৰ পৰা এনে পৰিসংখ্যা সংগ্ৰহ কৰাৰ কাম আৰম্ভ হোৱাৰ পাছত এয়াই হৈছে বৰফাবৃত অঞ্চলৰ সংকীৰ্ণতম স্থান৷ এইবাৰ গ্ৰীষ্ম আৰম্ভ হোৱাৰ পূৰ্বে অতি দ্ৰুতগতিত বৰফ গলাৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে৷ পৰিৱেশ বিজ্ঞানীৰ দাবী, এনেদৰে দ্ৰুতগতিত বৰফ গলি গ’লে বিশ্ব উষ্ণায়নৰ গতিও আশংকা কৰাতকৈ অধিক ত্বৰান্বিত হৈ পৰিব৷ 

আশংকা কৰা হৈছে এনে উষ্ণায়ন আৰু জলবায়ু সংকটে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ চহৰলৈ ভযংকৰ বিপৰ্যয় নমাই আনিব৷ এনে ঘটনাৰ পৰিণতি ভুগিব লাগিব ভাৰতৰ বহু চহৰ আৰু আনকি কেইবাখনো গুৰুত্বপূৰ্ণ নদীয়ে৷ এফালেদি যিদৰে বৰফ গলি যোৱাৰ ফলত সমুদ্ৰপৃষ্ঠৰ উচ্ছতা বৃদ্ধি পাব আৰু বহু মহানগৰ ক্ৰমান্বয়ে পানীৰ তললৈ সোমাই যাব, ঠিক সেইদৰে উষ্ণায়নৰ ফলত বহু নদীৰ পানী শুকাই যাব বুলি আশংকা কৰা হৈছে৷ অসমৰ ব্ৰহ্মপুত্ৰকে ধৰি একোটা বৃহৎ অঞ্চলক জীয়াই ৰখা বহু নদীৰ পানী খৰাং হৈ পৰিব৷ অনুৰূপ ভীতি আহিব গংগাৰ দৰে নদীলৈ৷ উল্লেখ্য ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্মিলনত এণ্টনিঅ’ গুটেৰাছে বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰা জলবায়ু সংকট সম্পৰ্কে দিয়া ভাষণত এনেধৰণৰ সকীয়নি প্ৰদান কৰে৷ প্ৰায় ৭৫ খন দেশৰ প্ৰতিনিধিয়ে ভাগ লোৱা সন্মিলনখনত সচিবপ্ৰধান গৰাকীয়ে বিশ্ব উষ্ণায়ন আৰু জলবায়ু সংকটে অদূৰভৱিষ্যতে বিশ্ববাসীলৈ কেনেধৰণৰ বিপদ কঢ়িয়াই আনিব তাৰ আগজাননী দিয়াৰ লগতে সৃষ্টি হ’ব পৰা ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশসমূহক সন্মিলিতভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ কয়– শেহতীয়াকৈ জলবায়ু সংকটে যি ৰূপ ধাৰণ কৰিছে তাৰ পৰিণাম মানৱ সমাজৰ বাবে হ’ব পাৰে অতি ভয়ংকৰ৷ ৰাষ্ট্ৰসংঘৰ মতে জলবায়ু সংকটৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়াৰে পৰা যদি ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযায় তেন্তে বিশ্বৰ বহু অঞ্চল মানুহৰ বসবাসৰ অনুপযোগী হৈ পৰিব৷ 

উল্লেখ্য যে জলবায়ু সংকটৰ বাবে প্ৰতিবছৰে উদ্বেগজনকভাৱে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাই আহিছে৷ ইয়াৰ ফলত গ্ৰীষ্মপ্ৰৱাহ বৃদ্ধি পোৱাৰ লগতে হিমালয়ান অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত বৰফ গলিবলৈ আৰম্ভ কৰিছে৷ এণ্টাৰ্টিকাতো একেই পৰিস্থিতি উদ্ভৱ হৈছে৷ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ ফলত প্ৰতিবছৰে এণ্টাৰ্টিকাত ১৫০ নিযুত টন বৰফ গলা আৰম্ভ কৰিছে৷ সেইদৰে গ্ৰীণলেণ্ডৰ আইচকেপতো প্ৰতিবছৰে ২৭০ নিযুত টন বৰফ গলা আৰম্ভ কৰিছে৷ জলবায়ু সংকটৰ বাবে হিমালয়ান অঞ্চলত হোৱা হিমস্খলনৰ ফলত পাকিস্তানত ভয়ানক বানপানীৰ সৃষ্টি হৈছিল৷ অহা দশকটোত গংগা, ব্ৰহ্মপুত্ৰ আদিৰ দৰে নদীসমূহতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷ যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে অনাগত দিনসমূহ ভাৰত-বাংলাদেশকে ধৰি চীন, নেদাৰলেণ্ড, আমেৰিকা, ব্ৰিটেইন আদিকে ধৰি কেইবাখনো দেশৰ বাবে এয়া প্ৰকৃতিৰ ‘মৃত্যুদণ্ড’ স্বৰূপ হৈ পৰিব পাৰে৷ ৰাষ্ট˜সংঘৰ সচিবপ্ৰধানগৰাকীৰ এই সঁকীয়নিক লৈ সমগ্ৰ বিশ্বজুৰি আশংকাৰ সৃষ্টি হৈছে৷ স্মৰ্তব্য যে প্ৰতি বছৰে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাই আহিছে সমুদ্ৰৰ জলপৃষ্ঠও৷ এনে অৱস্থা অব্যাহত থাকিলে ভাৰতৰ মুম্বাই চহৰকে ধৰি বেংকক, জাকাৰ্টা, লাউছ, লণ্ডন, লছএঞ্জেলছ, মাপুতো, নিউয়ৰ্ক আৰু ছাংহাইৰ দৰে বৃহৎ মহানগৰসমূহত সমুদ্ৰৰ জলপৃষ্ঠই বিপৰ্যয়ৰ সৃষ্টি কৰিব৷ ফলত এনে চহৰসমূহ মানুহৰ বসতিৰ অনুপযোগী হৈ পৰাৰ আশংকা কৰিছে ৰাষ্ট্ৰসংঘই৷ এণ্ট’নিঅ’ গুটাৰেছৰ মতে সময় থাকোতে যদি জলবায়ু সংকট বা গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে পৃথিৱীৰ বহু অঞ্চল চিৰদিনৰ বাবে নিঃচিহ্ন হৈ পৰিব৷ তেওঁ লগতে সকীয়াই দিয়ে যে জলবায়ু সংকটৰ ফলত গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছতকৈ বৃদ্ধি পালেই জনজীৱনৰ প্ৰতি কেইবাগুণো ভাবুকি বৃদ্ধি পাব৷ সমুদ্ৰৰ জলপৃষ্ঠ ৬.৫ ফুটৰ পৰা ৯.৮ ফুটলৈ বৃদ্ধি পাব৷ একেদৰে যদি ২ ডিগ্ৰী চেলছিয়াছতকৈ গোলকীয় উষ্ণতা অধিক বৃদ্ধি হয় তেন্তে সমুদ্ৰৰ জলপৃষ্ঠ ১৯.৭ ফুটলৈ বাঢ়িব আৰু যদি উষ্ণতা ৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পায় তেন্তে সমুদ্ৰৰ জলপৃষ্ঠ ৭২ ফুটলৈ বৃদ্ধি পাব৷ যদি সেয়াই হয় তেন্তে মুম্বাই, লাওছ, বেংকক আদিকে ধৰি কেইবাখনো দেশৰ মহানগৰৰ পৰিস্থিতি হৈ পৰিব অতি ভয়ংকৰ৷ এনে পৰিস্থিতিয়ে ক্ষতিগ্ৰস্ত কৰিব উপকূলীয় অঞ্চলৰ ৯০০ নিযুত লোকক৷ বিপদৰ সন্মুখীন হ’ব প্ৰতি দহজন লোকৰ ভিতৰত একোজনকৈ লোক৷ সময় থাকোতেই যদি জলবায়ু সংকট নিয়ন্ত্ৰণ কৰা নহয় তেন্তে ২০০০  বছৰৰ ভিতৰত পৰিস্থিতি অধিক জটিল হৈ পৰিব বুলি ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান গৰাকীয়ে বিশ্ববাসীক সকীয়াই দিয়ে৷ তেওঁ এইবুলিও উল্লেখ কৰে যে জলবায়ু সংকটৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ মানুহে জীয়াই থাকিবলৈ নিৰাপদ স্থান বিচাৰিবলৈ আৰম্ভ কৰিব৷ ফলত সৃষ্টি হ’ব প্ৰব্ৰজনৰ দৰে আন এক নতুন সমস্যা৷ গতিকে বিশ্ববাসী যাতে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে বিশ্বৰ দেশসমূহক তেওঁ সন্মিলিতভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিয়ে৷