Logo
image

আধৰুৱা হৈ ৰ’ল পুলিচ হোৱাৰ সপোনঃ নিযুক্তি প্ৰক্ৰিয়াৰ দৌৰ সম্পূৰ্ণ কৰি যুৱকৰ মৃত্যু

ডিজিটেল ডেস্কঃ মুম্বাইত এক শোকাবহ ঘটনা সংঘটিত হৈছে। মুম্বাই আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ১৬০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰাৰ পিছত এজন যুৱকৰ মৃত্যু হয়। জানিব পৰা মতে আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ সময়ত ২৬ বছৰীয়া গণেশ উত্তম উগালে শাৰীৰিক পৰীক্ষাৰ বাবে ১৬০০ মিটাৰ দৌৰাৰ পিছতে মৃত্যু হয়।
মুম্বাই বিশ্ববিদ্যালয়ৰ বিদ্যানগৰী চৌহদৰ খেলপথাৰত শুকুৰবাৰে পুৱা ১১ বজাত এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। গণেশ উত্তম উগালে মুম্বাইৰ পৰা প্ৰায় ৫৫০ কিলোমিটাৰ নিলগৰ ৱাছিম জিলাৰ বাসিন্দা৷ ১৬০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰাৰ পিছত উগালে মূৰ ঘূৰাইছে বুলি কয় আৰু তাৰ পিছত মাটিত ঢলি পৰে। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ পুলিচত চাকৰিৰ বাবে গণেশ উগালেৰ ভ্ৰাতৃয়েও শাৰীৰিক পৰীক্ষা অৱতীৰ্ণ লৈছিল৷ গণেশ উগালেৰ কাষতে দৌৰি আছিল তেওঁৰ ভাতৃও। গণেশ উগালেৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে উগালেৰ মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।