Logo
image

স্কুলত নামভৰ্তিৰ নূ্ন্য়তম বয়স ৬ বছৰ

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ প্ৰাথমিক শিক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে শিশুৰ বয়সৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি এতিয়াৰে পৰা শিশুক প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিবলৈ হ’লে শিশুটিৰ নূ্ন্য়তম বয়স হ’ব লাগিব ৬ বছৰ বা তাতকৈ অধিক৷ অৰ্থাৎ বয়স ছবছৰ বা তাতকৈ অধিক নহ’লে কোনো বিদ্যালয়ে শিশুক প্ৰথম শ্ৰেণীত নামভৰ্তি হ’বলৈ দিব নোৱাৰিব৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰাৰ লগতে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই সন্দৰ্ভত নিৰ্দেশ প্ৰেৰণ কৰিছে৷ তদুপৰি কেন্দ্ৰই সকলো ৰাজ্যকে আহ্বান জনাইছে যাতে শিশুসকলক প্ৰথম শ্ৰেণীত নাম ভৰ্তি কৰাৰ পূৰ্বে দুবছৰৰ প্ৰাক প্ৰাথমিক পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰা হয়৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন ৰাজ্যত সৰ্বনিম্ন পাঁচ বছৰ বয়সতে শিশুসকল প্ৰথম শ্ৰেণীত নাম ভৰ্তি হ’ব পাৰিছিল৷ কিন্তু কেন্দ্ৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা নূ্ন্য়তম ছবছৰ নহ’লে কোনো শিশুৱে প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে আবেদন কৰিব নোৱাৰিব৷ এই নিয়ম চৰকাৰী-বেচৰকাৰী বা ব্যক্তিগতখণ্ডৰ সকলো বিদ্যালয়ে মানিব লাগিব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে৷ তদুপৰি দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত যাতে কেন্দ্ৰৰ নতুন এই শিক্ষানীতি ৰূপায়ণ হয় তাক নিশ্চিত কৰিবলৈ কেন্দ্ৰই সংশ্লিষ্ট পক্ষসমূহক আহ্বান জনাইছে৷ কেন্দ্ৰৰ নতুন এই শিক্ষানীতিৰ ফলত পূৰ্বে প্ৰাথমিক বিদ্যালয়সমূহত শিশুৰ বাবে ‘৫+’ হিচাপে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাৰ যি সুবিধা আছিল সেয়া আৰু নাথাকিব৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতৰ ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শিশুসকলে বয়স ছবছৰ নহ’লেও প্ৰথম শ্ৰেণীত নাম ভৰ্তি কৰাৰ অনুমতি লাভ কৰিছিল৷ এনে ৰাজ্যসমূহৰ ভিতৰত আছে গুজৰাট, অসম, পুডুচেৰী, তেলেংগানা আৰু লাডাখ৷ এই ৰাজ্যসমূহত পাঁচ বছৰ বয়স হ’লেই শিশুসকল প্ৰথম শ্ৰেণীত নাম ভৰ্তি হ’ব পাৰিছিল৷ সেইদৰে দিল্লী, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, গোৱা, ঝাড়খণ্ড, কৰ্ণাটক আৰু কেৰালাতো শিশুসকলৰ বাবে প্ৰথম শ্ৰেণীত নামভৰ্তিৰ সৰ্বনিম্ন বয়স আছিল পাঁচ বছৰ৷ কিন্তু কেন্দ্ৰৰ শেহতীয়া শিক্ষানীতিৰ ফলত এতিয়াৰে পৰা উক্ত ৰাজ্য সমূহতো প্ৰথম শ্ৰেণীত নাম ভৰ্তিৰ বাবে শিশুৰ বয়স ৬ বছৰ বা তাতকৈ অধিক হ’ব লাগিব৷