Logo
image

গুৱাহাটীত প্ৰৱেশৰ পূৰ্বেই শাক-পাচলিৰ ‘কেমিকেল টেষ্ট’ৰ নিৰ্দেশ

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ মহানগৰবাসীৰ বাবে সুখবৰ৷ এতিয়াৰে পৰা মহানগৰবাসীক অত্যাধিক কীটনাশক দ্ৰব্য মিহলি শাক-পাচলি বিক্ৰী হয়তো বন্ধ হ’ব৷ কিয়নো গুৱাহাটী মহানগৰীত প্ৰৱেশৰ পূৰ্বে শাক-পাচলিৰ হ’ব পৰীক্ষা৷ কীটনাশক দ্ৰব্যৰ পৰিমাণ নিৰূপণ হ’ব গুৱাহাটীলৈ বিক্ৰী কৰিবলৈ অনা শাক-পাচলিৰ৷ ৰাজ্যৰ কৃষি, স্বাস্থ্য আৰু ফৰেনচিককে ধৰি কেইবাটাও বিভাগক এই সন্দৰ্ভত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ অধিবক্তা সীমা ভূঞাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সন্দৰ্ভত শুনানী গ্ৰহণ কৰি গুৱাহাটীত প্ৰৱেশৰ পূৰ্বে শাক-পাচলিৰ কেমিকেল টেষ্ট কৰাৰ ৰায় দিয়ে ন্যায়ালয়ে৷ আবেদনত অধিবক্তা ভূঞাই কয়– ৰাজ্যৰ বিভিন্ন স্থানত শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত অভাৱনীয় হাৰত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়৷ এনে শাক-পাচলি বিভিন্ন ৰোগৰ কাৰণ হৈ পৰিছে৷ উক্ত আবেদন সন্দৰ্ভত শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত পৰীক্ষণ চকীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ত বিভিন্ন বিভাগক প্ৰতিনিধিত্ব কৰা বিষয়াসকলক শাক-পাচলিত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কিদৰে নিয়ন্ত্ৰণলৈ আনিব পাৰি সেই সন্দৰ্ভত সমাধান সূত্ৰ উলিয়াবৰ বাবে বিভাগসমূহৰ মাজত যুটীয়াভাৱে বৈঠক অনুষ্ঠিত কৰি কি ব্যৱস্থা ল’ব পাৰি আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে৷ ৩ মাৰ্চত বিভাগসমূহে ন্যায়ালয়ক সবিশেষ জনাব লাগিব বুলি নিৰ্দেশটোত কোৱা হয়৷