Logo
image

তাজমহল-লালকিল্লা ভাঙি দিয়ক, নাছিৰউদ্দিনৰ প্ৰত্যাহ্বান

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ কবি-গীতিকাৰ জাভেদ আখতাৰে মাথোঁ কেইদিনমান পূৰ্বে পাকিস্তানত গৈ মুম্বাই আক্ৰমণকাৰীৰ বিৰুদ্ধে মন্তব্য কৰি অহাৰ পাছতে বলীউডৰ অভিনেতা নাছিৰউদ্দিন শ্বাহে দেশত চলি থকা মুছলিম বিদ্বেষক লৈ বিস্ফোৰক মন্তব্য কৰিছে৷ নাছিৰউদ্দিন শ্বাহৰ এই মন্তব্যই জোকাৰি গৈছে সমগ্ৰ দেশ৷ যদিহে ভাৰতত কেইবাশ বছৰ শাসন কৰা মোগলসকল ভাৰত বিদ্বেষী আছিল তেন্তে তেওঁলোকে নিৰ্মাণ কৰা তাজমহল আৰু লালকিল্লাৰ দৰে বিশ্বখ্যাত কীৰ্তিচিহ্ন ভাঙি পেলোৱাৰ আহ্বান জনাইছে নাছিৰউদ্দিন শ্বাহে৷ পূৰ্বেও দেশত চলি থকা      মুছলিম বিদ্বেষৰ সাম্প্ৰতিক পৰিৱেশক লৈ সমালোচনাত মুখৰ হৈছিল নাছিৰউদ্দিন শ্বাহ৷ এইবাৰ নাছিৰউদ্দিন শ্বাহৰ বক্তব্য পূৰ্বৰ তুলনাত ভয়ংকৰভাৱে বিস্ফোৰক৷ উল্লেখ্য নাছিৰউদ্দিন শ্বাহে আকবৰৰ জীৱনক লৈ নিৰ্মিত এখন ৱেব ছিৰিজত অভিনয় কৰিছে৷ জি-ফাইভ নামৰ টেলিভিছন চেনেলটোৱে সম্প্ৰচাৰ কৰিবলৈ লোৱা এই বেৱ ছিৰিজৰ নাম হৈছে ‘তাজঃ ডিভাইেডড বাই ব্লাড’৷ এই ৱেব ছিৰিজত সম্ৰাট আকবৰৰ ভূমিকাত অভিনয় কৰিছে নাছিৰউদ্দিন শ্বাহে৷ মোগলৰ শাসন কালত সেই সাম্ৰাজ্যৰ ভিতৰে বাহিৰে ঘটা বহু অজানা কথা আৰু উত্তৰাধিকাৰৰ দন্দ্বক লৈ এই ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে৷ নাছিৰউদ্দিন শ্বাহে সেই ৱেব ছিৰিজৰ প্ৰচাৰৰ এটা অনুষ্ঠানত অংশ লৈ দেশত চলি থকা মুছলিম বিদ্বেষ আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে চলি থকা মোগল বিৰোধিতাৰ বিষয়ক লৈ সমালোচনাত মুখৰ হৈ পৰে৷ 

অতিশয় ক্ষুব্ধ নাছিৰউদ্দিন শ্বাহে কয়– ‘যদিহে মোগলে সকলো বেয়া কামেই কৰিছিল তেন্তে তাজমহল, লালকিল্লাৰ দৰে কীৰ্তিচিহ্নসমূহ ভাঙি পেলোৱা হওক৷ মোগলক মহিমামণ্ডিত কৰিব নালাগে, কিন্তু তেওঁলোকক অপমান কৰাও উচিত নহয়৷ বিগত কেইবাবছৰো ধৰি শাসকদল, চৰকাৰৰ মন্ত্ৰীসকলে নিৰন্তৰ মোগলক অপমান কৰি গৈছে৷ ৪০ খন চহৰৰ নাম বিগত কেইবছৰত সলনি কৰি পেলোৱা হৈছে৷ সেই চহৰসমূহে মোগলৰ স্মৃতি বহন কৰিছিল৷ আনকি ৰাষ্ট্ৰপতি ভৱনত থকা মোগল গাৰ্ডেনৰ নামো সলনি কৰি অমৃত উদ্যান কৰা হৈছে৷ এয়া সমান্তৰাল ইতিহাস সৃষ্টি কৰাৰ এটা অশুভ প্ৰয়াস৷ ইতিহাসক এনেদৰে মোহাৰি পেলাব নোৱাৰি৷ মোগলসকলে ভাৰতলৈ আহি দেশখনক লুটিপুতি খোৱা নাই৷ বৰং এইখন দেশতে থাকি মোগলে ভাৰতৰ উন্নয়ন সাধন কৰি দেশখনক এটা দীঘলীয়া সময় শাসন কৰিছিল৷ এতিয়া মোগলৰ বিৰুদ্ধে যি অপ-প্ৰচাৰ চলিছে সেয়া খুবেই হাস্যকৰ৷ চৰকাৰ, মন্ত্ৰী-মদাগৰে দস্যু নাদিৰ শ্বাহ বা তৈমূৰৰ সৈতে মোগলৰ পাৰ্থক্য নাজানে৷ নাদিৰ শ্বাহ, তৈমূৰ ডকাইতসদৃশ ৰজা আছিল আৰু তেওঁলোকে ভাৰতক লুটিপুতি নিবলৈ আক্ৰমণ কৰিছিল৷ কিন্তু মোগলে এইখন দেশতে থাকি অলেখ কীৰ্তিচিহ্ন নিৰ্মাণ কৰি, চহৰ-নগৰ স্থাপন কৰি দেশখনৰ উন্নতি সাধন কৰিছিল৷ অৱশ্যে দেশৰ পাঠ্যপুথিত ভাৰতীয় প্ৰাচীন ঐতিহ্যৰ তুলনাত মোগলৰ প্ৰতি অধিক পক্ষপাত প্ৰদৰ্শন কৰা হৈছে৷ তাৰো কাৰণ আছে৷ কিয়নো ইংৰাজে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰালৈকে ভাৰতত মোগলৰ শাসন বৰ্তি আছিল৷ অৰ্থাৎ ভাৰতীয় আধুনিক ইতিহাসৰ আৰম্ভণিলৈকে মোগলৰ শাসন আছিল৷ একেবাৰে শেহতীয়া হোৱাৰ বাবে মোগল সম্পৰ্কীয় বিষয় পাঠ্যপুথিত অধিক আছে আৰু চৰ্চাও অধিক হৈছে৷ তাৰ তুলনাত গুপ্ত সাম্ৰাজ্য, মৌৰ্য সাম্ৰাজ্য, বিজয় নগৰ সাম্ৰাজ্য, অজন্তাৰ গুহাৰ ইতিহাস, উত্তৰ-পূবৰ সবিশেষ বা তেনে প্ৰাচীন ভাৰতীয় ইতিহাস সন্দৰ্ভত চৰ্চা কম৷ কিন্তু তাৰ অৰ্থ এয়া নহয় যে মোগলক নিৰন্তৰ অপমান কৰি যাব৷ ইতিহাসত মোগলক মহিমামণ্ডিত কৰা হৈছে৷ কিন্তু তাৰ প্ৰত্যুত্তৰত মোগলক খলনায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ লোৱাটো অযুক্তিকৰ৷ দস্যু নাদিৰ শ্বাহ, তৈমূৰৰ দৰে বিদেশী শত্ৰুৰ সৈতে দেশ শাসন কৰা মোগলক একাকাৰ কৰি পেলোৱা অনুচিত৷’