Logo
image

শ্বিলং-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ পাছতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজধানী সমূহৰ ভিতৰত অন্যতম ব্যস্ত চহৰ হিচাপে পৰিচিত শ্বিলঙৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীৰ সৈতে শুকুৰবাৰৰ পৰা পোনপটীয়া বিমান চলাচল আৰম্ভ হৈছে৷ পাহাৰীয়া ৰাজ্যখনৰ পৰা এই বিমান সেৱা আৰম্ভ কৰিছে  অন্যতম বিমান সেৱা প্ৰদানকাৰী কোম্পানী স্পাইছজেটে৷ এই সন্দৰ্ভত স্পাইছজেটৰ সূত্ৰই সদৰি কৰা অনুসৰি শুকুৰবাৰে কিউ-৪০০ শ্ৰেণীৰ ৭২খন আসনযুক্ত বিমানখন ১৮জন যাত্ৰী লৈ পুৱা ৭.৪০ বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উৰা মাৰে আৰু ৩ ঘণ্টা ১৫ মিনিট যাত্ৰাৰ অন্তত দিনৰ ১০.৫৫ বজাত শ্বিলং বিমানবন্দৰত অৱতৰণ কৰে৷ বিমানবন্দৰত স্পাইছজেট কোম্পানীৰ ফালৰ পৰা যাত্ৰী সকলক আদৰণি জনোৱা হয়৷ তাৰ পাছত বিমানখনে ১২জন যাত্ৰী লৈ দিনৰ ১১.১৫ বজাত শ্বিলঙৰ পৰা নতুন দিল্লী অভিমুখে উৰা মাৰে আৰু ৩ ঘণ্টা ২৫ মিনিট যাত্ৰাৰ অন্তত বিয়লি ২:৪০ বজাত নতুন দিল্লীত অৱতৰণ কৰে৷ উল্লেখযোগ্য যে দিল্লীৰ মাজত পোনপটীয়াকৈ বিমান চলাচল কৰাৰ বাবে যোৱা ১৪ জানুৱাৰীত মেঘালয় চৰকাৰৰ অধীনৰ মেঘালয় পৰিবহণ নিগমৰ সৈতে এক বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল৷ সেই অনুসৰি প্ৰথম পৰ্যায়ত সপ্তাহত দুদিনকৈ এই বিমান চলাচল কৰিব৷ আনহাতে শ্বিলং বিমান বন্দৰটো বৰাপানীৰ সমীপত পাহাৰীয়া ঠাইত অৱস্থিত হোৱা বাবে ইয়াৰ পৰা ৭২ ৰ পৰা ৮০খন আসনযুক্ত ‘কিউ - ৪০০’ শ্ৰেণীৰ বিমানহে চলাচল কৰিব৷ উল্লেখযোগ্য যে দেশৰ ৰাজধানী দিল্লীৰ সৈতে শ্বিলঙৰ পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত নিশ্চিতভাবে ৰাজ্যখনৰ বাবে পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত ইতিবাচক বাৰ্তা আহিব বুলি আশা কৰা হৈছে৷ বৰ্তমান ভাৰত চৰকাৰৰ উড়ান কাৰ্যসূচীৰ অধীনত আঞ্চলিক যোগাযোগ আঁচনিৰ জৰিয়তে শ্বিলঙৰ পৰা কলকাতাৰ উপৰিও নাগালেণ্ডৰ ডিমাপুৰ, মণিপুৰৰ ইম্ফল, অসমৰ শিলচৰ, ডিব্ৰুগড়লৈ বিমান চলাচল কৰি আছে৷