Logo
image

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী ছিছোডিয়াক গ্ৰেপ্তাৰ

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ  আশংকা সত্যত পৰিণত কৰি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীশ¸ ছিছোদিয়াক দেওবাৰে চি বি আয়ে দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ দিনৰ ১১ বজাৰ পৰা একেৰাহে ৮ ঘণ্টা জেৰা কৰাৰ অন্তত সন্ধিয়া ৭ বজাত মনীশ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা বুলি চি বি আয়ে ঘোষণা কৰে৷ গ্ৰেপ্তাৰৰ পাছতো চি বি আয়ে মনীশ ছিছোদিয়াক জেৰা অব্যাহত ৰাখিছে আৰু তেওঁক নিশা পৰ্যন্ত দক্ষিণ দিল্লীৰ লোধী ৰোডৰ চি বি আইৰ মুখ্য কাৰ্যালয়তে ৰখা হৈছে৷ চিবিআইৰ মুখ্য  কাৰ্যালয় আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ  বৃহৎ দলে ঘেৰি ৰাখিছে৷ তদুপৰি আপৰ বিক্ষোভৰ আশংকাত অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ এনে এক সম্ভাৱনা থকাৰ বাবে দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত দিল্লী আৰক্ষীয়ে বৃহৎ বিক্ষোভৰ আশংকাত আম আদমি পাৰ্টীৰ আগশাৰীৰ প্ৰায় সকলো নেতা-নেত্ৰীকে গৃহবন্দী কৰি ৰাখিছে বুলি আপে অভিযোগ কৰিছে৷ ছিছোদিয়াৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আম আদমি পাৰ্টীয়ে আক্ৰমণাত্মক স্থিতি লোৱাৰ পোষকতা কৰি ছিছোদিয়াৰ গ্ৰেপ্তাৰ দেশৰ গণতন্ত্ৰৰ ক’লা দিন বুলি অভিহিত কৰিছে৷ এখন সংবাদমেলত আপ নেত্ৰী আতিশী সিঙে এয়া মোদী চৰকাৰৰ একনায়কত্ববাদী, স্বেচ্ছাচাৰী পদক্ষেপ বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মোদী চৰকাৰৰ এই পদক্ষেপক একনায়কত্ববাদী কাৰ্য বুলি মন্তব্য কৰি সত্যৰ ওচৰত স্বেচ্ছাচাৰী শাসন উফৰি যাব বুলি কৈছে৷ আপৰ নেতা সত্যেন্দৰ জৈন আৰু অন্যান্য নেতাই ছিছোদিয়াৰ গ্ৰেপ্তাৰ গৰিহণা দিছে৷ অৱশ্যে উপ-মুখ্যমন্ত্ৰী মনীশ ছিছোদিয়া চিবিআইৰ মুখ্য কাৰ্যালয়লৈ অহাৰ পৰাই আপৰ হাজাৰ হাজাৰ সমৰ্থকে ৰাজধানী চহৰখনৰ বাট পথ বিক্ষোভ প্ৰদৰ্শনেৰে উত্তাল কৰি ৰাখিছে৷ দেওবাৰে জেৰাৰ মাজতে যে আবকাৰী বিভাগৰো মন্ত্ৰী মনীশ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা হ’ব তাৰ পূৰ্ণ ইংগিত লাভ কৰিছিল স্বয়ং ছিছোদিয়া আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ পুৱা ১০ বজাত চিবিআইৰ মুখ্য কাৰ্যালয় অভিমুখে অহাৰ সময়তে এটা টুইট কৰি মনীশ ছিছোদিয়াই দলৰ কৰ্মী-সমৰ্থকক উদ্দেশ্যি কৈছিল যে তেওঁ ৭-৮ মাহৰ বাবে ঘৰলৈ উভতি আহিব নোৱাৰিব৷ ঘৰত তেওঁ অসুস্থ আৰু অকলশৰীয়া পত্নীক এৰি থৈ আহিছে৷ তেওঁৰ খবৰ ৰখাৰ বাবে ছিছোদিয়াই সমৰ্থকসকলক আহ্বান জনায়৷ ছিছোদিয়াই কয় যে নৰেন্দ্ৰ মোদীয়ে অৰবিন্দ কেজৰিৱালক ভয় কৰে৷ সেয়ে কেজৰিৱালৰ সোঁহাত হৈ থকাৰ বাবে ছিছোদিয়াক আঁতৰাই ৰখাৰ পৰিকল্পনা কৰিছে৷ শিক্ষামন্ত্ৰীৰো দায়িত্বত থকা ছিছোদিয়াই ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকৰ নিৰ্দেশ পালন কৰি পঢ়া-শুনা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ আনহাতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও গ্ৰেপ্তাৰ নিশ্চিত বুলি জানি পুৱাই এটা টুইট কৰি কৈছিল যে, ছিছোদিয়াৰ প্ৰতি দিল্লীৰ সকলো শিক্ষাৰ্থীৰ শুভকামনা আছে৷ তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে৷ সেই লক্ষ্যৰেই মোদী চৰকাৰ আগবাঢ়িছে৷ কিন্তু বিচাৰৰ অন্তত ছিছোদিয়া নিষ্কলংক হৈ ওলাই আহিব আৰু পূৰ্বৰ দৰে দায়িত্ব পালন কৰিব৷

মনীশ ছিছোদিয়াক যোৱা ১৯ ফেব্ৰুৱাৰীত চিবিআয়ে আবকাৰী নীতি দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে মাতিছিল৷ কিন্তু দিল্লী চৰকাৰৰ বাজেট প্ৰস্তুত কৰাৰ বাবে তেওঁ চি বি আইৰ পৰা এসপ্তাহ সময় বিছাৰিছিল৷ দেওবাৰে তেওঁ এখন ছানৰুফ থকা গাড়ীত থিয় হৈ সমৰ্থকবেষ্টিত হৈ ১০ বজাতে ঘৰৰ পৰা ওলাই আহে৷ পোনে পোনে ছিছোদিয়াই মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত সেৱা কৰে আৰু তাৰ পাছত কেইবাহাজাৰ দলীয় সমৰ্থকৰ সন্মুখত উজ্জীবিত ভাষণ প্ৰদান কৰি ১১ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়৷ তেতিয়াৰ পৰা একেৰাহে ৮ ঘণ্টা জেৰা কৰি অৱশেষত ৭ বজাত চিবিআয়ে ছিছোদিয়াক গ্ৰেপ্তাৰ কৰে৷

দিল্লী আবকাৰী নীতি দুৰ্নীতিৰ গোচৰত ইয়াৰ পূৰ্বেও ১৮ অক্টোবৰত চি বি আয়ে মনীশ ছিছোদিয়াক জেৰা কৰিছিল আৰু তেওঁৰ চৰকাৰী বাসভৱন, বেংকৰ লকাৰত তালাচী চলাইছিল৷ দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই আপ চৰকাৰৰ আবকাৰী নীতিৰ সাল-সলনিৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ ৰাজহ লোকচান হোৱা বুলি আৰু আপৰ নেতাই সুৰা ব্যৱসায়ীৰ পৰা বিশাল অংকৰ উৎকোচ লোৱাৰ অভিযোগ কৰি চিবিআই তদন্তৰ বাবে অনুমোদন জনাইছিল৷ উল্লেখ্য, আপ চৰকাৰে ২০২০ চনৰ ১৭ নৱেম্বৰত পুৰণি আবকাৰী নীতি ৰদ কৰি নতুন আবকাৰী নীতি বলবৎ কৰিছিল৷ দুবছৰৰ পাছত আপ চৰকাৰে ২০২২ চনৰ ৩ জুলাইত নতুন আবকাৰী নীতি ৰদ কৰি পুনৰ পুৰণি আবকাৰী নীতি বাহাল ৰাখে৷ অভিযোগ উঠিছিল, নতুন আবকাৰী নীতি বলবৎ কৰাৰ ফলত বৃহৎ পৰিমাণত দুৰ্নীতি সংঘটিত হয়৷ সেই দুৰ্নীতি ঢাকি ৰাখিবৰ বাবেই আপ চৰকাৰে নতুন আবকাৰী নীতি ৰদ কৰাৰ অভিযোগ উঠিছিল৷ নতুন আবকাৰী নীতি বলবৎ কৰাৰ ফলত সংঘটিত দুৰ্নীতিৰ ধন আপৰ নেতাই লাভ কৰাৰ অভিযোগ উঠিছিল৷ আবকাৰী মন্ত্ৰীৰো দায়িত্বত থকা মনীশ ছিছোদিয়াই সুৰা ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু সেই ধনেৰে আপে গোৱাৰ নিৰ্বাচন খেলিছিল বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল৷ উল্লেখ্য, দিল্লীৰ সুৰা বিক্ৰীৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আছিল চৰকাৰী৷ আপ চৰকাৰে নিজকে সুৰা বিক্ৰীৰ পৰা আঁতৰাই অনাৰ লক্ষ্যৰে নতুন নীতি বলবৎ কৰি সুৰা ব্যৱসায় বেচৰকাৰী ব্যৱসায়ীৰ হাতত তুলি দিছিল৷ সেই সালসলনিৰ জৰিয়তে আপে অতি কৌশলেৰে সুৰা ব্যৱসায়ীৰ পৰা বিশাল অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপতি হৈছিল, য’ৰ গুৰি ধৰিছিল মনীশ ছিছোদিয়াই৷

যোৱা আগষ্টত চিবিআয়ে এই দুৰ্নীতিৰ গোচৰৰ তদন্ত আৰম্ভ কৰি মনীশ ছিছোদিয়াৰ বাসভৱনত ১৯ আগষ্টত ১৪ ঘণ্টা ধৰি আৰু ৩০ আগষ্টত বেংকৰ লকাৰত তালাচী চলাইছিল৷ এই গোচৰত মনীশ ছিছোদিয়াক মুখ্য অভিযুক্ত কৰি আৰু ১৪ জনৰ বিৰুদ্ধে চিবিআয়ে গোচৰ ৰুজু কৰিছিল৷ যোৱা বছৰ ১৮ অক্টোবৰত চিবিআয়ে ছিছোদিয়াক ৯ ঘণ্টা জেৰা কৰিও নিৰ্দিষ্ট প্ৰমাণৰ অভাৱত গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকে৷ যোৱা নৱেম্বৰত এই গোচৰৰ অন্যতম অভিযুক্ত সুৰা ব্যৱসায়ী দীনেশ অৰোৰা ৰাজসাক্ষী হোৱাৰ লগে লগে আবকাৰী নীতি গোচৰে ছিছোদিয়াৰ বিৰুদ্ধে পাক ল’বলৈ আৰম্ভ কৰে৷

অখিল গগৈৰ গৰিহণা

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীশ ছিছোদিয়াৰ গ্ৰেপ্তাৰক মই গৰিহনা দিছো আৰু তেওঁক অনতিবিলম্বে মুকলি কৰি দিবলৈ দাবী জনাইছো৷ বিভিন্ন অজুহাত উলিয়াই বিৰোধী দলৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি বিজেপিয়ে নিজৰ স্বৈৰাচাৰী শাসনকেই উদঙাই দিছে৷ বিজেপি দেশৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত দল আৰু ই আন দলৰ নেতাক দুৰ্নীতিগ্ৰস্ত বুলি কোৱাটো চালনীয়ে বেজীক হঁহাৰ বাদে আন একো নহয়৷ ৰাইজৰ দলে দেশৰ সকলো বিৰোধী দলক ঐক্যৱদ্ধ হৈ বিজেপিৰ ফেচিষ্ট নীতিৰ বিৰুদ্ধে গৰজি উঠাৰ বাবে আহ্বান জনাইছো৷