Logo
image

বিজ্ঞানৰে নহয়, শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিতে ফাদিল হৈছিল গণিতৰো প্ৰশ্নকাকত!, ছেবাই ঘটনাৰ গাপ দিয়াৰ অভিযোগ

ডিজিটেল সংবাদ, ধেমাজিঃ ইখনৰ পিছত সিখনকৈ প্ৰশ্নকাকত ফাদিলেৰে ছেবাই অনুষ্ঠিত কৰা চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটাৰ পিছত আনটো অনিয়ম পোহৰলৈ আহিছে ৷ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ছেবাই বাতিল কৰাৰ পিছত তদন্তকাৰী সংস্থা চি আই ডিয়ে প্ৰশ্নকাকত ফাদিলৰ তদন্ত অব্যাহত ৰাখিছে৷ ঘটনাক লৈ তদন্ত অব্যাহত থকাৰ সময়তে বিজ্ঞান পৰীক্ষাৰ পূৰ্বেই ধেমাজিৰ এটা পৰীক্ষা কেন্দ্ৰত গণিতৰ প্ৰশ্নকাকত ফাদিলৰো চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ শিক্ষামন্ত্ৰীৰ গৃহজিলা ধেমাজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনা সাধাৰণ গণিতৰ ফাদিল হোৱা প্ৰশ্নকাকত লাভ কৰিছিল এজন ছাত্ৰই ৷ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞানৰ পৰীক্ষা ছেবাই বাতিল কৰাৰ পিছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদৰ জোৱাৰ সৃষ্টি হোৱাৰ সময়তে পোহৰলৈ আহিছে গণিতৰ প্ৰশ্নকাকত ফাদিলৰ আন এক গুৰুতৰ অভিযোগ ৷ 

ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই চি আই ডিক তদন্তৰ সহায়ক হব পৰাকৈ কিছু তথ্য যোগান দিয়া বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই ধেমাজিৰ যোৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সাধাৰণ গণিতৰ পৰীক্ষাত সংঘটিত হোৱা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে ৷ জানিব পৰা মতে, চলিত মেট্ৰিকৰ সাধাৰণ গণিতৰ পৰীক্ষাৰ দিনা নকল কৰি নিৰীক্ষকৰ হাতত ধৰা পৰি পৰীক্ষাৰ পৰা বহিষ্কৃত হৈছিল অমন ময়ং নামৰ এজন পৰীক্ষাৰ্থী ৷ পৰীক্ষাত নকল কৰি ধৰা পৰা ছাত্ৰজনে সেইদিনাই প্ৰকাশ কৰিছিল কেতবোৰ বিস্ফোৰক তথ্য ৷ হোৱাটছআপ যোগে পৰীক্ষাৰ তিনিদিনৰ পূৰ্বেই ধেমাজিৰ যোৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অৱৰ্তীণ হোৱা তথা ন পমোৱা খলিহামাৰী হাইস্কুলৰ ছাত্ৰজনে ফাদিল হোৱা প্ৰশ্নকাকত লাভ কৰিছিল 'পেৰেন্ট’ নামৰ এটা হোৱাটছ আপ গ্ৰুপত ৷ গ্ৰুপটোত আছিল ৭-৮ জন ছাত্ৰ ৷ 

গণিতৰ প্ৰশ্নকাকতৰ ক্ৰমিক নম্বৰ ৬-২১লৈ হুবহু মিলি গৈছিল পৰীক্ষাৰ্থীজনে হোৱাটছআপ যোগে পোৱা প্ৰশ্নকাকতখন৷ ছাত্ৰজনক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰাৰ সময়ত ছাত্ৰজনে পৰীক্ষাৰ প্ৰশ্নকাকত হোৱাটছআপ গ্ৰুপযোগে লাভ কৰাৰ সমস্ত তথ্য যোৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৰ্তৃপক্ষৰ আগত স্বীকাৰোক্তি দিছিল ৷ এই সন্দৰ্ভত বহিষ্কৃত ছাত্ৰজনে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যত সেইদিনা ঘটনা সম্পৰ্কে উল্লেখ কৰে৷ ইপিনে কৰ্তৃপক্ষইও সমগ্ৰ ঘটনা সন্দৰ্ভত সেইদিনাই ছেবাকো অৱগত কৰিছিল ৷ কিন্তু ৰহস্যজনকভাৱে বিষয়টো ছেবাই গাপ দিয়াৰ অভিযোগ উঠিছে ৷ ইফালে যোৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে অংকৰ পৰীক্ষাৰ দিনটোত অমন ময়ং নামৰ ছাত্ৰজনক নকল কৰাৰ কাৰণে পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰাৰ কথা প্ৰকাশ কৰিছে যদিও প্ৰশ্নকাকত ভাইৰেল সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ 

ইফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত অংকৰ প্ৰশ্নকাকত ফাদিলৰ সম্পৰ্কত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই যোৰকটা পৰীক্ষা কেন্দ্ৰৰ পৰিদৰ্শকক ধেমাজি আৰক্ষীয়ে গোগামুখ থানালৈ সমস্ত তথ্যসহ তলব কৰে ৷ এতিয়া প্ৰশ্ন হয় ধেমাজিৰ যোৰকটা কেন্দ্ৰৰ ঘটনা গাপ দিছিল নেকি ছেবাই? ধেমাজি শিক্ষা বিষয়াই চি আই ডিক গুৰুত্বপূৰ্ণ তথ্য যোগান দিয়াৰ পাছতেই কিয় চৰ্চাত আহিছে উক্ত পৰীক্ষা কেন্দ্ৰত ফাদিল হোৱা চাঞ্চল্যকৰ তথ্য? গণিতৰ পৰীক্ষাত নকল কৰাৰ অভিযোগত বহিষ্কাৰ কৰা ছাত্ৰজনৰ নকল ক্ৰম অনুসাৰে মিলি গৈছিল প্ৰশ্নকাকতৰ লগত৷ তৎস্বত্বেও ঘটনাৰ তদন্ত নকৰিলে কিয় ছেবা কৰ্তৃপক্ষই? হতভম্ভ নিৰীক্ষকে প্ৰশ্ন কৰাত ছাত্ৰজনে জনাইছিল প্ৰশ্নকাকত তিনিদিন পূৰ্বেই লাভ কৰাৰ কথা ৷ সেই সকলো কথা ছাত্ৰজনৰ পৰা লিখিতভাৱে লৈছিল কেন্দ্ৰটোৰ বিষয়াই ৷ নকলসহ সকলো তথ্য প্ৰেৰণ কৰা হৈছিল ছেবালৈ ৷ বিষয়টো ছেবাই তদন্ত কৰিছিল নে? এই বিষয়টো তদন্ত নকৰাকৈ এৰি দিব পৰা বিষয় আছিল নে? এতিয়া এনে কেতবোৰ প্ৰশ্ন স্বাভাৱিকতে উত্থাপিত হৈছে ৷ বছৰেকত এটা পৰীক্ষাও সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা  ছেবাৰ চূড়ান্ত দ্বায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে লাখ লাখ শিক্ষাৰ্থীয়ে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে ৷ ছেবাৰ এই কাণ্ডত হতভম্ব শৈক্ষিক মহল ৷ চি আই ডিৰ তদন্তহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷