Logo
image

শিলাবৃষ্টি, ধুমুহাই জোকাৰিব ৰাজ্য

আমাৰ অসম, ১৭ মাৰ্চঃ বংগোপ সাগৰৰ উপকূলীয় অঞ্চলত সৃষ্টি হোৱা কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে অসমসহ উত্তৰ-পূবৰ  কেবাখনো ৰাজ্যৰ আকাশ বিগত প্ৰায় তিনিদিন ধৰি ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়া আৰু কিছু কিছু ঠাইত গাজনী, ঢেৰেকনি, শিলাবৃষ্টি ব্ৰজপাতৰ সৈতে মজলীয়া পৰিমাণৰ বৰষুণ হৈ আছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত অহা ২০ মাৰ্চ পৰ্যন্ত বতৰ অপৰিবৰ্তনীয় হৈ থাকিব৷ ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তক চাৰিটা দিনৰ বাবে ইয়েলো ৱাৰ্ণিং বা হালধীয়া সতৰ্কতা জাৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বাংলাদেশৰ ওপৰেৰে সাগৰপৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্ছতাৰে পশ্চিমৰ দিশৰপৰা বতাহ বলি থকা বাবে উত্তৰ-পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো তাপমাত্ৰা স্বাভাৱিকতকৈ ঠাইবিশেষে ২ৰ পৰা ৬ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত কম হৈছে বিগত দুটা দিনত৷ ফলত ৰাইজে গৰমৰ পৰা সাময়িকভাৱে হলেও সকাহ পাইছে৷ আনকি পাহাৰীয়া, নৈপৰিয়া আৰু জলাশয়ৰ কাষৰীয়া অঞ্চলসমূহত পুৱা আৰু নিশাৰ ভাগত কুঁৱলী পৰা পৰিলক্ষিত হৈছে৷ তেনেদৰে নিশাৰ ভাগত তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনী কমি যোৱাত ৰাইজে শীত নিবাৰণৰ বাবে পুনৰ গৰম কাপোৰ ব্যৱহাৰ কৰিব লগা হৈছে৷  ইফালে, বতৰ ডাৱৰীয়া হৈ থকাৰ সমান্তৰালভাৱে পশ্চিমৰ পৰা বতাহ বলি থকাৰ তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনি নিম্নগামী হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনমানৰ তাপমাত্ৰা আছিল এনেধৰণৰ গুৱাহাটীত সৰ্বাধিক ৪.৯০ আৰু সৰ্বনিম্ন ১৫.৬০ ছেলছিয়াছ, ডিব্ৰুগড়ত সৰ্বাধিক ২৫.০০ আৰু সৰ্বনিম্ন ১৫.৮০ ছেলছিয়াছ, শিলচৰত সৰ্বাধিক ৩১.৪০ আৰু সৰ্বনিম্ন ১৮.৬০ ছেলছিয়াছ, ধুবুৰীত সৰ্বাধিক ২৫.৯০ আৰু সৰ্বনিম্ন ১৬.৮০ ছেলছিয়াছ, যোৰহাটত সৰ্বাধিক ২৪.০০ আৰু সৰ্বনিম্ন ১৬.৮০ ছেলছিয়াছ, উত্তৰ লখিমপুৰত সৰ্বাধিক ২৫.২০ আৰু সৰ্বনিম্ন ১৫.৪০ ছেলছিয়াছ, তেজপুৰত সৰ্বাধিক ২৭.৫ ‘‘ আৰু সৰ্বনিম্ন ১৬.৫‘‘ ছেলছিয়াছ৷  ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই অহা দেওবাৰ পৰ্যন্ত পশ্চিম অসম, দক্ষিণ অসম আৰু মেঘালয় আৰু মিজোৰামৰ সীমান্তৱৰ্তী কেতবোৰ ঠাইত প্ৰতি ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহ বলাৰ লগতে গাজনি, বিজুলী - ঢেৰেকনী, শিলাবৃষ্টিৰ সৈতে প্ৰচণ্ড বৰষুণ অহাৰো সম্ভাৱনা আছে বুলি সদৰি কৰিছে৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত অসমৰ বেছিভাগ ঠাইতে ১০ মিলিমিটাৰ, কিছু অঞ্চলত ২০ ৰ পৰা ৪০ মিলিলিটাৰ পৰ্যন্ত বৰষুণ হৈছে বুলি সদৰি কৰিছে৷ সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫ মিলিলিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাসাৰ পৰিমাণৰ বৰষুণ অহা বুলি কোৱা হয়৷