Logo
image

মে' মাহতেই দিব মেট্ৰিকৰ ফলাফল

ডিজিটেল ডেস্কঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল হৈছে ৰাজ্য৷ শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবীৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্য়াহত ৰাখিছে৷ বিজ্ঞানৰ পিছত অসমীয়া প্ৰশ্নকাকত ফাদিলৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতে পিছুওৱা হৈছে পৰীক্ষাৰ দিন৷ ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে৷ মেট্ৰিকৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা সুচাৰুৰূপে সম্পাদনা কৰিব নোৱাৰাৰ বাবে শিক্ষা বিভাগক ধিক্কাৰ দিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সচেতন মহলে৷

ইয়াৰ মাজতে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই মেট্ৰিকৰ ফলাফলক লৈ বৃহৎ ঘোষণা কৰিছে৷ মে' মাহৰ ভিতৰতে মেট্ৰিকৰ ফলাফল ওলাব বুলি ঘোষণা কৰিছে নয়নজ্যোতি শৰ্মাই৷ এতিয়া প্ৰশ্ন হয় দুটাকৈ বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বাবে পৰীক্ষাৰ দিন পিছুওৱা ছেবাই সময়তমতে ঘোষণা কৰিব পাৰিবনে মেট্ৰিকৰ ফলাফল?