Logo
image

উত্তৰ প্ৰদেশত যোগীৰ আমোলত ১০ হাজাৰ এনকাউণ্টাৰ

আমাৰ অসম, ১৮ মাৰ্চঃ ‘ঠোক দো’– বলীউডৰ চিনেমাত প্ৰায়েই এই শব্দ দুটা শুনা যায় আৰু তাৰ পাছত আৰক্ষীয়ে অপৰাধীক বিনাবিচাৰে গুলীয়াই মৰাৰ শিহৰণ উদ্ৰেককাৰী দৃশ্যৰ অৱতাৰণা হয়৷ এটা কথা স্পষ্ট কৰা প্ৰয়োজন, চিনেমাৰ পৰা বাস্তৱলৈ এই বিষয়টো অহা নাই, অৰ্থাৎ চিনেমাৰ ‘ঠোক দো’ চাই আৰক্ষীয়ে এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰা নাই৷ বৰং চিনেমালৈহে এনে এনকাউণ্টাৰৰ ঘটনাৰ কাহিনী গৈছে আৰু আৰক্ষীয়ে বিনাবিচাৰে অভিযুক্তক হত্যা কৰাৰ ঘটনা দেশত নিৰ্বিবাদে চলি আছে৷ এনকাউণ্টাৰৰ পোনপটীয়া অৰ্থ হৈছে আৰক্ষী আৰু সন্দেহজনক অপৰাধীৰ মাজত সংঘটিত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা, য’ত উভয় পক্ষৰ যিকোনো ব্যক্তিৰে মৃত্যু হ’ব পাৰে৷ কিন্তু ভাৰতত সংঘটিত আৰু সাধাৰণতে বলীউডী ছবিত দেখা ঘটনাবোৰত এনকাউণ্টাৰ কৰি দিয়া হয়, অৰ্থাৎ আৰক্ষীয়ে ভুৱা সংঘৰ্ষৰ সৃষ্টি কৰি অভিযুক্তক বিচাৰ পোৱাৰ পূৰ্বেই হত্যা কৰা হয়৷ সেই এনকাউণ্টাৰৰ ঘটনাৰে এইবাৰ সংবাদ শিৰোনাম লাভ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ 

এসময়ত যোগী আদিত্যনাথক ৰাজ্যত আৰু সংবাদ মাধ্যমত ‘বুলড’জাৰ বাবা’ বুলি অভিহিত কৰা হৈছিল, ঘাইকৈ তেওঁৰ চৰকাৰে অভিযুক্তৰ ঘৰদুৱাৰ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ বাবে৷ এতিয়া পিছে যোগী আদিত্যনাথক ‘ঠোক দো’ বুলিয়েই সকলোৱে জানে৷ তেওঁৰ ছবছৰীয়া কাৰ্যকালত এনে ‘ঠোক দো’ৰ ঘটনা ইমানেই অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে যাৰ জৰিয়তে তেওঁৰ ৰাজ্যই অনাকাংক্ষিত অভিলেখ গঢ়িছে৷ যোৱা ছবছৰৰ যোগী আদিত্যনাথৰ শাসনত উত্তৰ প্ৰদেশত মুঠতে আৰক্ষীয়ে ১০,৭১৩টা এনকাউণ্টাৰ সংঘটিত কৰিছে৷ দেশৰ কোনো এখন ৰাজ্যই যোগী আদিত্যনাথৰ এই অভিলেখৰ কাষ চপাৰো যোগ্যতা অৰ্জন কৰিব পৰা নাই৷ ছবছৰৰ পূৰ্বে ক্ষমতা হাতত লৈ যোগী আদিত্যনাথে উত্তৰপ্ৰদেশৰ আৰক্ষীৰ হাতত প্ৰচুৰ ক্ষমতা তুলি দিছিল৷ সেই ক্ষমতাৰে বলীয়ান হৈয়েই যোগী আদিত্যনাথৰ আৰক্ষীয়ে যোৱা ছবছৰত ১০,৭১৩টা এনকাউণ্টাৰ সংঘটিত কৰিছে৷ আৰক্ষীৰ হিচাপ অনুসৰি এই এনকাউণ্টাৰত ১৭৮ অভিযুক্তৰ মৃত্যু হৈছে৷ আনহাতে চৰকাৰে দিয়া হিচাপ অনুসৰি এনকাউণ্টাৰত নিহত হৈছে ৬৯ অভিযুক্ত৷ বেচৰকাৰী হিচাপ মতে সেই সংখ্যা প্ৰকৃততে বহু অধিক৷ আৰক্ষী আৰু চৰকাৰে আগবঢ়োৱা হিচাপৰ গঢ়-মিলতে বিষয়টো যে জটিল সেয়া ওলাই পৰিছে৷ মাফিয়া আৰু অপৰাধীৰ ক্ষেত্ৰত যোগী আদিত্যনাথে শূন্যসহনশীল নীতি ল’ব বুলি ঘোষণা কৰাৰ পাছৰ পৰাই উত্তৰ প্ৰদেশত সৰ্বদা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ আহিছে৷ বহু সময়ত নিৰ্দোষীও নিহত হৈছে আৰক্ষীৰ বন্দুকৰ পৰা ওলাই যোৱা গুলীত৷ লক্ষ্ণৌৰ আইন-শৃংখলাৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰৰ তথ্য অনুসৰি অপৰাধীৰে সৈতে হোৱা সংঘৰ্ষত ১৫ জন আৰক্ষীৰো মৃত্যু হৈছে আৰু আহত হৈছে ১,৪২৫ জন আৰক্ষীৰ৷ 

প্ৰশান্ত কুমাৰৰ দাবী, উত্তৰ প্ৰদেশত যিমান এনকাউণ্টাৰ সংঘটিত হৈছে সেয়া উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশিকা পালন কৰিয়েই সম্পন্ন হৈছে৷ পিছে ভাৰতীয় আইন ব্যৱস্থাত এনকাউণ্টাৰক বৈধতা প্ৰদান কৰা হোৱা নাই৷ সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ অনুসৰি দেশৰ প্ৰত্যেকজন নাগৰিকৰ জীৱনৰ  বা জীয়াই থকাৰ অধিকাৰ হৈছে মৌলিক অধিকাৰ৷ এনে পৰিস্থিতিত আৰক্ষীয়ে দাবী কৰিলেও আৰু যোগী আদিত্যনাথে ‘ঠোক দো’ নিৰ্দেশ জাৰি কৰিলেও সেয়া হৈছে আইন বহিৰ্ভূত হত্যা বা ‘এক্সষ্ট্ৰা জুডিচিয়েল কিলিং’৷ ভাৰতীয় আইন ব্যৱস্থাৰ  সৌন্দৰ্য হৈছে– অপৰাধী সাৰি গ’লেও যাতে নিৰপৰাধীয়ে শাস্তি নাপায়৷ সেয়া প্ৰতিপন্ন হোৱালৈ আদালতত দীৰ্ঘসময়ৰ প্ৰয়োজন হয় আৰু বহু সময়ত সাক্ষী-বাদীৰ অভাৱত অপৰাধী মুক্ত হৈ যায়৷ এনে পৰিস্থিতিতে উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই অপৰাধমুক্ত কৰাৰ বাবে চৰকাৰী উদ্যোগত এনকাউণ্টাৰৰাজ প্ৰতিষ্ঠা কৰিছে৷ স্বাভাৱিকতে সেয়া দেশৰ আইনী ব্যৱস্থাৰ প্ৰতি সংবিধানৰ শপত লৈ শাসনত বহা এখন চৰকাৰৰ ভেঙুচালি৷ প্ৰকৃততে বিচাৰ বিলম্বিত হোৱাৰ কাৰণ বিচাৰকৰ অভাৱ৷ সেই অভাৱ পূৰণ কৰিব লাগে চৰকাৰে৷ কিন্তু চৰকাৰৰ অমনোযোগিতাৰ বাবে বিচাৰকৰ পদ খালী হৈ থাকে আৰু সীমিত বিচাৰকেৰে মীমাংসা নোহোৱাকৈ থকা অসংখ্য গোচৰ নিষ্পত্তি কৰাটো অসম্ভৱ হৈ পৰে৷ তাৰ বাবে ন্যায় ব্যৱস্থাক দোষ দি উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্যই যি আইন বহিৰ্ভূত হত্যাৰ পৃষ্ঠপোষকতা কৰিছে সেয়া কোনো জ্ঞানী লোকে সমৰ্থন কৰা নাই৷ কোৱা বাহুল্য মাথোঁ, যোগী আদিত্যনাথক অনুকৰণ কৰি এতিয়া অসমতো এনকাউণ্টাৰৰাজৰ সূচনা ঘটিছে৷ প্ৰসংগতঃ, উত্তৰ প্ৰদেশত পাঁচটা জ’নত সৰ্বাধিক এনকাউণ্টাৰ সংঘটিত হৈছে৷ তাৰ ভিতৰত সকলোতকৈ বেছি এনকাউণ্টাৰ হৈছে মীৰাটত৷ পৰৱৰ্তী স্থান দখল কৰিছে আগ্ৰা, বাৰণসী, লক্ষ্ণৌ আৰু প্ৰয়াগৰাজে৷ তাৎপৰ্যপূৰ্ণভাৱে এনকাউণ্টাৰত নিহত অথবা এনকাউণ্টাৰৰ বলি হোৱা অধিকসংখ্যকেই হৈছে মুছলিম সম্প্ৰদায়ৰ৷ সেই ক্ষেত্ৰতো উত্তৰ প্ৰদেশৰ সৈতে অসমৰ সাদৃশ্য আছে৷