Logo
image

নিষিদ্ধ ঘোষণা সত্ত্বেও অটল কৰিশ্মা নাথ

আমাৰ অসম, ২১ মাৰ্চঃ নাগাৰা নামত কোনোকালে ব্যৱহাৰ নকৰা কেতবোৰ আচহুৱা ভংগিমা আৰু শৈলীৰ উপস্থাপনৰ উপৰি ভক্তিমূলক এই নামত কাজেই ৰিমিক্সৰ সংযোজন কৰি নিশাটোৰ ভিতৰতে ৰাজ্যজুৰি পৰিচিতি লাভ কৰা প্ৰচুৰ সম্ভৱনাময় যুৱশিল্পী কৰিশ্মা নাথক  কেন্দ্ৰ কৰি প্ৰবল প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ইয়াৰ মাজতে সদৌ অসম নাগাৰা নাম সংঘই নিজৰ স্থিতি প্ৰকাশ কৰা দেখা গৈছে৷ বিশেষকৈ উদীয়মান শিল্পী গৰাকীয়ে নাগাৰা নামৰ সৈতে সংপৃক্ত কৰি ব্যৱহাৰ কৰা ভংগিমা আৰু শৈলীক লৈ ৰাজ্যত উলম্ব বিভাজন ঘটাৰ বিপৰীতে সদৌ অসম নাগাৰা নাম সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাঙুৰ খাই উঠিছে৷  কৰিশ্মা নাথে পৰিৱেশন নাগাৰা নামত পে-পে- পে-পেকৈ পেঁপা বজোৱাৰ শৈলী নিশাটোৰ ভিতৰতে বনজুইৰ দৰে ৰাষ্ট্ৰ হৈ পৰাৰ পিছত ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ এই কাৰ্যৰ বাবে নাগাৰা নাম সংঘই কৰিশ্মা নাথক ৭ দিনৰ ভিতৰত ক্ষমা বিচাৰিবলৈ সময় সীমা বান্ধি দিছে৷ সংঘৰ সম্পাদক নিপন দত্ত কলিতাই এইক্ষেত্ৰত সংবাদ মাধ্যমক জনাই যে সংঘৰ বিৰুদ্ধে বিৰূপ মন্তব্যও কৰা কৰিস্মাক ইয়াৰ অন্যথা সদৌ অসম নাগাৰা নাম সংঘই অনিৰ্দিষ্ট কালৰ বাবে অসহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইপিনে, কৰিশ্মা নাথে সংঘৰ এনে সিদ্ধান্তৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰাই নহয়, ক্ষমাও নিবিচাৰে বুলি স্পষ্ট কৰি দিছে৷ তদুপৰি এইগৰাকী শিল্পীয়ে এইটোও কৈছে যে যদি তেওঁ পৰিৱেশন কৰা নাগাৰা নামত কিবা ভুল হৈছিল, তেতিয়া হ’লে ইমান হৈ-চৈ নকৰি সেই বিষয়ে সংঘই তেওঁক প্ৰথমে জনোৱাটো উচিত আছিল৷ সদৌ অসম নাগাৰা নাম সংঘই নিষিদ্ধ ঘোষণা কৰিলেও নিজৰ স্থিতিত অটল আছে কৰিশ্মা নাথ৷