Logo
image

পত্নী অসুস্থ, পুত্ৰ থাকে বিদেশতঃ পত্নীক শুশ্ৰূষাৰ বাবে আদালতক জামিনৰ অনুৰোধ মনীষ ছিছোদিয়াৰ

ডিজিটেল ডেস্কঃ দিল্লী সুৰা নীতি অনিয়মৰ অভিযোগত কাৰাগাৰত থকা প্ৰাক্তন মন্ত্ৰী মনীষ ছিছোদিয়াই মঙলবাৰে আদালতক তেওঁক জামিন প্ৰদান কৰিবলৈ অনুৰোধ জনায়৷ আদালতত শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই কয় যে মনীষ ছিছোদিয়াৰ পত্নী বৰ্তমান অসুস্থ আৰু তেওঁৰ যতন ল'বলৈ কোনো নাই। তেওঁৰ পুত্ৰ থাকে বিদেশত৷ যাৰ বাবে মানবীয়তাৰ ভিত্তিত ছিছোদিয়াক জামিন প্ৰদান কৰিব লাগে। ইফালে ছিছোদিয়াৰ অধিবক্তাৰ এই অনুৰোধৰ বিৰোধিতা কৰিছে চি বি আইয়ে।  

জামিনৰ বিৰোধিতা কৰি চি বি আইয়ে কয় যে মনীষ ছিছোদিয়া দিল্লী চৰকাৰৰ ইমান ডাঙৰ পদত আছে যে তেওঁ কেৱল প্ৰমাণ লুকুওৱাই নহয়, প্ৰমাণ নষ্টও কৰিব পাৰে। এই সন্দৰ্ভত মনীষ ছিছোদিয়াৰ অধিবক্তাই কয় যে ছিছোদিয়াই আৰম্ভণিৰে পৰা তদন্তকাৰী সংস্থাসমূহক সহযোগিতা কৰি আহিছে আৰু যদি তেওঁ জামিন লাভ কৰে, পৰৱৰ্তী সময়তো সহযোগিতা আগবঢ়াব। 

উল্লেখ্য যে প্ৰৱৰ্তন সঞ্চালকালয়ৰ গোচৰত মনীষ ছিছোদিয়াৰ হৈ জামিন আবেদন দাখিল কৰা হৈছে। ৰাউজ এভিনিউ আদালতে ছিছোদিয়াৰ জামিন আবেদনক লৈ ইডিক জাননী জাৰি কৰিছে। ইডি গোচৰত ছিছোদিয়াৰ জামিনৰ শুনানি ২৫ মাৰ্চত হ'ব৷ ইফালে ছিছোদিয়াৰ অধিবক্তাই কয় যে চি বি আইয়ে আইনৰ পৰিসৰত থাকি কাম কৰা নাই। চি বি আইয়ে জব্দ কৰা ডিভাইচত ছিছোদিয়াৰ বিৰুদ্ধে কোনো তথ্য লাভ কৰা নাই। এই ক্ষেত্ৰত চি বি আইয়ে কেৱল ছিছোদিয়াক হাৰাশাস্তি দিছে।