Logo
image

ক্ষমা খুজিবৰ বাবে এসপ্তাহৰ সময়ঃ নিষিদ্ধ ঘোষণা সত্ত্বেও নিজৰ স্থিতিত অটল কৰিশ্মা

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলি আৰু ৰঙিয়াৰ বিশেষ  প্ৰতিবেদকঃ নাগাৰা নামত কোনোকালে ব্যৱহাৰ নকৰা কেতবোৰ আচহুৱা ভংগিমা আৰু শৈলীৰ উপস্থাপনৰ উপৰি ভক্তিমূলক নাগাৰা নামত ৰিমিক্সৰ সংযোজন কৰি নিশাটোৰ ভিতৰতে ৰাজ্যজুৰি পৰিচিতি লাভ কৰা কৰিস্মা নাথক কেন্দ্ৰ কৰি ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ইয়াৰ মাজতে সদৌ অসম নাগাৰা নাম সংঘই নিজৰ স্থিতি প্ৰকাশ কৰিছে। কৰিশ্মাই নাগাৰা নামৰ সৈতে সংযুক্ত কৰা ভংগিমা আৰু শৈলীক লৈ ৰাজ্যত উলম্ব বিভাজন ঘটাৰ সময়তে সদৌ অসম নাগাৰা নাম সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাঙুৰ খাই উঠিছে । 

কৰিশ্মা নাথে পৰিবেশন কৰা নাগাৰা নামত পে পে পে পেকৈ পেপা বজোৱাৰ শৈলী নিশাটোৰ ভিতৰতে ভাইৰেল হোৱাৰ পিছত ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ এই কাৰ্যৰ বাবে নাগাৰা নাম সংঘই কৰিশ্মা নাথক এসপ্তাহৰ ভিতৰত ক্ষমা বিচাৰিবলৈ সময় সীমা বান্ধি দিয়ে। সংঘৰ সম্পাদক নিপন দত্ত কলিতাই সংবাদ মাধ্যমক জনাই যে সংঘৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কৰিস্মাক ইয়াৰ অন্যথা সদৌ অসম নাগাৰা নাম সংঘই অনিদিৰ্ষ্ট কালৰ বাবে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইপিনে কৰিশ্মা নাথে সংঘৰ এনে সিদ্ধান্তৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰাই নহয়, ক্ষমাও নিবিচাৰে বুলিও স্পষ্ট কৰি দিছে। তদুপৰি তেওঁ কয় যে যদি তেওঁ পৰিবেশন কৰা নাগাৰা নামত কিবা ভুল হৈছে, তেন্তে ইমান হৈ-চৈ নকৰি সেই বিষয়ে সংঘই তেওঁক প্ৰথমে জনোৱাটো উচিত আছিল ।