Logo
image

বিনাযুদ্ধে অস্ত্ৰ ক্ৰয়ৰ শীৰ্ষত ভাৰত

আমাৰ অসম, ২২ মাৰ্চঃ  শক্তিশালী শত্ৰু ৰাছিয়াৰ বিৰুদ্ধে তয়াময়া ৰণ কৰি আছে ইউক্ৰেইনে, কিন্তু অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষত থাকি অভিলেখ গঢ়িছে বিজেপি চৰকাৰৰ শাসনাধীন ভাৰতে৷ ‘ষ্টকহ’ম ইণ্টাৰনেচনেল পিচ ৰিচাৰ্ছ ইনষ্টিটিউটে’ প্ৰকাশ কৰা সমীক্ষাৰ তথ্যত দেখা গৈছে, ২০১৮-২২ চনলৈ বিশ্বৰ সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ আমদানি কৰা দেশৰ তালিকাৰ শীৰ্ষত আছে ভাৰতৰ নাম৷ আনহাতে ৰাছিয়াৰ সৈতে এবছৰ ধৰি ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা ইউক্ৰেইন অস্ত্ৰ আমদানিৰ তালিকাত বিশ্বৰ ভিতৰত আছে তৃতীয় স্থানত৷ এইক্ষেত্ৰত ভাৰতৰ পিছতে থাকি দ্বিতীয় স্থান অৰ্জন কৰিছে ছৌডি আৰৱে আৰু চতুৰ্থ স্থানত আছে কাতাৰ৷ সোমবাৰে প্ৰকাশিত এই সমীক্ষাত দেখা গৈছে, ২০১৩-১৭ লৈ আৰু ২০১৮-২২ লৈ ৰাছিয়াই ভাৰতক সৰ্বাধিক অস্ত্ৰৰ যোগান ধৰিছে বা ভাৰতে ৰাছিয়াৰ পৰা সৰ্বাধিক আমদানি কৰিছে৷ সম্প্ৰতি ৰাছিয়াৰ পৰা ভাৰতৰ অস্ত্ৰ আমদানি পূৰ্বৰ তুলনাত ৪৫ শতাংশ হ্ৰাস পাইছে৷ ৰাছিয়া নিজে ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত হৈ থকাৰ ফলত নিজৰ চাহিদাৰ বাবেই ভাৰতলৈ অস্ত্ৰ ৰপ্তানি হ্ৰাস পাইছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, সম্প্ৰতি বিগত ২০১৩-১৭ চনৰ তুলনাত ২০১৮-২২ চনলৈ ভাৰতৰ অস্ত্ৰ আমদানি ১১ শতাংশ হ্ৰাস হৈছে৷ তথাপি আজিৰ দিনতো বিশ্বৰ ভিতৰত সৰ্বাধিক অস্ত্ৰ আমদানিকাৰী দেশ হৈছে ভাৰত৷ সমগ্ৰ বিশ্বই যুদ্ধৰ পৰিৱৰ্তে শান্তিৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰাৰ সময়ত ভাৰত অস্ত্ৰ আমদানিৰ শীৰ্ষত থকাতো শান্তিকামী দেশ হিচাপে ভাৰতৰ বাবে অনাকাংক্ষিত অভিলেখ হিচাপে বিবেচিত হৈছে৷ তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে আত্মনিৰ্ভৰতাৰ শ্ল’গান দি দেশত থলুৱাভাৱে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ ‘মেক ইন ইণ্ডিয়া’ৰ শ্ল’গান আৰু স্বদেশী অস্ত্ৰৰ নিৰ্মাণৰ লক্ষ্যৰে মোদী চৰকাৰে বিগত বছৰত ১০১ বিধ অস্ত্ৰৰ আমদানিত নিষেধাজ্ঞাও আৰোপ কৰে৷ ভাৰতে বিভিন্ন ধৰণৰ ৰাইফল, ক্ষেপণাস্ত্ৰ, ড্ৰোন, যুদ্ধত ব্যৱহৃত লঘু হেলিকপ্টাৰ, পণ্যবাহী বিমান দেশতে নিৰ্মাণৰ সংকল্প লোৱা স্বত্বেও অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত শীৰ্ষত থকাতোৱে বহুতকে আচৰিত কৰিছে৷ ইপিনে যুদ্ধত লিপ্ত হৈ থকাৰ ফলত ইউক্ৰেইনত অস্ত্ৰ-শস্ত্ৰৰ প্ৰচুৰ চাহিদা বৃদ্ধি পাইছে৷ তথাপি যুদ্ধৰত দেশ ইউক্ৰেইন এতিয়াও অস্ত্ৰ আমদানিৰ দিশত তৃতীয় স্থানত থকাৰ বিপৰীতে যুদ্ধৰ নাম-গোন্ধ নথকা ভাৰত আছে শীৰ্ষস্থানত৷

ভাৰতৰ শত্ৰুভাৱাপন্ন প্ৰতিৱেশী দেশ চীন অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত বিশ্বৰ পঞ্চম স্থানত আছে আৰু পাকিস্তান আছে অষ্টম স্থানত৷ অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত শীৰ্ষৰ ৫টা স্থানত এছিয়াৰ ৪ খন থকাটোৱে সামগ্ৰিকভাৱে অঞ্চলটোৰ অস্থিৰতাকে প্ৰতিপন্ন কৰে৷ ভাৰত যুদ্ধত লিপ্ত নহ’লেও চীন আৰু পাকিস্তানৰ পৰা অহা ভাবুকিৰ বাবেই ভাৰতৰ অস্ত্ৰ আমদানি বিশ্বৰ শীৰ্ষত বুলি যুদ্ধ বিশাৰদে ধাৰণা কৰে৷ এছিয়াত যুদ্ধাস্ত্ৰ সংগ্ৰহৰ এনে প্ৰতিযোগিতা চলি থকাৰ সময়তে বিশ্বত অস্ত্ৰ আমদানিৰ পৰিমাণ সম্প্ৰতি ৫ শতাংশ হ্ৰাস পাইছে৷