Logo
image

আকৌ ক'ভিডঃ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ল'বলৈ উচ্চ স্তৰীয় বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্ক: দেশত আকৌ ক'ভিড সংক্ৰমণ বৃদ্ধি পাইছে৷ ১২৯ দিনৰ পাছত এদিনতে ১ হাজাৰৰো অধিক লোক ক'ভিডত আক্ৰান্ত হোৱাৰ পাছতে ৰাজ্যসমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে কেন্দ্ৰই৷ ক'ভিডৰ বৰ্দ্ধিত সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে কেন্দ্ৰই৷ বিশেষকৈ ক'ভিডৰ বৰ্দ্ধিত সংক্ৰণৰ বাবে ৬খন ৰাজ্যক সাৱধনতা অৱলম্বনৰ পৰামৰ্শ দিছে কেন্দ্ৰই৷ এই ছয় ৰাজ্যৰ ভিতৰত আছে - মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটক৷ আনহাতে ক'ভিডৰ সংক্ৰমণে দেশত যাতে পুনৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ক'ভিড পৰিস্থিতি আৰু প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনাৰ বাবে এক উচ্চ স্তৰীয় বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰে ক'ভিডত আক্ৰান্ত হৈছে ১,১৩৪ জন লোক ৷ দেশত বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৭,০২৬ জন ৰোগী৷ লগতে মৃত্যুকৰ সংখ্যা বৃদ্ধি পাইছে ৫,৩০,৮১৩জনলৈ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বুধবাৰে ছত্তীশগড়, দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ আৰু কেৰেলাত এজনকৈ লোকৰ মৃত্যু হয়। বৰ্তমান দেশত দৈনিক ক'ভিড পজিটিভিটিৰ হাৰ হৈছে ১.০৯ শতাংশ৷