Logo
image

'উত্তৰ-পূর্বাঞ্চল চলচ্চিত্ৰ মহোৎসৱ ২০২৩' লৈ নিৰ্বাচিত পঙ্কজ মহন্ত প্ৰযোজিত চলচ্চিত্ৰ 'মিনি'

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ সৃষ্টিশীল প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ উদেশ্যে মুম্বাইত আয়োজন কৰা হৈছে 'উত্তৰ-পূর্বাঞ্চল চলচ্চিত্ৰ মহোৎসৱ ২০২৩'। মুম্বাইৰ এন এফ ডি চি চৌহদত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চ লৈ ছিকিম ফিল্ম বৰ্ড এণ্ড ফাইন ষ্টুডিঅ'জ আৰু এন এফ ডি চিৰ উদ্যোগত আয়োজন কৰা এই মহোৎসৱলৈ নিৰ্বাচিত হৈছে পঙ্কজ মহন্ত প্ৰযোজিত আৰু অৰুণজিত বৰা পৰিচালিত ছাড্ৰী ভাষাৰ চলচ্চিত্ৰ 'মিনি' । চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মহন্ত, বলোৰাম দাস, ধনজ্যোতি দেৱনাথ, নব মহন্ত, দীক্ষা খাউণ্ড, চিমি গোস্বামীয়ে। চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য পৰিচালকৰ নিজস্ব। চলচ্চিত্ৰখনৰ সহকাৰী প্ৰযোজনা গায়ত্ৰী মহন্তৰ। সংগীত তৰালী শৰ্মাৰ। তদুপৰি মহোৎসৱলৈ নিৰ্বাচিত কেইখন চলচ্চিত্ৰ হৈছে এপাইবা লেইচিল, এমুঠি পুথি, এটি নক্ষত্ৰ (এষ্টাৰ), মেচানিক দাদা, মিৰবিন, মজলী, নাকামহ -ৰিয়াঙচৱানিক, নাইন হিল্ছ ৱান ভেলী, ৰীয়াজ, দা গভৰমেণ্ট ছাৰভেণ্ট, ৱাটাৰ বিউৰিয়েল।