Logo
image

১৫ মিনিটৰ এজাক বৰষুণতে জলমগ্ন গুৱাহাটী

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চৰকাৰে গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ বাবে নলা-নৰ্দমা চাফা কৰাৰ লগতে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া ১৫ মিনিটৰ বাবে অহা এজাক বৰষুণতে পুনৰ বুৰিল গুৱাহাটী মহানগৰী। সন্ধিয়াৰ বৰষুণ জাকত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয় সৰ্বসাধাৰণ লোক। গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন স্থানত বিশেষকৈ হাতীগাঁও হাইস্কুলৰ সন্মুখত, ৰুক্মিণীগাঁও, নৱগ্ৰহ, শিলপুখুৰী, চানমাৰি কলনী, উলুবাৰী, ভঙাগড় আদিত অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়। ইফালে সমগ্ৰ গুৱাহাটী মহানগৰীতে তীব্ৰ যান জঁটৰ সৃষ্টি হয়। একপ্ৰকাৰজনজীৱনৰ বিধস্ত হৈ পৰে।
 
ইয়াৰ মাজতে অসম চৰকাৰে গ্ৰহণ কৰা 'মিছন ফ্লাড ফ্রী' আঁচনিৰ  কেতিয়া সঠিক ৰূপায়ণ কৰা হ'ব সেয়া এক বিচাৰ্য বিষয় হৈ পৰিছে। বছৰৰ পাছত বছৰ ধৰি গুৱাহাটী মহানগৰবাসীয়ে কৃত্ৰিম বানৰ সমস্যাত ভূগি আছে। তদুপৰি গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এসপ্তাহ পূৰ্বে বতৰৰ আগলি বতৰা দিয়াৰ পাছতো কোনোধৰণৰ যুদ্ধকালীন প্ৰস্তুতি চলোৱা পৰিলক্ষিত নহ'ল গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰই। যাৰ ফলত পুনৰ কৃত্ৰিম বানৰ সন্মুখীন হ'বলগীয়া হ'ল মহানগৰীবাসী৷ চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষই প্ৰকৃতাৰ্থত
উত্তৰ-পূর্বাঞ্চল দুৱাৰমুখ গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰি জনসাধাৰণক কিদৰে উপকৃত কৰিব সেয়া লক্ষণীয় হ'ব।