Logo
image

হাতৰ ফুল হাততে শুকাল, ‘ভাৰত গৌৰৱ’ ৫ ঘণ্টা পলম

আমাৰ অসম, ২৪ মাৰ্চঃ গংগা বিলাসৰ পাছতেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰখনত নতুনকৈ সংযোজন ঘটিল ভাৰত গৌৰৱ ৰে’ল৷ অসম তথা উত্তৰ-পূবৰ পৰ্যটন তথা ঐতিহাসিক ক্ষেত্ৰসমূহৰ সৈতে দেশ-বিদেশক পৰ্যটকক পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে ১৫ দিনীয়া যাত্ৰাৰে অৱশেষত গুৱাহাটীত আহি উপস্থিত হয় ভাৰত গৌৰৱ ৰে’ল৷ ‘নৰ্থ-ইষ্ট ডিস্ক’ভাৰীঃ বিয়ণ্ড গুৱাহাটী’ শীৰ্ষক ভাৰত গৌৰৱ ডিলাক্স এ চি পৰ্যটক ৰে’লখনৰ যাত্ৰাৰ প্ৰথমটো খোজতে লাগিল কেণা৷ কিয়নো পৰ্যটক ৰে’লখনক গুৱাহাটী ৰে’ল ষ্টেচনত আদৰণি জনোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলে বৃহস্পতিবাৰে কাহিলী পুৱাৰে পৰা ফুলৰ থোপা লৈ বোন্দাপৰ দি আছিল যদিও এই অপেক্ষাত ফুলৰ কলি মৰহি যোৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ কিয়নো ভাৰত গৌৰৱ ৰে’লখন নিৰ্দিষ্ট সময়তকৈ প্ৰায় ৫ ঘণ্টা পলমকৈ আহি উপস্থিত হয় গুৱাহাটী ৰে’ল ষ্টেচনত৷

১৫৭জন পৰ্যটকক লগত লৈ ২১ মাৰ্চত দিল্লীৰ চফদৰজং ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰা অত্যাধুনিক সুবিধাযুক্ত বিলাসী ৰে’লখন বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত গুৱাহাটী ৰে’ল ষ্টেচনত আহি উপস্থিত হোৱাৰ কথা আছিল৷ ৰে’লখনৰ যাত্ৰীসকলক আদৰণি জনোৱাৰ বাবে লামডিঙৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰ সোঁ শৰীৰে পল্টন বজাৰ ষ্টেচনত উপস্থিত থকাৰ লগতে এটা বৃহৎ বিহুশিল্পী দলকো সাজু কৰি ৰখা হৈছিল৷ ৰে’লখন ৰ নম্বৰ প্লেটফৰ্মত ৰখোৱাৰ লগে লগে যাত্ৰীসকলক শীৰ্ষ বিষয়াসকলে গামোছা, জাপি, ফুলেৰে আদৰণি জনোৱাৰ লগতে ঢুলীয়া-নাচনীসকলে বিহুৱে স্বাগতম জনোৱাৰ বাবেও বোন্দাপৰ দিছিল৷ কিন্তু বিহু শিল্পী দলটোৰ লগতে ৰে’লৱে বিষয়াসকলে হা-হুমুনিয়াহ কাঢ়ি ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰে যদিও ৰে’লখনৰ কোনো উমঘাম নাই৷ আনকি পৰ্যটকসকলক আদৰণি জনোৱাৰ বাবে সাজু কৰি ৰখা ফুলৰ থোপা এটা সময়ত বিষয়াৰ হাততে মৰহি যায়৷ অৱশ্যে অৱশেষত দিনৰ ১২ বজাত সম্পূৰ্ণ ৫ ঘণ্টা পলমকৈ গুৱাহাটী ৰে’ল ষ্টেচনত আহি উপস্থিত হয় ৰে’লখন আৰু ইয়াৰ পাছতেই মাণ্ডলিক প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰে যাত্ৰীসকলক আদৰণি জনায়৷ 

লক্ষণীয়ভাৱে ডিলাক্স এ চি পৰ্যটক ৰে’লখনৰ যাত্ৰাত বিলম্ব হোৱাক কেন্দ্ৰ কৰি যাত্ৰীসকলৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱে কতৃৰ্পক্ষই ৰে’লখনত অহা ১৫৭জন যাত্ৰীৰ বাবে আইআৰচিটিৰে গুৱাহাটীত বৃহস্পতিবাৰে দিনৰ ১২ বজাৰ পৰা হোটেলৰ কোঠা বুকিং কৰি থোৱাৰ বাবেহে ৰে’লখন ১২ বজাত গুৱাহাটী ষ্টেচনত উপস্থিত হোৱা বুলিও জানিবলৈ দিছে৷ গুৱাহাটীত দিনৰ ১২ বজাৰ পাছতহে হোটেলৰ কোঠা বুকিং কৰাত চাংসাৰি ৰে’ল ষ্টেচনতে ভাৰত গৌৰৱ ৰে’লখন ৪ ঘণ্টাৰ অধিক সময় ৰখাই থোৱা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে গুৱাহাটীত এটা নিশা কটাই পৰ্যটকসকলে শুকুৰবাৰে নিশা ৯ বজাত গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা প্ৰস্থান কৰিব৷ ২৫ মাৰ্চত অন্তিম গন্তব্যস্থান অৰুণাচল প্ৰদেশৰ নাহৰলগুন ৰে’ল ষ্টেচনত গৈ ভাৰত গৌৰৱ উপস্থিত হ’ব বুলিও ৰে’লৱে মুখ্য জন সম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিছে৷ ১৪টা নিশা আৰু ১৫ দিনীয়া এই যাত্ৰা কালত ৰে’লখনে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট-কাজিৰঙা আদিৰ পৰ্যটন ক্ষেত্ৰক সামৰি লোৱাৰ উপৰিও ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা, উদয়পুৰ আদি ঠাইক সামৰি ল’ব৷ নাগালেণ্ডৰ ডিমাপুৰ, কোহিমা, মেঘালয়ৰ শ্বিলং, চেৰাপুঞ্জী আদি ঠাইক সামৰি ল’ব৷ এই সমগ্ৰ ৰে’ল যাত্ৰাৰ পৰ্যটকসকলে ৫৮০০ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰিব৷ বিশেষভাৱে নিৰ্মাণ কৰা এই ৰে’লখনত ২টা ডাঙৰ ডাইনিং ৰেষ্টুৰেণ্ট, পাকঘৰ, চেঞ্চৰ আধাৰিত ৱাছৰুম, ফুট মাছাজ, মিনি লাইব্ৰেৰী আদিৰ দৰে সুবিধা উপলব্ধ আছে৷ ৰে’লখনত প্ৰতিটো ডবাৰ বাবে চিচি টিভি কেমেৰা, ইলেক্ট্ৰনিক ভল্ট আৰু নিৰাপত্তাৰক্ষীৰ সুবিধাও আছে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ৰে’লখনৰ জৰিয়তে ভ্ৰমণ কৰিবলৈ পৰ্যটকসকলে ধনৰ কথা বেছি চিন্তা কৰিবলগীয়া হোৱা নাই কিয়নো এবাৰতে সকলো ধন আদায় দিয়া নাই৷