Logo
image

আই আই টি গুৱাহাটীত হ'ব " আসাম এডভান্স হেল্থকেয়াৰ ইন'ভেশ্বন ইনষ্টিটিউট''

ডিজিটেল ডেস্ক; ১২ এপ্ৰিল : চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ক্ষেত্ৰত অসম চৰকাৰৰ আন এক যুগান্তকাৰী পদক্ষেপ । দেশত পোন প্ৰথমবাৰৰ বাবে ইঞ্জিনিয়াৰিং আৰু মেডিকেল চায়েন্সক একত্ৰিত কৰি  গুৱাহাটীত স্থাপন হ'বলৈ গৈ আছে চিকিৎসা বিজ্ঞানৰ এক বিশেষ প্ৰতিষ্ঠান । অসম চৰকাৰৰ এই প্ৰচেষ্টাক পূৰ্ণ সহযোগ আগবঢ়াই দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীয়ে প্ৰদান কৰিছে তেওঁলোকৰ প্ৰতিষ্ঠানৰ চৌহদত মুঠ ১২ একৰ ভূমি । যাৰ নাম ৰখা হৈছে ASSAM ADVANCED HEALTHCARE INNOVATION INSTITUTE, চমুকৈ (AAHII) আহী।
য'ত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগতে .থাকিব গৱেষণাৰ বিশেষ সুবিধা। ৫০০ খন বিচনাযুক্ত এই প্ৰতিষ্ঠানখন স্থাপনৰ বাবে অসম চৰকাৰে প্ৰাৰম্ভিক পৰ্য্যায়ত পাঁচশ পঞ্চাছ (৫৫০) কোটি টকা মুকলি কৰি দিছে ।এই প্ৰতিষ্ঠান খনে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কেন্সাৰ (cancer) ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিশেষ  পদক্ষেপ  গ্ৰহণ কৰিব । অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুয়েলি ইয়াৰ আধাৰশিলা স্থাপন কৰিব। আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকিব "স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ" কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ ল.মাণ্ডবিয়া, ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ইতিমধ্যে আই আই টি গুৱাহাটীত সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে । সজাই পৰাই তোলা হৈছে শিক্ষা প্ৰতিষ্ঠান খন । সাজু কৰা হৈছে হেলিপেড । সকলো ঠিকে থাকিলে দিনৰ ১২ বজাত আই আই টি গুৱাহাটীত সাজু কৰা হেলিপেডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ  । আই আই টিৰ অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰী যাব চাংসাৰীত নিৰ্মাণ কৰা এইমচ উদ্বোধন কৰিবৰ বাবে ।