Logo
image

বিহুৰ দিনা গুৱাহাটীলৈ নাহিব

আমাৰ অসম, ১৩ এপ্ৰিলঃ জৰুৰী পৰিস্থিতিৰ সৃষ্টি নহ’লে বিহুৰ দিনা আপুনি গুৱাহাটীলৈ নাহিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনজোৰা বিস্তৃত কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি ১৪ এপ্ৰিলত গুৱাহাটীৰ অধিকাংশ বাট-পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যতঃ বন্ধ থাকিব.যান-বাহনৰ বাবে৷ কেৱল জৰুৰীকালীন সেৱাত ব্যৱহৃত আৰু বিশেষ অনুমতি লাভ কৰা গাড়ীহে গুৱাহাটীত প্ৰৱেশৰ অনুমতি লাভ কৰিব ১৩ আৰু ১৪ এপ্ৰিলত৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি কৈছিল– ১৪ এপ্ৰিলৰ দিনটোত ৰাইজৰ যান-বাহনৰ ক্ষেত্ৰত স্বাভাৱিকতে  কিছু অসুবিধা হ’ব৷ গুৱাহাটীৰ প্ৰৱেশদ্বাৰ চাংচাৰিত এইমছ অৱস্থিত৷ সেয়ে ১৪ এপ্ৰিলত গুৱাহাটীলৈ অহা ট্ৰাকসমূহ বাইহাটা চাৰিআলিত অপেক্ষা কৰিব লাগিব৷ উজনীলৈ যোৱা ট্ৰাকসমূহ মঙলদৈ দি নগাঁও হৈ প্ৰেৰণ কৰিম৷ কোকৰাঝাৰলৈ যাব বিচৰা ট্ৰাকসমূহক কলিয়াভোমৰা দলঙেদি মঙলদৈ হৈ যাব দিয়া হ’ব৷ গুৱাহাটীলৈ অহা ট্ৰাক প্ৰধানমন্ত্ৰী নজোৱালৈকে ৰাষ্ট্ৰীয় ঘাই পথত ৰখোৱা হ’ব৷ বাছ আৰু স্থানীয় লোকৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব৷ সেইদিনা ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল নকৰাই ভাল৷ দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ বাইহাটা চাৰিআলিৰ পৰা জালুকবাৰীলৈ নোযোৱাই ভাল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাংসাৰি এইমছত থকা এঘণ্টা সময় বা সৰুসজাই আৰু কলাক্ষেত্ৰত থকা এঘণ্টা সময় স্থানীয়ভাৱে যান-বাহন চলাচলৰ ক্ষেত্ৰত বাধা নিষেধ থকাৰ বাহিৰে অন্য বাধা নিষেধ নাথাকিব৷

১৪ এপ্ৰিলত আকাশ মাৰ্গত মানৱ বিহীন আকাশী যান/ড্ৰোণৰ উৰণত নিষেধাজ্ঞা

১৪ এপ্ৰিলত চাংসাৰিস্থিত ভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত ১৪ এপ্ৰিলত কামৰূপ জিলাৰ পৰিসীমাৰ ভিতৰত থকা আকাশ মাৰ্গত ভাৰতীয় ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সকলো ধৰণৰ মানৱবিহীন আকাশী যান-ড্ৰোণ উৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷

সকলোকে পথ-সুৰক্ষা বজাই ৰখাৰ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১৪ এপ্ৰিলত প্ৰায় এঘাৰ হাজাৰ নাচনী, ঢুলীয়াই একেলগে বিহু পৰিবেশন কৰি গীনিজ ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ সকলো জিলাৰ পৰা মহানগৰীত আহি সমবেত হৈছেহি কেইবাহাজাৰ বিহু দল৷ বিভিন্ন হোটেল, গেষ্টহাউচৰ পৰা নাচনী-ঢুলীয়াৰ দল আহি সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন আৰম্ভ কৰিছে৷ বিহুদল কঢ়িওৱা বাছসমূহ ক’ত কেনেকৈ ৰাখিব তাৰবাবে পৰিবহণ বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷ এইক্ষেত্ৰত বিহুৱা, বিহুৱতীৰ দলসমূহ অনা নিয়া কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সংলগ্ন কোনো পথতে যানজঁট সৃষ্টি নকৰাকৈ সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰাখিবলৈ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সকলোধৰণৰ যান-বাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ৩ান জনাইছে৷ ৰঙালী বিহুৰ ৰং ৰহইছত মতলীয়া হৈ কোনোৱে যাতে যানবাহন আইন অৱমাননা নকৰে তাৰ প্ৰতিও আহ্বান জনাইছে৷ তেওঁ কয় যে উৎসৱৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে নিজৰ লগতে আনলৈও দুৰ্যোগ-দুৰ্ঘটনা মাতি নানে৷ ৰঙালীৰ আনন্দময় এই পৰিবেশত যানবাহন চলোৱাৰ সময়ত মানিচলিবলগীয়া কেইটামান নীতি নিৰ্দেশনা হ’ল– দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান কৰা; সুৰাপান কৰি, তীব্ৰ বেগত গাড়ী নচলোৱ আৰু ম’বাইলত কথা পাতি অন্যমনস্ক হৈ গাড়ী চলোৱাৰ পৰা বিৰত থকা৷

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত গুৱাহাটীত যান বাহনৰ গতি পথ সাল সলনি

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ গুৱাহাটী মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে৷ বুধবাৰে এক সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আনুষ্ঠানিকভাৱে এই কথা সদৰি কৰে৷ সংবাদমেলত আৰক্ষী আয়ুক্ত বৰাই ১৩ আৰু ১৪ এপ্ৰিলত বহিঃৰাজ্যলৈ যাবলগীয়া উজনি আৰু নামনি অসমৰ পৰা অহা গধুৰ যান-বাহনসমূহ গুৱাহাটীৰ মাজেৰে চলাচল নকৰিবলৈ আহ্বান জনায়৷ উজনি অসমৰ পৰা অহা গধুৰ যানবাহনসমূহ কলীয়া ভোমোৰাৰে তেজপুৰ-মঙলদৈ হৈ চলাচল কৰিবলৈ আহ্বান জানায়৷ নামনি অসমৰ পৰা অহা বাহনসমূহকো বৰপেটা-নলবাৰী-বাইহাটা হৈ চলাচল কৰিবলৈ আহ্বান জনায়৷ ১৩ আৰু ১৪ এপ্ৰিলত জৰুৰী সেবাৰ বাহনৰ বাহিৰে গধুৰ আৰু অন্যান্য বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ১৩ এপ্ৰিল পুৰা ৯ বজাৰ পৰা নিশা ১১ বজালৈ আৰু ১৪ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা নিশা ১১ বজালৈ এই পথ নিৰ্দেশনা মানি চলিব লাগিব৷ 

কোনটো পথ নিষেধাজ্ঞা কৰা হৈছে–
১) ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত চাৰি চকীয়া ওপৰৰ যান বাহন সমূহ ১৩ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা নিশা ১১ বজালৈ আৰু ১৪ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা নিশা ১১ বলালৈ এই পথ গাড়ী চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ 
বাণিজ্যিক সামগ্ৰী কঢ়িওৱা চাৰিচকীয়া বা তাতোধিক চকাৰ বাহন সমূহ ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাই পথত নিষিদ্ধ কৰা হৈছে৷ 
২) ১৪ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈকে বাণিজ্যিক সামগ্ৰী কঢ়িওৱা তিনিচকীয়া বাহন পাঞ্জাবাৰী ৰোড, জিএছৰোড, বি বৰুৱা ৰোড, এনবি ৰোড, এম জি ৰোড, বিজিৰোড, এটিৰোড, এ কে আজাদ ৰোড, এ কে দেব ৰোড আৰু বি কে কাকতি ৰোডত চলাচল কৰিব নোৱাৰিব৷ 
৩) চাইকেল ফেক্টৰীৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে আহা বাহনসমূহৰ সৰুসজাই ষ্টেডিয়ামলৈ অহা বাহনসমূহৰ বাহিৰে আন বাহনসমূহ ১৪ এপ্ৰিলৰ দিনা পুৱা ১০ বজাৰ পৰা নিশা ১১ বজালৈ বৰ্ষাপাৰা, ধীৰেনপাৰা হৈ গড়চুক চাৰিআলিৰে চলাচল কৰিব লাগিব৷ 
৪) কাহিলিপাৰা-দক্ষিণগাঁৱৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে অহা বাহনসমূহৰ ভিতৰত সৰুসজাই ষ্টেডিয়ামলৈ অহা বাহনসমূহৰ বাহিৰে আন বাহনসমূহ বৰ্ষাপাৰা, ধীৰেনপাৰা, গড়চুক চাৰিআলি হৈ চলাচল কৰিব লাগিব৷ 
৫)  জালুকবাৰীৰ পৰা যোৰাবাট, সোণাপুৰ দিশলৈ যোৱা বাহনসমূহৰ ভিতৰত সৰুসজাই ষ্টেডিয়ামলৈ যোৱা বাহনৰ বাহিৰে আন বাহনসমূহ ডিজি ৰোড এমজি ৰোড, জিএছ ৰোডত ১৪ এপ্ৰিলৰ দিনা দিনৰ ১২.৩০ বজাৰ পৰা নিশা ১১ বজালৈকে চলাচল কৰিব পাৰিব৷ 
৬) যোৰাবাটৰ পৰা জালুকবাৰীৰ দিশে তাহা বাহনসমূহ ছিএছ ৰোড, এম জি ৰোড, এটি ৰোড হৈ দিনৰ ১২.৩০ বজাৰ পৰা নিশা ৯ বজালৈ চলাচল কৰিব লাগিব৷ 
আনহাতে ১৪ এপ্ৰিলত চাংসাৰিস্থিত ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ বিশেষ সুৰক্ষাৰ ব্যক্তিৰ আগমনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে যান-বাহনৰ সুচলতৰ কৰাৰ বাবে অহা ১৩ আৰু ১৪ এপ্ৰিলত কামৰূপ জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ বাইহাটা চাৰিআলিৰ পৰা শৰাইঘাট দলঙলৈ ড্ৰাম্পাৰ, ট্ৰাক তথা অন্যান্য মালবাহী গধুৰ যানবাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে৷