Logo
image

কেবিনেটত সিদ্ধান্তঃ প্ৰতি বিহুৱা-বিহুৱতীক ২৫ হাজাৰ টকাকৈ

আমাৰ অসম, ১৩ এপ্ৰিলঃ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিগৰাকী বিহুৱা আৰু বিহুৱতীক অসম চৰকাৰে অতিৰিক্তভাৱে ২৫ হাজাৰকৈ টকা দিব৷ বুধবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰী কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলত কয় কয়– পূৰ্বতে ১৪ এপ্ৰিলত ৰেকৰ্ড কৰাৰ কথা আছিল৷ কিন্তু ১৪ এপ্ৰিলত ৰেকৰ্ড কৰিলে আমি প্ৰমাণ-পত্ৰখন ১৫ এপ্ৰিলত পাম৷ সেইকাৰণে কালি সন্ধিয়া ৫.৩০ বজাৰ পৰা ৬.৩০ বজাৰ ভিতৰত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সকলোৱে নাচিব৷ ১৪ এপ্ৰিলতো নাচিব বিশ্ববাসীক জনাবলৈ৷ কাইলৈ ৫.৩০ বজাত বিহু চাবলৈ আহিবলৈ গুৱাহাটীবাসীক অনুৰোধ জনালোঁ৷ পৰহি স্বাভাৱিকতে ট্ৰেফিকৰ সমস্যা থাকিব৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰ আমাক দিব৷ ইয়াতে একেলগে দুটা ৰেকৰ্ড হ’ব৷ এটা বিহু নৃত্যৰ ৰেকৰ্ড আৰু এটা ঢোলৰ ৰেকৰ্ড৷ কাইলৈ প্ৰৱেশ-পত্ৰ প্ৰয়োজন নহ’ব৷ যিসকল মাষ্টাৰ ট্ৰেইনাৰ, বিহুৱা আৰু বিহুৱতী আহিছে, ৰাজ্য চৰকাৰে তেওঁলোকক ২৫ হাজাৰকৈ টকা দিব৷ পৰহি সৰুসজাই ষ্টেডিয়ামৰ পৰা পলাশবাৰী-শুৱালকুছি দলং, আৰু নামৰূপৰ মিথানল প্ৰকল্প উদ্বোধন কৰাৰ কথা আছিল৷ কিন্তু উত্তৰ-পূব সীমান্ত ৰে’লৱে ইতিমধ্যে সম্পূৰ্ণ কৰা ৭ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে একেলগে উদ্বোধন কৰিব৷ ফলত অসমৰ ৰাইজে প্ৰায় ১৪ হাজাৰ কোটিটকাৰ প্ৰকল্প লাভ কৰিব৷ ১৮২৭ কোটি টকাৰ ডিগাৰু-লামডিং দ্বৈত ৰে’লপথ, ১২৬৭ কোটি টকাৰ গৌৰীপুৰৰ পৰা অভয়াপুৰীলৈ নতুন ৰে’ল লাইন, ২০০০ কোটি টকাৰ নিউ বঙাইগাঁৱৰ পৰা ধূপধৰালৈ দ্বৈত ৰে’ল, ৮৬২ কোটিটকাৰ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ সমগ্ৰ ৰে’ল পথ বৈদ্যুতিকৰণ, ১৩১ কোটি টকাৰ শিলঘাট চহৰৰ পৰা মৈৰাবাৰীলৈ ৰে’লপথ চোৱাৰ উদ্বোধন প্ৰধানমন্ত্ৰীয়ে সৰুসজাইৰ পৰা কৰিব৷ সেইদিনটো অসমৰ বাবে ঐতিহাসিক দিন হ’ব৷ ৰাজ্যৰ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ পৰ্দা লগাই লাইভ টেলিকাষ্ট কৰা হ’ব সমগ্ৰ কাৰ্যসূচী৷ মাষ্টাৰ ট্ৰেইনাৰ, বিহুৱা আৰু নাচনীক দিবলগীয়া ২৫ হাজাৰ টকা তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ’ব৷ ইতিমধ্যে কাপোৰ কিনাৰ কাৰণে টকা দিয়া হৈছে৷ খাদ্যৰ বাবে টকা দিয়া হৈছে৷ ১১,১০৪ বিহুৱা-নাচনী, মাষ্টাৰ ট্ৰেইনাৰৰ উপৰি ৰিজাৰ্ভত থাকি যোৱাসকলেও এই ২৫ হাজাৰ টকা পাব৷ ৪০০মান নাচনী ৰিজাৰ্ভত আছে৷ এই সকলোৱে স্কীনৰ প্ৰমাণ-পত্ৰৰ লগতে মই ব্যক্তিগতভাৱে এখন ধন্যবাদসূচক পত্ৰ দিম৷ ১৪ এপ্ৰিলত প্ৰৱেশ-পত্ৰ থকাসকলেহে প্ৰৱেশ কৰিব পাৰিব৷ পৰম্পৰা ৰক্ষা কৰি অহা বছৰৰ পৰা প্ৰতিখন জিলাত ৭ বিহু চৰকাৰীভাৱে পাতিম৷ বিহু কমিটীয়ে সেই কাম কৰিব নোৱাৰে৷ জিলা প্ৰশাসনে এই সাতবিহু পাতিব৷ ইয়াৰ দ্বাৰা পৰ্যটনত যথেষ্ট প্ৰভাৱ পৰিব৷ পৰহিৰ কাৰ্যসূচীত প্ৰায় ৩ হাজাৰ ঢোল ব্যৱহাৰ হ’ব৷ গামোচাৰ জি আই টেগৰ প্ৰমাণ-পত্ৰ ১৪ এপ্ৰিলতে আমি আনুষ্ঠানিকভাৱে লাভ কৰিম৷  কাৰ্যসূচীত বিহুৱতী ৩,০০০কৈ বেছি থাকিব৷ হতাশাই যিসকলৰ জীৱনৰ চৰম সীমা পাইছে সেইসকলে বিহুক সমালোচনা কৰিছে৷ গুৱাহাটীত বহি একাংশ পৰ্টেলে এই কাম কৰি আছে৷ আজি এজনক ধৰি আনিছোঁ৷ তেওঁ কৈছে যে সপোনত দেখা কথা লিখি দিছে৷ ক্ৰিকেট খেলিলে শচীন তেণ্ডুলকাৰেও মাটিত বহি অলপ জিৰণী লয়৷