Logo
image

কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত পিতা-পুত্ৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ বিহুৰ বতৰত কাজিৰঙাত অঘটন। বাইকেৰে তেজপুৰৰ পৰা যোৰহাট অভিমুখী দুজনকৈ লোকক আক্ৰমণ কৰে গঁডে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনৰ হালধাৰী এনিমেল কৰিডৰৰ ঘন জংঘলৰ পৰা অতৰ্কিতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই অহা গঁড়ে আক্ৰমণ কৰে যোৰহাট অভিমুখে গৈ থকা পিতা-পুত্ৰক ৷ গঁড়ৰ আক্ৰমণত আহত হয় জ্ঞানম মহন্ত আৰু দুগ্ধদেৱ মহন্ত৷ 

জানিব পৰা মতে, হালধীবাৰী এনিমেল কৰিডৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই গঁড়টোৱে সমুখৰ পৰা প্ৰথমে খেদি আক্ৰমণ কৰে দুয়োকে। গঁড়টোৰ খেদাত বাইক এৰি পলায়ন কৰিবলৈ লওঁতেই কিশোৰজনক গঁড়টোৱে আক্ৰমণ কৰিবলৈ উদ্যত হয়। পুত্ৰক গঁড়ে আক্ৰমণ কৰা দেখি পিতৃয়ে হৈ চৈ কৰাত গঁড়টো আঁতৰি যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জ্ঞানম মহন্ত নামৰ কিশোৰ আৰু পিতৃক প্ৰথমে কহঁৰা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। 

সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে কিশোৰজনক প্ৰেৰণ কৰা হৈছে যোৰহাটলৈ। উল্লেখ্যে যে পূৰ্বেও উক্ত স্থানত বহুকেইটা এনে ঘটনা সংঘটিত হৈছে যদিও বনকৰ্মীৰ পহৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে।