Logo
image

প্ৰখ্যাত সমাজকৰ্মী ওম প্ৰকাশ খাণ্ডেলৱালক ডক্টৰেট ডিগ্ৰী প্ৰদান

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিগত কেইবা দশক ধৰি সমাজ সেৱাৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা প্ৰখ্যাত ব্যৱসায়ী তথা সমাজসেৱক ওম প্ৰকাশ খাণ্ডেলৱালক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। নতুন দিল্লীৰ লোধি ৰোডৰ গুলমোহৰ প্ৰেক্ষাগৃহত দেওবাৰে আয়োজিত এক অনুষ্ঠানত সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মেৰিলেণ্ড ষ্টেট ইউনিভাৰ্চিটি অৱ আমেৰিকা কৰ্তৃপক্ষই ওম প্ৰকাশ খাণ্ডেলৱালক এই উপাধিৰে সন্মানিত কৰে। উল্লেখযোগ্য যে খাণ্ডেলৱালে যোৱা দুবছৰ ধৰি পূৰ্বোত্তৰ প্রদেশীয়া মাৰোৱাৰী সম্মিলনৰ প্ৰদেশিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰি তেওঁ বিভিন্ন সামাজিক প্ৰতিষ্ঠান আৰু সংগঠনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ যোৱা কেইবা দশক ধৰি সামাজিক আৰু মানৱ সেৱাত সক্ৰিয়ভাৱে জড়িত হৈ আছে।