Logo
image

টাইম স্কোৱেৰত সুধাকণ্ঠৰ গান

আমাৰ অসম, ১৮ এপ্ৰিলঃ ব’হাগৰ প্ৰথম দিনটো নিউয়ৰ্কৰ টাইম্‌ছ স্কোৱেৰ মুখৰিত হ’ল অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতেৰে৷ নিউয়ৰ্কত থকা প্ৰৱাসী বাঙালীয়ে টাইম্‌ছ স্কোৱেৰত আয়োজন কৰা ‘পয়লা বৈশাখ’ বা বৰ্ষবৰণ অনুষ্ঠানত অন্যান্য বিভিন্ন বাংলা গীতৰ লগতে ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে...’ কালজয়ী গীতটোৰ বাংলা ৰূপান্তৰ সমস্বৰে গাই নৱবৰ্ষ আদৰে৷ যোৱা শনিবাৰে আছিল বাংলা নৱবৰ্ষৰ অৰ্থাৎ ১৪৩০ৰ প্ৰথমটো দিন৷ বাঙালীৰ ‘পয়লা বৈশাখ’ আৰু অসমীয়াৰো একেদিনাই পহিলা ব’হাগ, ১৯৪৫ শক৷ নৱবৰ্ষৰ প্ৰথমটো দিনত নিউয়ৰ্কৰ টাইম্‌ছ স্কোৱেৰত সমৱেত হৈছিল অসংখ্য প্ৰৱাসী বাঙালী৷ এই অনুষ্ঠানৰ অন্যতম উদ্যোক্তা আছিল বাংলাদেশ বংশোদ্ভৱ মহীতোষ তালুকদাৰ তাপস৷ টাইম্‌ছ স্কোৱেৰৰ  জেক্‌ছন হাইটছৰ ডাইভাৰচিটী প্লাজাত ‘বৈশাখী’ মেলাৰ উদ্বোধন কৰে নিউয়ৰ্ক চিটীৰ মেয়ৰ এৰিক আডাম্‌ছে৷ তাৰ পাছতে নিউয়ৰ্ক স্কোৱেৰৰ মুক্ত প্ৰাংগণত বাংলাদেশ আৰু ভাৰতৰ শিল্পীৰ সহযোগত সকলোৱে সমস্বৰে গালে– ‘মুছে যাক গ্লানি, ঘূচে যাক জৰা... এসো হে বৈশাখ এসো এসো৷’ একেলগেই তাৰ পাছতে উপস্থিত সকলোৱে গালে ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতৰ বাংলা ৰূপান্তৰ– ‘বিস্তীৰ্ণ দুপাৰেৰ, অসংখ্য মানুষেৰ/ হাহাকাৰ শুনেও/ নিঃশব্দে নীৰৱে, ও গংগা তুমি/গংগা বইছ কেন...৷ মহীতোষ তালুকদাৰে আৰম্ভ কৰাৰ পাছত সহস্ৰজনৰ কণ্ঠত টাইম্‌ছ স্কোৱেৰত প্ৰতিধবনিত হ’ল অসমৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ এই গীত৷ ভূপেন হাজৰিকা নহ’লে ব’হাগ নহা অসমীয়াৰ দৰে বাংলাদেশতো সুধাকণ্ঠৰ জনপ্ৰিয়তা অসীম৷ তেওঁ প্ৰয়াণৰ পাছতো বাংলাদেশীয়ে পাহৰা নাই ভূপেন হাজৰিকাৰ অমৰ গীত৷ উল্লেখ্য, সেই অনুষ্ঠানত বাংলাদেশৰ শিল্পী ৰবীন্দ্ৰনাথ ৰায়, ৰেজৱানা চৌধুৰী বন্যা, কলকাতাৰ শিল্পী কমলিনী মুখাৰ্জী, নন্দনা দেৱ সেন আদি উপস্থিত থাকে৷