Logo
image

মস্কো আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱলৈ ড॰ ববী শৰ্মা বৰুৱাৰ ‘চিকাইচাল’

আমাৰ অসম, ১৮ এপ্ৰিলঃ ৪৫ সংখ্যক মস্কো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত হৈছে বিশিষ্ট চলচ্ছিত্ৰ নিৰ্মাতা ড॰ ববী শৰ্মা বৰুৱা প্ৰযোজিত-পৰিচালিত তিৱা ভাষাৰ চলচ্ছিত্ৰ ‘চিকাইচাল’ (If only trees could Talk)৷ সাংস্কৃতিক বিনিময় আৰু বিশ্বৰ চলচ্ছিত্ৰ নিৰ্মাতা সকলৰ মাজত সমন্বয়ৰ সাকো গঢ়াৰ বাবে  অহা ২২ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ অনুষ্ঠিত হ’ব ৪৫ সংখ্যক মস্কো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল৷ ‘চিকাইচাল’ৰ প্ৰযোজক-পৰিচালক ড॰ ববী শৰ্মা বৰুৱাই কয়–‘৪৫ সংখ্যক মস্কো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত ২২ আৰু ২৩ এপ্ৰিলত ‘চিকাইচাল’ প্ৰদৰ্শন কৰা হ’ব৷’ তেওঁ মঙলবাৰে মস্কোলৈ ৰাওনা হ’ব বুলি জনায়৷ তেওঁ লগতে কয়–তিৱা ভাষাৰ চলচ্ছিত্ৰ ‘চিকাইচাল’ মূলতঃ তিৱা সমাজ জীৱন তথা তেওঁলোকৰ শৈক্ষিক যাত্ৰাক লৈ নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য, ‘চিকাইচাল’ ৰ অসমীয়া অৰ্থ হৈছে  ‘পঢ়াশালি’৷ বিগত বৰ্ষৰ ১৫ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত  ২৮সংখ্যক কলকাতা ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত এই চলচ্ছিত্ৰখনে জুৰিৰ স্পেচিয়েল মেনচন এৱাৰ্ড লাভ কৰিছিল৷ চলচ্ছিত্ৰখনে দেশ, অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য, এই চলচিত্ৰখনত মহেশ্বৰ পাটৰ, সাধনী আমচি, অতুল পাচনি, কেলমন মাদৰ, তাইবৰ আমচং, ইন্দ্ৰচিং মাদৰ, পানীৰাম আমচং আদিয়ে অভিনয় কৰিছে৷