Logo
image

লৰালৰিকৈ ফলাফল দি এপিএছচিৰ বিড়ম্বনা

আমাৰ অসম,২০ এপ্ৰিলঃ পৰীক্ষা অনুষ্ঠিত হোৱা দুসপ্তাহৰ ভিতৰতে ফলাফল ঘোষণা কৰি চমক সৃষ্টি কৰিবলৈ গৈ কাৰ্যতঃ যেন মুখ থেকেচা খাবলগীয়াত পৰিছে অসম লোকসেৱা আয়োগ৷ অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ এসপ্তাহৰ পাছত  কাট অৱ মাৰ্ক ৰাজহুৱা কৰাৰ লগে লগে শ শ মেধাবী প্ৰাৰ্থীক এ পি এছ চিয়ে মূল পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ অৰ্থাৎ এ পি এছ চিয়ে ৰাজহুৱা কৰা কাট অৱ মাৰ্কতকৈ ১০-১৫ নম্বৰ পৰ্যন্ত অধিক নম্বৰপ্ৰাপ্ত প্ৰাৰ্থীকো আয়োগে বঞ্চিত কৰা বুলি অভিযোগ কৰিছে৷ আনকি এইসকল বঞ্চিত প্ৰাৰ্থীয়ে এ পি এছ চি কাৰ্যালয়ত সুদুত্তৰ বিচাৰি ভিৰ কৰাতে ক্ষান্ত নাথাকি শ শ বঞ্চিত প্ৰাৰ্থীয়ে অভিযোগ সম্বলিত পত্ৰৰ লগতে ই-মেইল প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে৷ এ পি এছ চিৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বেমেজালিৰ সন্দৰ্ভত একাংশ বঞ্চিত প্ৰাৰ্থীয়ে আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী আৰু মুখ্য পৰীক্ষা নিয়ন্ত্ৰক চিন্ময় নাথক সাক্ষাৎ বিছৰাৰ পাছতো দুয়োজন দায়িত্বশীল বিষয়াই এতিয়া মূৰ পোলোকা মৰা বুলিও অভিযোগ কৰিছে৷ এ পি এছ চি কৰ্তৃপক্ষই প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ প্ৰায় এসপ্তাহৰ অন্তত ১৭ এপ্ৰিলত কাট অৱ মাৰ্ক ৰাজহুৱা কৰে৷ সেই অনুসৰি অসংৰক্ষিত শ্ৰেণীৰ কাট অৱ মাৰ্ক ক্ৰমে– পুৰুষ ৭৪.৫ আৰু মহিলা ৭১৷ একেদৰে অ’ বি চি সংৰক্ষিত পদৰ কাট অৱ মাৰ্ক ৫৪.৫, এছ চি ৫০.৫, এছ টি [পি] ৪৯.৫ আৰু এছ টি [এইচ] ৩৮.৫ কাট অৱ মাৰ্ক নিৰ্ধাৰণ কৰে৷ তদুপৰি এ পি এছ চিয়ে তিনিটা প্ৰশ্নৰ এনছাৰ কী সংশোধন কৰি ইয়াৰ দুটা প্ৰশ্নৰ বিপৰীতে সকলো প্ৰাৰ্থীকে নম্বৰ দিয়া বুলিও ৰাজহুৱা কৰিছে৷ গুৱাহাটীৰ কাহিলীপাৰাৰ এটা পৰীক্ষাকেন্দ্ৰত অৱতীৰ্ণ হোৱা সাধাৰণ শ্ৰেণীৰ নামৰ প্ৰকাশত অনিচ্ছুক এজন বঞ্চিত প্ৰাৰ্থীয়ে এপিএছচিলৈ প্ৰেৰণ কৰা লিখিত অভিযোগ-পত্ৰত উল্লেখ কৰা অনুসৰি তেওঁ জি এছ-ৰত মুঠ নম্বৰ পাব লাগে ৮০৷ ইয়াৰোপৰি এ পি এছ চিৰ ফালৰ পৰা সকলো প্ৰাৰ্থীকে নিজাববীয়াকৈ চাৰি নম্বৰকৈ দিলে প্ৰাৰ্থীজনৰ জি এছ-ৰত প্ৰাপ্ত নম্বৰ ৮৪ হ’ব লাগে বুলিও উল্লেখ কৰিছে৷ কিন্তু সাধাৰণ শ্ৰেণীৰ অসংৰক্ষিত পদৰ বিপৰীতে কাট অৱ মাৰ্ক ৭৪.৫হোৱাৰ পাছতো ৮৪ নম্বৰ পাবলগীয়া প্ৰাৰ্থীজন প্ৰাৰম্ভিক পৰীক্ষাত কেনেকৈ অনুতীৰ্ণ হ’ল বুলিও প্ৰশ্ন কৰি এ পি এছ চিলৈ ই-মেইল প্ৰেৰণ কৰিছে৷ প্ৰাৰ্থীজনে জি এছ-২১ যোগ্যতা নিৰূপণকাৰী প্ৰশ্নকাকতখনতো উত্তীৰ্ণ হোৱাকৈ শুদ্ধ উত্তৰ লিখা বুলি দাবী কৰিছে৷ একেদৰে এছ টি [পি] সংৰক্ষিত পদৰ বিপৰীতে কাট অৱ মাৰ্ক ৪৯.৫ উল্লেখ কৰিছে যদিও ৭০ নম্বৰ পোৱা জনজাতীয় শ্ৰেণীৰ প্ৰাৰ্থীকো মূল পৰীক্ষালৈ বাছনি কৰাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷ এই দুটা উদাহৰণেই নহয়, যোগ্যতা নিৰূপণকাৰী জি এছ-২ পৰীক্ষাত নিৰ্ধাৰিত নম্বৰ প্ৰাপ্ত কৰাৰ লগতে জি এছ-ৰত কাট অৱ মাৰ্কতকৈ অধিক নম্বৰৰ শুদ্ধ উত্তৰ লিখা বুলি দাবী কৰা আন কেইবাজনো প্ৰাৰ্থীয়েও আয়োগে বঞ্চিত কৰা বুলি ‘আমাৰ অসম’ক জানিবলৈ দিছে৷ আনকি এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল বিসংগতিৰ সন্দৰ্ভত সামাজিক মাধ্যমতো বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলোৱা দেখা গৈছে৷ লভিতা হীৰা বৰা, নন্দিতা বৰা আৰু সৌভিক দেৱ নামৰ প্ৰাৰ্থীকেইজনেও সামাজিক মাধ্যমত মুকলিকৈ এ পি এছ চিৰ বিৰুদ্ধে অনিয়মৰ গুৰুতৰ অভিযোগ আনিছে৷ কাট অৱ মাৰ্কতকৈ অধিক নম্বৰ লাভ কৰাটো নিশ্চিত বুলি দাবী কৰি প্ৰাৰম্ভিক পৰীক্ষাৰ অ’এমআৰ ফলাফল মূল্যায়নত ক’ৰবাত বিসংগতি ৰৈ যোৱাৰ সন্দেহ কৰিছে৷ আনকি কোনো নিৰ্দিষ্ট প্ৰাৰ্থীক বক্ৰ পথেৰে বাছনি কৰাৰ স্বাৰ্থতে খৰখেদাকৈ ফলাফল ঘোষণা কৰি এ পি এছ চি মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰিলে নেকি বুলিও সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে৷ ইমানেই নহয়, তাৰাপ্ৰসাদ দাসৰ আমোলত বাছনিপ্ৰাপ্ত এ চি এছ বিষয়াই এতিয়া এ পি এছ চিৰ পৰীক্ষা পৰিচালনা কৰাৰ বাবেই এনে বিসংগতি তথা অনিয়ম সংঘটিত হোৱা বুলিও বিভিন্নজনে অভিযোগ কৰা দেখা গৈছে৷ আয়োগৰ যদি সঁচাকৈয়ে সংস্কাৰ সাধন হ’ল, তেনেহ’লে প্ৰাৰ্থীৰ অ’ এম আৰ শ্বীট ৰাজহুৱা কৰিবলৈও বঞ্চিত প্ৰাৰ্থীসকলে প্ৰত্যাহ্বান জনাইছে৷ আনকি অভিযোগকাৰী প্ৰাৰ্থীসকলৰ অ’ এম আৰ শ্বীট পুনৰ মূল্যায়ন কৰি নতুনকৈ ফলাফল প্ৰকাশ নকৰিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছে বঞ্চিত প্ৰাৰ্থীয়ে৷ ইফালে, আয়োগে প্ৰকাশ কৰা সাম্ভাব্য পৰীক্ষাৰ সময়সূচীক আওকাণ কৰি দুমাহ আগতীয়াকৈ ‘মূল’ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷